প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ মাজতে পাৰ্টনাৰশ্বিপ ফৰ গ্ল’বেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট (পিজিআইআই) আৰু ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (আইএমইচি)ৰ ওপৰত এক বিশেষ অনুষ্ঠানৰ সহ-অধ্যক্ষতা কৰে।

আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক বিনিয়োগ মুকলি কৰা আৰু ভাৰত, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ মাজত সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।ইউৰোপীয় সংঘ, ফ্ৰান্স, জাৰ্মানী, ইটালী, মৰিচাছ, ইউ এ ই আৰু ছৌদি আৰবৰ লগতে বিশ্ব বেংকৰ নেতাসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উন্নয়নশীল দেশসমূহৰ আন্তঃগাঁথনিৰ ব্যৱধান হ্ৰাস কৰাৰ লগতে বিশ্বজুৰি এছডিজিসমূহৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ দিশত সহায় কৰাৰ লক্ষ্যৰে পিজিআইআই হৈছে এক উন্নয়নমূলক পদক্ষেপ।

ভাৰতক উপসাগৰীয় অঞ্চলৰ সৈতে সংযোগ কৰা পূব কৰিডৰ আৰু উপসাগৰীয় অঞ্চলক ইউৰোপৰ সৈতে সংযোগ কৰা উত্তৰ কৰিডৰেৰে আইএমইচি গঠিত। ইয়াত ৰে’ল আৰু জাহাজ-ৰেল ট্ৰেনজিট নেটৱৰ্ক আৰু পথ পৰিবহণ পথ অন্তৰ্ভুক্ত কৰা হ’ব।

ভাষণত প্ৰধানমন্ত্ৰীয়ে ভৌতিক, ডিজিটেল আৰু বিত্তীয় সংযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে আই এম ই চিয়ে ভাৰত আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক সংহতিৰ প্ৰসাৰত সহায় কৰিব। ভাৰত, আমেৰিকা, চৌদি আৰব, ইউ এ ই, ইউৰোপীয় সংঘ, ইটালী, ফ্ৰান্স আৰু জাৰ্মানীয়ে আই এম ই চিৰ ওপৰত এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

 

Click here to see Project-Gateway-multilateral-MOU

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO

Media Coverage

Indias wind turbine exports jumped 50% in FY26, further growth expected: IWTMA CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 ছেপ্টেম্বৰ 2026
September 09, 2026

Viksit Bharat Express: How PM Modi’s Reforms Are Supercharging India’s Economy and Infrastructure