ই ভাৰতত ঈজ অফ ডুইং বিজনেছক উদগণি দিয়াৰ প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰয়াসৰ অংশ
পৰৱৰ্তী বাজেটৰ পূৰ্বে এই বৈঠক হৈছে উদ্যোগ জগতৰ প্ৰতিনিধিৰ পৰা ইনপুট ল'বলৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত বাৰ্তালাপ
ফাণ্ড প্ৰতিনিধিবৰ্গই প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে ই দেশত বিনিয়োগৰ পৰিৱেশক ব্যাপক হাৰত উদগণি দিয়াৰ অন্তৰালত প্ৰধান অনুপ্ৰেৰণা
'ষ্টাৰ্টআপ প্ৰাইম মিনিষ্টাৰ' আখ্যাৰে প্ৰধানমন্ত্ৰীক প্ৰশংসা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত ভেঞ্চাৰ কেপিটেল আৰু প্ৰাইভেট ইকুইটী ফাণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে এক ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে।

দেশত বিনিয়োগৰ পৰিৱেশক উদগণি দিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰয়াস কৰি আছে। যোৱা সাত বছৰত চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ক্ৰমতে এই বৈঠকৰ আয়োজন কৰা হয় আৰু ই দেখুৱাইছে যে কেনেকৈ প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী বাজেটৰ পূৰ্বে ইনপুট একত্ৰিত কৰিবলৈ উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত ঈজ অফ ডুইং বিজনেছত সংশোধন, অধিক পুঁজি আকৰ্ষণ কৰা আৰু দেশত সংশোধন প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ পৰামৰ্শ বিচাৰে। তেওঁ প্ৰতিনিধিসকলৰ পৰা পোৱা ব্যৱহাৰিক পৰামৰ্শাৱলীৰ প্ৰশংসা কৰে আৰু কয় যে চৰকাৰে সন্মুখত ৰখা বিষয়বিলাক  আৰু প্ৰত্যাহ্বানৰ সমাধান কৰাৰ দিশত কাম কৰিবলৈ সংকল্পবদ্ধ। তেওঁ আৰু অধিক সংশোধনৰ বাবে চৰকাৰৰ দ্বাৰা কৰা প্ৰয়াস, পিএম গতিশক্তিৰ দৰে পদক্ষেপৰ ভৱিষ্যতৰ সম্ভাৱনা আৰু অনাৱশ্যকীয় বোজা কম কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আলোচনা কৰে। তেওঁ ভাৰতত তৃণমূল স্তৰত হৈ থকা নৱোন্মেষণ আৰু ষ্টাৰ্টআপ ইক'ছিষ্টেমক উদগণি দিয়াৰো উল্লেখ কৰে।

 

ভেঞ্চাৰ কেপিটেল আৰু প্ৰাইভেট ইকুইটী ফাণ্ডৰ প্ৰতিনিধিসকলে প্ৰধানমন্ত্ৰীৰ নেতৃত্ব দিয়াৰ ক্ষমতাৰ প্ৰশংসা কৰে, যি দেশত বিনিয়োগৰ পৰিৱেশক ব্যাপক হাৰত উদগণি দিয়াৰ অন্তৰালত প্ৰধান অনুপ্ৰেৰণা হৈছে। দেশত ষ্টাৰ্টআপ ইক'ছিষ্টেমক উদগণি দিবলৈ কৰা পদক্ষেপৰ প্ৰশংসা কৰি, শ্ৰী সিদ্ধাৰ্থ পঈয়ে প্ৰধানমন্ত্ৰীক 'ষ্টাৰ্টআপ প্ৰধানমন্ত্ৰী' বুলি সম্বোধন কৰে।

