আপোনাক লগ পাই বৰ ভাল লাগিছে আৰু মই সদায় অনুভৱ কৰোঁ যে আপোনাক লগ পোৱা মুহূৰ্তসমূহ স্মৰণীয় হৈ উঠে। আমি বহু কথা পতাৰ সুযোগ পাওঁ।

 

আমি অহৰহভাৱে যোগাযোগ অব্যাহত ৰাখিছোঁ। নিয়মীয়াকৈ দুয়োপক্ষৰ মাজত বহু উচ্চ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হৈ আহিছে। চলিত বৰ্ষৰ ডিচেম্বৰত আমাৰ ২৩ সংখ্যক সন্মিলনৰ বাবে ১৪০ কোটি ভাৰতীয়ই আগ্ৰহেৰে অপেক্ষা কৰি আছে।

 

মহামহিম,

 

এয়া আমাৰ বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ গভীৰতা আৰু বিস্তৃতিৰ প্ৰতিফলন। অতি কঠিন পৰিস্থিতিতো ভাৰত আৰু ৰাছিয়াই সদায় হাতত হাত ধৰি থিয় দি আহিছে। আমাৰ ঘনিষ্ঠ সহযোগিতা কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবেই নহয়, বৰঞ্চ বিশ্ব শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ বাবেও গুৰুত্বপূৰ্ণ।

 

মহামহিম,

 

ইউক্ৰেইনত অব্যাহত সংঘাতৰ বিষয়ে আমি অহৰহ আলোচনা কৰি আহিছোঁ। শেহতীয়া সকলো শান্তি প্ৰচেষ্টাক আমি আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ যে সকলো পক্ষই গঠনমূলকভাৱে আগবাঢ়ি যাব। অতি সোনকালে সংঘাতৰ অন্ত পেলাবলৈ আৰু স্থায়ী শান্তি প্ৰতিষ্ঠাৰ উপায় বিচাৰি উলিয়াব লাগিব। এয়াই সমগ্ৰ মানৱ জাতিৰ আহ্বান।

 

মহামহিম,

 

আকৌ এবাৰ আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুন 2026
June 20, 2026

Appreciation for PM Modi’s Vision of Vikas and Virasat for a Viksit Bharat