প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছৰ মহামহিম ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰৰ সৈতে টেলিফোনৰে বাৰ্তালাপত মিলিত হয়।

ফিলিপাইনছৰ সপ্তদশ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা বাবে মহামহিম মাৰ্কোছ জুনিয়ৰক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনায়।

দুয়োগৰাকী নেতাই বিভিন্ন ক্ষেত্ৰত গঢ়ি উঠা দ্বিপাক্ষিক সম্পৰ্কৰ সমীক্ষা কৰাৰ লগতে শেহতীয়া বছৰদিয়েকত দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্ৰুত গতিত বৃদ্ধি পোৱা সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ আৰু ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগী’ৰ ক্ষেত্ৰত ফিলিপাইনছে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা প্ৰধানমন্ত্ৰীয়ে দোহৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ আৰু অধিক সম্প্ৰসাৰণৰ পোষকতা কৰে।

প্ৰধানমন্ত্ৰীয়ে ফিলিপাইনছৰ উন্নয়ণৰ লক্ষ্যৰে ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছ জুনিয়ৰে গ্ৰহণ কৰিব খোজা পৰিকল্পনা-প্ৰকল্পসমূহলৈ ভাৰতে সম্পৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi