‘ম্যে ভি চৌকিদাৰ’ বিপ্লৱৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানত ব্যাপক সঁহাৰি জনাইছে ইণ্টাৰনেটৰ অনুৰাগীসকলে৷ শনিবাৰে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ‘ম্যে ভি চৌকিদাৰ’ৰ প্ৰতিশ্ৰুতি গ্ৰহণৰ বাবে আহ্বান জনোৱাৰ অতি কম সময়ৰ ভিতৰতে এই বিপ্লৱত লাখ লাখ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ #ম্যে ভি চৌকিদাৰ বৰ্তমান টুইটাৰত বিশ্বৰ সৰ্বাধিক চৰ্চিত বিষয় হৈ পৰিছে৷
‘নৰেন্দ্ৰ মোদী এপ’ৰ জৰিয়তে শুভাৰম্ভ কৰা ‘ম্যে ভি চৌকিদাৰ’ মাপাংকৰ জৰিয়তে ব্যক্তিসকলে প্ৰধানমন্ত্ৰীৰ ফটোৰ সৈতে তেওঁলোকৰ ফটো আপলোড কৰাৰ লগতে প্ৰতিশ্ৰুতি গ্ৰহণ কৰিব পাৰে৷ হাজাৰ হাজাৰ লোকে নমো এপৰ জৰিয়তে প্ৰতিশ্ৰুতি গ্ৰহণ কৰি ইয়াৰ প্ৰতি ব্যাপক সমৰ্থন আগবঢ়াইছে আৰু ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে৷
আপুনি #ম্যে ভি চৌকিদাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিলেনে?


