প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘেঁহু যোগান, মজুত আৰু ৰপ্তানিৰ বিভিন্ন দিশ পৰ্য্যালোচনাৰ অৰ্থে এখনি বৈঠকত পৌৰহিত্য কৰে।

প্ৰধানমন্ত্ৰীক বিষয়ৰাজি সন্দৰ্ভত বিতংকৈ অৱগত কৰা হয়। ২০২২ ৰ মাৰ্চ-এপ্ৰিল মাহত শস্য উৎপাদনৰ ক্ষেত্ৰত উচ্চ তাপমাত্ৰাৰ প্ৰভাৱ সম্পৰ্কে তেখেতক জনোৱা যায়। ঘেঁহু ক্ৰয় আৰু ৰপ্তানিৰ স্থিতি সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়।

ভাৰতৰ কৃষিজাত সামগ্ৰীৰ বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক খাদ্যশস্য আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে পৰিগণিত কৰিবলৈ গুণগত মান আৰু মানদণ্ড নিশ্চিতকৰণৰ অৰ্থে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশনা আগবঢ়ায়। তেখেতে বিষয়াসকলক কৃষকসকলক সৰ্বাধিক সহায় আগবঢ়োৱাটো নিশ্চিত কৰিবলৈয়ো কয়। প্ৰধানমন্ত্ৰীক চলিত বজাৰ দৰ সম্পৰ্কেও অৱগত কৰা হয় যি হৈছে কৃষকসকলৰ বাবে লাভজনক।

বৈঠকখনিত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, উপদেষ্টা, কেবিনেট সচিব, খাদ্য আৰু পিডিএছ আৰু কৃষি বিভাগৰ সচিবসকল উপস্থিত থাকে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi