PM Modi interacts with about 160 young IAS officers of the 2017 batch, who have recently been appointed Assistant Secretaries in the Government of India
PM Modi encourages IAS officers to bring in a new vision, new ideas and new approaches to solving problems
Approach the tasks assigned with a fresh and "citizen-centric perspective": PM to IAS Officers

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৭বৰ্ষৰ প্ৰায় ১৬০ গৰাকী যুৱ আইএএছ বিষয়াৰ সৈতে মত–বিনিময় কৰে৷ শেহতীয়াকৈ তেওঁলোকে ভাৰতৰ চৰকাৰৰ সহযোগী সচিব হিচাপে কৰ্মক্ষেত্ৰত যোগ দিছে৷

মছোৰীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত যুৱ বিষয়াসকলক সাক্ষাতৰ কথা প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে৷

মত–বিনিময়ত বিষয়াসকলে ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণত লাভ কৰা বিভিন্ন অভিজ্ঞতা প্ৰধানমন্ত্ৰীৰ সন্মুখত বৰ্ণনা কৰে৷ আকাংক্ষিত জিলাত কৰ্মৰত বিষয়াসকলে উল্লেখ কৰে কিদৰে চৰকাৰৰ শেহতীয়া আঁচনিসমূহ এই জিলাসমূহত প্ৰাথমিক স্তৰত ৰূপায়ন  কৰি থকা হৈছে৷

বিষয়াসকলৰ বাবে অনাগত তিনিমাহ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিগৰাকী বিষয়াই এই সময়ছোৱাত নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰৰ সুযোগ লাভ কৰিব৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সমস্যা সমাধানৰ ক্ষেত্ৰত বিষয়াসকলে নতুন দৃষ্টি, নতুন ধাৰণা আৰু নতুন প্ৰয়াসৰ সৈতে কাম কৰা উচিত৷

তেওঁ কয় যে যুৱ বিষয়াসকলে নাগৰিক–কেন্দ্ৰিক দৃষ্টিকোণেৰে সমস্যাসমূহ সমাধান কৰিব লাগে৷

দিল্লীত কৰা কামৰ সৈতে তেওঁলোকে ক্ষেত্ৰভিত্তিক পৰ্যায়ত লাভ কৰা অভিজ্ঞতাক সংযুক্ত কৰা উচিত বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয় তথা ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগৰ জেষ্ঠ বিষয়ায়সকল অনুষ্ঠনত উপস্থিত আছিল৷

ভাৰতৰ অসামৰিক সেৱাৰ পিতৃস্বৰূপ ছৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন আৰু খ্যাতি প্ৰতিফলিত হোৱা এখন দৃশ্য–শ্ৰব্য চলচ্চিত্ৰও অনুষ্ঠানত প্ৰদৰ্শন কৰা হ’ব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 এপ্ৰিল 2026
April 26, 2026

One Radio Address, Many Milestones: PM Modi Links Clean Energy, Culture & Citizen Power in Mann Ki Baat

Citizens Celeberate Clean Skies, Maritime Might & Defence Milestones: How PM Modi is Scripting India’s Infrastructure Success Story