PM Narendra Modi addresses the National Youth Day in Greater Noida via video conferencing
Our ISRO scientists have made us proud yet again, ISRO today created a century in satellite launching: PM
Our strides in space will help our citizens & enhance our development journey, says PM Modi
People say today's youth don't have patience, in a way this factor becomes a reason behind their innovation: PM
I had called for organising mock parliaments in our districts, such mock parliaments will further the spirit of discussion among our youth, says the PM
Swami Vivekananda emphasized on brotherhood. He believed that our wellbeing lies in the development of India: PM
Some people are trying to divide the nation and the youth of this country are giving a fitting answer to such elements. Our youth will never be misled: PM Modi
India has been home to several saints, seers who have served society and reformed it: PM Modi
‘Seva Bhaav’ is a part of our culture. All over India, there are several individuals and organisations selflessly serving society: PM

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লয়৷

গ্ৰেটাৰ নয়দাস্থিত গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পিএছএলভি-চি৪০ৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দনেৰে ভাষণ আৰম্ভ কৰে৷ মহাকাশ ক্ষেত্ৰত আমাৰ প্ৰগতিয়ে দেশৰ নাগৰিকক উপকৃত কৰিব আৰু উন্নয়নৰ যাত্ৰাক উদগণি যোগাব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

২০১৭ৰ ডিচেম্বৰৰ ‘মন কি বাত’ অনুষ্ঠানত তেওঁ জিলাসমূহত ‘ম’ক পাৰ্লিয়ামেণ্ট’ আয়োজনৰ প্ৰসংগ উত্থাপন কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷ এইধৰণৰ ম’ক পাৰ্লিয়ামেণ্টে আমাৰ যুৱ প্ৰজন্মৰ মাজত আলোচনা কৰাৰ উদ্যম বৃদ্ধি কৰিব বুলি তেওঁ কয়৷ প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ১৯৪৭ চনৰ পাছত জন্ম গ্ৰহণ কৰা বাবে আমি স্বাধীনতা সংগ্ৰামত ভাগ লোৱাৰ সৌভাগ্য অৰ্জন নকৰিলো৷ কিন্তু আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সাৰ্থক কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিছো৷ আমি এনেকুৱা এখন ভাৰতবৰ্ষ গঢ় দিব লাগিব, যাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে সপোন দেখিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি দেশৰ যুৱ প্ৰজন্মক চাকৰি সৃষ্টিকাৰী হিচাপে গঢ়িব বিচাৰো৷ তেওঁলোক তৰুণ হোৱাৰ লগতে উদ্ভাৱনী শক্তিৰ অধিকাৰী হ’ব লাগিব। প্ৰধানমন্ত্ৰীয়ে মন কৰিছে যে কিছুমান মানুহে আজিৰ যুৱ প্ৰজন্মৰ ধৈৰ্য আৰু সহনশীলতা গুণ নাই বুলি কয়৷ কিন্তু তেওঁ অনুভৱ কৰে যে ইয়ে আমাৰ যুৱ-প্ৰজন্মৰ উদ্ভাৱনী শক্তিক জাগ্ৰত কৰে৷  ইয়ে আমাৰ যু প্ৰজন্মক অভিনৱ ধৰণে চিন্তা কৰি নতুন উদ্ভাৱন কৌশল সৃষ্টিত সক্ষম কৰি তুলে৷ ক্ৰীড়াক জীৱনৰ এক অংশ কৰি ল’বলৈ   প্ৰধানমন্ত্ৰীয়ে দেশৰ নতুন প্ৰজন্মক আহ্বান জনায়৷

কৰ্ণাটকৰ বেলাগাভীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ দিৱস আৰু সৰ্ব ধৰ্ম সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামী বিবেকানন্দই ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব দিছিল৷ তেওঁ বিশ্বাস কৰিছিল যে আমাৰ কল্যাণ ভাৰতৰ বিকাশৰ ওপৰত নিৰ্ভৰশীল৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বৰ পশ্চিম প্ৰান্তত ভাৰতৰ বিৰুদ্ধে থকা বিভিন্ন অপপ্ৰচাৰ স্বামী বিবেকানন্দই ভূল প্ৰমাণিত কৰিছিল৷ সামাজিক ব্যাধিৰ বিৰুদ্ধেও তেওঁ মাত মাতিছিল৷

কিছুমান ব্যক্তিয়ে দেশখন বিভাজন কৰাৰ অপচেষ্টাত ব্যস্ত আছে আৰু আমাৰ যুৱ প্ৰজন্মই তেনে শক্তিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ আমাৰ যুৱ প্ৰজন্ম কেতিয়াও বিপথে পৰিচালিত নহয়৷ তেওঁ পুনৰ কয় যে ভাৰতৰ যুৱ প্ৰজন্ময়ে স্বচ্চ ভাৰত অভিযানক সফল কৰি তুলিছে৷ সমাজৰ হৈ সেৱা আগবঢ়োৱা কেইবাগৰাকীও সাধু-সন্তৰ গৃহভূমি ভাৰতবৰ্ষ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সেৱা ভৱ আমাৰ সংস্কৃতিৰ এক অংশ৷ সমগ্ৰ দেশত কেইবাটাও সংগঠন আৰু যথেষ্টসংখ্যক ব্যক্তিয়ে নিস্বাৰ্থভাৱে সমাজৰ হৈ সেৱা আগবঢ়াই আহিছে৷ ৰাজহুৱা স্থানত শৌচমুক্ত দেশ হিচাপে ভাৰতক গঢ়ি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়৷

Click here to read PM's speech at Gautam Buddha University in Noida

Click here to read PM's speech at Belagavi 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
OECD pegs India GDP growth at 7.6 per cent for 2025-26

Media Coverage

OECD pegs India GDP growth at 7.6 per cent for 2025-26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal
March 27, 2026

The Prime Minister, Shri Narendra Modi congratulated Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal. “Your appointment reflects the trust reposed in your leadership by the people of Nepal. I look forward to working closely with you to take India-Nepal friendship and cooperation to even greater heights for the mutual benefit of our two peoples”, Shri Modi said.

The Prime Minister posted on X:

“Warm congratulations to Mr. Balendra Shah on being sworn in as the Prime Minister of Nepal.

Your appointment reflects the trust reposed in your leadership by the people of Nepal. I look forward to working closely with you to take India-Nepal friendship and cooperation to even greater heights for the mutual benefit of our two peoples.”

@ShahBalen