প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ হৰ্ষিলত ভাৰতীয় সৈন্যবাহিনীৰ সৈতে দিপাৱলী উদযাপন কৰে৷

এই উত্সৱ উপলক্ষে সৈন্যবাহিনীক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা প্ৰদান কৰি কয় যে সুউচ্চ বৰফৰ মাজত সৈন্যবাহিনীয়ে যি নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰি আছে সেয়াই ৰাষ্ট্ৰৰ শক্তি বৃদ্ধি কৰিব, ভৱিষ্যতক সুৰক্ষা প্ৰদান কৰিব আৰু ১২৫ কোটি ভাৰতীয়ৰ সপোন পূৰণ কৰিব৷ তেওঁ কয় যে দিপাৱলী পোহৰৰ উত্সৱ; ই ঈশ্বৰৰ প্ৰকাশ বিয়পায় আৰু ভয় দূৰ কৰে৷ তেওঁ কয় যে সৈন্যসকলে নিজৰ প্ৰতিশ্ৰুতি তথা নিয়মানুৱৰ্তিতাৰ সৈতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ মনৰ পৰা ভয়ো দূৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে দিপাৱলীৰ সময়ত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা দিনৰে পৰা সৈন্যবাহিনীৰ সৈতে দিপাৱলী পালন কৰি অহাৰ কথা সোঁৱৰণ কৰে৷ তাৰোপৰি তেওঁ যোৱা বছৰ কৈলাশ মানস সৰোবৰৰ যাত্ৰাৰ সময়ত আইটিবিপিৰ সৈন্যবাহিনীসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে প্ৰতিৰক্ষা ক্ষেত্ৰত এক কঠোৰ অৱস্থানত অৱতীৰ্ণ হৈছে৷ তেওঁ অৱসৰ লাভ কৰা চাকৰিয়ালৰ বাবে বিভিন্ন পদক্ষেপ যেনে অ’আৰঅ’পি (ৱান ৰেংক, ৱান পেঞ্চন) গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে সমগ্ৰ বিশ্বকে ধৰি ৰাষ্ট্ৰসংঘৰ শান্তিস্থাপন কাৰ্যসূচীতো নিজৰ অৱদান আগবঢ়াইছে৷

প্ৰধানমন্ত্ৰীয়ে সৈন্যবাহিনীসকলৰ মাজত মিঠাই বিতৰণ কৰে৷ তাৰোপৰি তেওঁ পাৰ্শ্বৱতী এলেকাৰ জনসাধাৰণকো দিপাৱলীৰ শুভেচ্ছা জনায়৷

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance