আপোনালোক দেশৰ ৰাষ্ট্ৰদূত, আৰু বিশ্ব মঞ্চত জাতিৰ সন্মান বঢ়ালেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ প্ৰতিনিধিদলৰ অদম্য উৎসাহ আৰু ইচ্ছা শক্তিৰ প্ৰশংসা কৰে
খেলুৱৈসকলে প্ৰধানমন্ত্ৰীক নিৰন্তৰ পৰামৰ্শ, মনোনিৱেশ আৰু সমৰ্থনৰ বাবে ধন্যবাদ জনায়
প্রধানমন্ত্রীয়ে তেওঁৰ বাসভৱনত ভাৰতীয় পেৰালিম্পিক প্রতিনিধিদলক সংবর্ধনা জনায়

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তেওঁৰ বাসভৱনত টকিঅ' ২০২০ পেৰালিম্পিক প্রতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয় প্রতিনিধিদলক সংবর্ধনা জনাইছে। এই প্রতিনিধিদলত পেৰা এথলিটসকলৰ উপৰিও প্রশিক্ষকসকল উপস্থিত আছিল।

 

প্রধানমন্ত্রীয়ে দলটোৰ সৈতে পৰিচিত হয় আৰু কথাবাৰ্তাত যোগ দিয়ে। প্রতিযোগিতাত ৰেকর্ড ভাঙি ঐতিহাসিক ক্রীড়া দক্ষতা প্রদর্শনৰ বাবে তেওঁলোকক অভিনন্দন জনায় তেওঁ। শ্রী মোদীয়ে কয়, তেওঁলোকৰ অর্জিত এই সাফল্যই দেশৰ সমগ্র ক্রীড়া ক্ষেত্রত মনোবল উল্লেখযোগ্যভাবে বৃদ্ধি কৰিব আৰু অনাগত দিনত উদীয়মান ক্রীড়াবিদসকলক ক্রীড়া ক্ষেত্রত আগবাঢ়ি অহাত উৎসাহ যোগাব।

প্রধানমন্ত্রীয়ে এই প্রতিনিধিদলৰ অদম্য উৎসাহ আৰু ইচ্ছাশক্তিৰ উচ্ছ্বসিত প্রশংসা কৰে। তেওঁ কয়, পেৰা এথলিটসকলে জীৱনত নানা প্রতিকূলতাৰ মাজতো অদম্য ইচ্ছাশক্তিৰ জোৰত প্রশংসনীয় ক্রীড়া দক্ষতাৰ পৰিচয় দিছে। যিসকলে এই প্রতিযোগিতাত সাফল্য অর্জন কৰিব পৰা নাই, তেওঁলোকৰ মনোবল বঢ়াই প্রধানমন্ত্রীয়ে কয়, এজন প্ৰকৃত ক্রীড়াবিদ কেতিয়াও পৰাজয় বা জয়ত হতাশ নহয়, কেৱল আগবাঢ়ি যায়। তেওঁ কয়, এই পেৰা এথলিটসকল হ'ল দেশৰ ৰাষ্ট্ৰদূত। তেওঁলোকে তেওঁলোকৰ অসাধাৰণ ক্রীড়া দক্ষতাৰ মাধ্যমত বিশ্ব মঞ্চত দেশৰ মর্যাদা বৃদ্ধি কৰিছে।

প্রধানমন্ত্রীয়ে কয়, ‘তপস্যা, পৌৰুষত্ব আৰু পৰাক্রম’ – ইয়াৰ মাধ্যমত পেৰা এথলিটসকলে তেওঁলোকৰ প্রতি সাধাৰণ মানুহৰ দৃষ্টিভঙ্গীত পৰিবর্তন লৈ আহিছে। তেওঁ কয়, আজাদি কা অমৃত মহোৎসৱ উদযাপনৰ সময়ত তেওঁলোকৰ খেলাধূলা জগতৰ বাহিৰত বিভিন্ন বিষয়ত পৰিচিত কৰোৱা উচিত আৰু তেওঁলোকে কেনেকৈ মানুহক অনুপ্রাণিত কৰিব পাৰে আৰু পৰিবর্তন অনাত সহায় কৰিব পাৰে – সেয়া অনুসন্ধান কৰা দৰকাৰ।

তেওঁলোকক আমন্ত্রণ জনোৱাৰ বাবে প্রধানমন্ত্রীক পেৰা এথলিটসকলে ধন্যবাদ জনায় আৰু তেওঁলোকে কয় যে, একেখন টেবুলত প্রধানমন্ত্রীৰ সৈতে বহা এক বিৰাট সাফল্যৰ কথা। নিৰন্তৰ পৰামর্শদান, অনুপ্রেৰণা আৰু সহায়ৰ বাবে তেওঁলোকে প্রধানমন্ত্রীক ধন্যবাদ জনায়। পেৰা এথলিটসকলে কয়, সাফল্য অর্জনৰ পিছত প্রধানমন্ত্রীৰ ফালৰ পৰা অভিনন্দনমূলক ফোনকল আহিছে। অন্যান্য দেশৰ ক্রীড়াবিদসকলৰ সন্মুখত এই ধৰণৰ শুভেচ্ছা অহাটো এক গর্বৰ বিষয়। চৰকাৰে তেওঁলোকৰ প্রশিক্ষণৰ বাবে সর্বোত্তম ব্যবস্থা কৰি দিয়াৰ ক্ষেত্রত কোনো ধৰণৰ অবকাশ ৰখা নাই বুলিও তেওঁলোকে জনায়।

কেইবাজনো খেলুৱৈয়ে তেওঁলোকৰ স্বাক্ষৰিত ক্রীড়া সৰঞ্জাম প্রধানমন্ত্রীৰ হাতত উপহাৰস্বৰূপে তুলি দিয়ে। সমস্ত পদকজয়ীসকলে স্বাক্ষৰ কৰা এখন উত্তৰীয় প্রধানমন্ত্রীক উপহাৰ দিয়া হয়। শ্রী মোদীয়ে কয়, তেওঁলোকে উপহাৰস্বৰূপে দিয়া এই ক্রীড়া সৰঞ্জামসমূহ নিলাম কৰা হ'ব। অনুষ্ঠানত কেন্দ্রীয় ক্রীড়া মন্ত্রী আৰু কেন্দ্রীয় আইন মন্ত্রী উপস্থিত আছিল।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government