PM arrives at Tekanpur, attends Conference of DGsP and IGsP

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিপি আৰু আইজিপিৰ এক সন্মিলনৰ বাবে মধ্য প্ৰদেশৰ টেকানপুৰস্থিত বিএছএফ একাডেমীত উপস্থিত হয়৷

সন্মিলনত নিৰাপত্তা বিষয়ক দৰকাৰী আলোচনাৰ লগতে বিভিন্ন প্ৰেজেণ্টেচন দাঙি ধৰা হয়৷ বিগত তিনিবছৰত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কিধৰণে ৰূপায়ন কৰা হৈছে, সেই সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰেজেণ্টেচনো ইয়াত উপস্থাপন কৰা হয়৷

আহাৰ গ্ৰহণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কেইগৰাকীমান নিৰ্বাচিত বিষয়াৰ সৈতে নিৰাপত্তা আৰু আৰক্ষী বিষয়ক নিৰ্দিষ্ট দিশক লৈ আলোচনা কৰে৷ প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ ৯ ঘণ্টাৰো অধিক সময় ধৰি চলে৷

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰীয়ে এখন ফলক মুকলি কৰি বিএছএফ একাডেমীৰ ৫টা নতুন গৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

আলোচনাপৰ্ব কাইলৈকে অব্যাহত থাকিব৷ প্ৰধানমন্ত্ৰীয়ে দিল্লী উভতাৰ পূৰ্বে এই সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman

Media Coverage

21% YoY rise in engineering exports in June shows sector's resilience amid global challenges: EEPC India Chairman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জুলাই 2026
July 14, 2026

From Local Fields to Global Recognition: PM Modi’s ‘Vocal for Local’ is Now Delivering Real Global Respect