প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানা গুৰুগ্ৰামৰ ছুলতানপুৰত কুণ্ডলী–মানেছৰ–পালৱাল(কেএমপি) ৱেষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে উদ্বোধন কৰে৷ তেওঁ লগতে বল্লৱগড়–মুজেছৰ সংযোগী পথ আৰু শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে এই এক্সপ্ৰেছৱে আৰু মেট্ৰ’ যোগাযোগ ব্যৱস্থাই হাৰিয়ানাৰ পৰিবহণ খণ্ডত নৱজাগৰণৰ সূচনা কৰিব৷ তেওঁ লগতে কয় যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে অঞ্চলটোৰ যুৱক–যুৱতীসকলকো প্ৰচূৰ পৰিমাণে উপকৃত কৰিব৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কেএমপি এক্সপ্ৰেছৱে প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে৷ তেওঁ কয় যে এক্সপ্ৰেছৱেটোৱে দিল্লী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰদূষণ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা পৰিৱেশ অনুকূল ভ্ৰমণৰ সমান্তৰালভাৱে লোকসকলৰ ‘জীৱন–যাপনো’ সহজ কৰি তুলিব৷

 

পৰিবহণ যোগাযোগৰ গুৰু্ত্বৰ ওপৰত জোঁৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ই হৈছে সমৃদ্ধি, সবলীকৰণ আৰু সহজলভ্যতাৰ এক মাধ্যম৷ তেওঁ কয় যে ঘাইপথ, মেট্ৰ্’ আৰু জলপথৰ পৰিৱেশ গঢ়ি তোলা হৈছে, যিবোৰে সংস্থাপনৰ সূযোগ, বিশেষকৈ সামগ্ৰী প্ৰস্তুতকৰণ, নিৰ্মাণ আৰু সেৱা খণ্ডৰ সূযোগ সৃষ্টি কৰিব৷ তেওঁ উল্লেখ কৰে যে ২০১৪ চনত প্ৰতিদিনে ১২ কিলোমিটাৰকৈ ঘাইপথ নিৰ্মাণ হোৱাৰ বিপৰীতে বৰ্তমান ২৭ কিলোমিটাৰকৈ নিৰ্মাণ হয়৷ তেওঁ কয় যে এইটোৱে কেন্দ্ৰীয় চৰকাৰে পৰিৱৰ্তনশীল ভাৰতৰ দিশত কৰা কামৰ দৃষ্টিভংগীকে প্ৰদৰ্শিত কৰিছে৷

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ যুৱক–যুৱতীসকলৰ আশা–আকাংক্ষা পূৰণ কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ প্ৰকাশ কৰে যে শ্ৰী বিশ্বকৰ্মা দক্ষ বিশ্ববিদ্যালয়ে যুৱসমাজক দক্ষ কৰি তুলি নতুন সূযোগ প্ৰদান কৰাত প্ৰধান ভূমিকা পালন কৰিব৷

প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানা চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী সফলতাৰে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়৷ তেওঁ হাৰিয়ানাৰ যুৱক–যুৱতীসকলে দেশৰ প্ৰতি আগবঢ়োৱা বৰঙণি, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰশংসা কৰে৷

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future