প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰ্তুগালৰ প্ৰধানমন্ত্ৰী মিঃ এন্তোনিঅ’ লুইছ ছান্তোছ ডি’ক’ষ্টাৰ সৈতে টেলিফোনযোগে এক বাৰ্তালাপত মিলিত হয়।

দুয়োগৰাকী নেতাই নিজ নিজ দেশত ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিক লৈ পৰ্যালোচনা কৰে। এই মহামাৰী নিৰ্মূল কৰাৰ ক্ষেত্ৰত ক্ষীপ্ৰ, সমমানভাৱে টীকা প্ৰদানৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে।

শ্ৰী মোদীয়ে পৰ্তুগীজ প্ৰধানমন্ত্ৰী ডি’ক’ষ্টাক ভাৰতৰ টীকাকৰণ কাৰ্যসূচী আৰু ৭০ খন দেশলৈ টীকা প্ৰেৰণৰ বিষয়ক লৈ বিস্তাৰিতভাৱে অৱগত কৰে। নিজৰ ক্ষমতা অনুসৰি বিভিন্ন দেশক টীকাকৰণ কাৰ্যসূচীত ভাৰতক সহায় কৰিব বুলি তেওঁ আশ্বাস দিয়ে।

উভয় নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু বিগত কেবাবছৰ ধৰি ভাৰত আৰু পৰ্তুগালৰ অংশীদাৰীত্বত ইতিবাচক প্ৰভাৱৰ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে।

আগন্তুক মে’ মাহত পোৰ্টো-টে পৰ্তুগালৰ সভাপতিত্বত ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতৃবৃন্দৰ বৈঠকৰ প্ৰস্তুতিক লৈও উভয় নেতাই  আলোচনা কৰে। উল্লেখ্য যে এয়াই ভাৰত-ইউৰোপীয় ইউনিয়ন নেতৃবৃন্দৰ মাজৰ প্ৰথমখন বৈঠক। ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ কৌশলগত অংশীদাৰীত্বক দৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডিক’ষ্টাৰ ভূমিকাক উচ্চ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় পোৰ্টো-টেত তেওঁক সাক্ষাৎৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Eisob cholbe na': PM Modi says TMC has become carbon copy of Left in Murshidabad rally

Media Coverage

'Eisob cholbe na': PM Modi says TMC has become carbon copy of Left in Murshidabad rally
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses deep concern over hospitalization of Asha Bhosle Ji
April 12, 2026
PM prays for her good health and speedy recovery

Prime Minister Shri Narendra Modi today expressed deep concern upon hearing that Asha Bhosle Ji has been admitted to the hospital.

The Prime Minister stated that he is praying for her good health and a speedy recovery.

The Prime Minister wrote on X:

"Deeply concerned to hear that Asha Bhosle Ji has been admitted to hospital. Praying for her good health and a speedy recovery."