ভেঞ্চাৰ কেপিটেল আৰু প্ৰাইভেট ইকুইটী ফাণ্ডৰ প্ৰতিনিধিসকলে দেশৰ উদ্যমশীলতা ক্ষমতাৰ বিষয়েও কথা পাতে, আৰু কেনেকৈ ইয়াৰ লাভ অৰ্জন কৰিব পাৰি যাৰ জৰিয়তে আমাৰ ষ্টাৰ্টআপবিলাক বৈশ্বিক স্তৰত পাবগৈ পাৰে। শ্ৰী প্ৰশান্ত প্ৰকাশে কৃষি ষ্টাৰ্টআপবিলাকত থকা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। শ্ৰী ৰাজন আনন্দনে পৰামৰ্শ দিয়ে যে প্ৰযুক্তিৰ সুবিধা লৈ ভাৰতক শিক্ষাৰ বৈশ্বিক কেন্দ্ৰ কৰি তোলাৰ দিশত কাম কৰিব লাগে। শ্ৰী শান্তনু নলৱাড়ীয়ে যোৱা সাত বছৰত দেশত কৰা সংশোধনবিলাক বিশেষকৈ দেউলীয়া আৰু দেউলীয়া অৱস্থা সংহিতা (আইবিচি)ৰ প্ৰতিষ্ঠাৰ পদক্ষেপৰ প্ৰশংসা কৰে। শ্ৰী অমিত ডালমিয়াই কয় যে ভাৰতে বিশ্বজুৰি ব্লেকষ্টোন (ফাণ্ড)ৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ভৌগোলিক ক্ষেত্ৰসমূহৰ অন্যতম। শ্ৰী বিপুল ৰুংগটাই আৱাস ক্ষেত্ৰত বিশেষকৈ ভাৰাঘৰক লৈ চৰকাৰৰ দ্বাৰা কৰা নীতিগত পদক্ষেপৰ প্ৰশংসা কৰে। প্ৰতিনিধিসকলে সেই সুযোগবিলাকৰ ওপৰতো আলোচনা কৰে, যি শক্তি সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতৰ আদৰ্শ জলবায়ু সংকল্পবদ্ধতাৰ বাবে উত্থান হৈছে। তেওঁ ফিনটেক আৰু বিত্তীয় প্ৰবন্ধন, এটা সেৱা হিচাপে ছফ্টৱেৰ (এছএএএছ) আদিৰ দৰে ক্ষেত্ৰসমূহৰ বিষয়েও ইনপুট দিয়ে। তেওঁ ভাৰতক ৫ ট্ৰিলিয়ন অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ ভিজনৰো প্ৰশংসা কৰে।

 

এই বাৰ্তালাপত এক্সেলৰ পৰা শ্ৰী প্ৰশান্ত প্ৰকাশ, ছেকৱায়াৰ পৰা ৰাজন আনন্দন, টিভিএছ কেপিটেলছৰ পৰা গোপাল শ্ৰীনিৱাসন, মাল্টিপ্লাছৰ পৰা ৰেণুকা ৰামনাথ, ছফ্টবেংকৰ পৰা মুনীশ বাৰ্মা, জেনেৰেল আটলাণ্টিকৰ পৰা সন্দীপ নাইক, কেদাৰ কেপিটেলৰ পৰা মনীষ কেজৰিৱাল, ক্ৰিছৰ পৰা এছলে মেনেজেছ, কোটক অল্টাৰনেট এছেটছৰ পৰা শ্ৰীনী শ্ৰীনিৱাসন, ইণ্ডিয়া ৰিছৰ্জেণ্টৰ পৰা শান্তনু নলৱাড়ী, থ্ৰীৱানফ'ৰৰ পৰা সিদ্ধাৰ্থ পঈ, আৱিষ্কাৰৰ পৰা বিনীত ৰায়, এডভেণ্টৰ পৰা শ্বেতা জালান, ব্লেকষ্টোনৰ পৰা অমিত ডালমিয়া, এইচডিএফচিৰ পৰা বিপুল ৰুংগটা, ব্ৰুকফিল্ডৰ পৰা অংকুৰ গুপ্তা, এলিভেচনৰ পৰা মুকুল অৰোৰা, প্ৰছেছৰ পৰা সহৰাজ সিংহ, গাজা কেপিটেলৰ পৰা ৰঞ্জিত শাহ, য়ৰনেষ্টৰ পৰা সুনীল গোয়েল, এনআইআইএফৰ পৰা পদ্মনাভ সিনহাই ভাগ লয়। এই সময়ত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী, বিত্ত ৰাজ্য মন্ত্ৰী, পিএমঅ' আৰু বিত্ত মন্ত্ৰালয়ৰ বিষয়াও উপস্থিত আছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists

Media Coverage

Jo khelega woh khilega, always cheer for Bharat: PM Modi meets India's CWG medallists
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the eight essential qualities that enhance a person’s life and character
August 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the eight essential qualities that brighten a person's life and build character.

The Prime Minister wrote on X;

"अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा सुशीलत्वदमौ श्रुतं च।
पराक्रमश्च बहुभाषिता च दानं यथाशक्ति कृतज्ञता च।।"

These eight qualities brighten a person's life. Wisdom shows him the right path. Good conduct keeps his character pure, and self-control keeps him disciplined. Knowledge gives him understanding, courage helps him stand firm in difficult situations, and skillful speech earns him respect in society. Giving according to one's ability and being grateful for kindness make a person complete.