প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পোলেণ্ডৰ ৰাষ্ট্রপতি শ্ৰীযুত আন্দ্ৰেজেজ ডুডাৰ সৈতে টেলিফোনযোগে কথা পাতে৷

ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই অনাৰ ক্ষেত্রত পোলেণ্ডৰ সহযোগিতা আৰু ভিছা অবিহনে ভাৰতীয় নাগৰিকসকলক পোলেণ্ডত প্রৱেশৰ সুযোগ কৰি দিয়াত প্রধানমন্ত্রী, ৰাষ্ট্রপতি ডুডাক ধন্যবাদ জনায়৷ এই কঠিন পৰিস্থিতিত পোলিচ জনসাধাৰণে যিদৰে ভাৰতীয় নাগৰিকসকলক উষ্ণ অভ্যর্থনা জনায়, তাৰবাবে তেওঁ পোলেণ্ডবাসীক প্রশংসা কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে এই প্রসংগত উভয় দেশৰ মাজত দীর্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্কৰ কথা উল্লেখ কৰে৷ গুজৰাটত ২০০১ চনত ভূমিকম্পৰ পাছত পোলেণ্ডৰ সাহায্য আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ সময় বহু পোলিচ পৰিয়াল আৰু অনাথ শিশুসকলক জামনগৰৰ মহাৰাজে কৰা সহায়ৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

ৰাষ্ট্ৰপতি ডুডাক প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁৰ বিশেষ দূত হিচাপে কেন্দ্রীয় পথ পৰিবহণ, ঘাইপথ আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ ৰাজ্যিক মন্ত্রী জেনেৰেল ড০ ভি কে সিং (অৱসৰপ্রাপ্ত)ক পোলেণ্ডলৈ প্ৰেৰণ কৰা হৈছে৷ ডং সিঙে অনাগত কেইটামান দিনত ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তদাৰক কৰিব৷

সংঘাত পৰিহাৰ কৰি কূটনৈতিক আলোচনাৰ মাজেৰে সমস্যা সমাধান কৰাৰ বাবে ভাৰতৰ আহ্বানৰ কথাও প্রধানমন্ত্রীয়ে পুনৰবাৰ উল্লেখ কৰে৷ তেওঁ প্রতিখন ৰাষ্ট্রৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বক শ্রদ্ধা জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 আগষ্ট 2026
August 31, 2026

New India, One Time, One Direction: Growth at Home, Stature Abroad Under PM Modi