৩০ লাখৰো অধিক অংশগ্ৰহণকাৰীৰ পৰা মেধাৰ ভিত্তিত বহুতৰপীয়া নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত ৩০০০ যুৱ নেতাৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
ভাৰতৰ কিছুমান অতি জৰুৰী প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধান প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰিবলৈ যুৱ নেতাসকলে
ভাৰতৰ কিছুমান অতি জৰুৰী প্ৰত্যাহ্বান মোকাবিলা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ সন্মুখত যুৱ নেতাসকলে উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধান দাঙি ধৰিব

স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১২ জানুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ সময়ত তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গৰাকী যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সমাৱেশত ভাষণো প্ৰদান কৰিব।

গতানুগতিক ৰূপত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আয়োজন কৰি অহাৰ ২৫ বছৰীয়া পৰম্পৰাৰ পৰা ফালৰি কাটি এইবাৰ এক ব্যতিক্ৰমী ৰূপত আয়োজনৰ প্ৰচেষ্টা চলিছে এই বিকশিত ভাৰত যুৱ নেতা আলোচনা অনুষ্ঠানৰ। এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ আহ্বানৰ সৈতে সামঞ্জস্য ৰাখি, ৰাজনৈতিক সংযোগৰ পৰা মুক্ত কৰি, ১ লাখ যুৱক-যুৱতীক ৰাজনীতিত জড়িত কৰা, আৰু তেওঁলোকক বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ ধাৰণাক বাস্তৱত পৰিণত কৰাৰ বাবে এক ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰা। ৰাষ্ট্ৰীয় যুৱ দিৱসত প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ভৱিষ্যত নেতাসকলক অনুপ্ৰাণিত কৰা, প্ৰেৰণা দিয়া, আৰু সবলীকৰণৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ অংশ হিচাপে উদ্ভাৱনীয় সত্ত্বাৰে ভৰপূৰ যুৱ নেতাসকলে ভাৰতৰ উন্নয়নৰ বাবে অপৰিহাৰ্য মূল বিষয়ভিত্তিক ক্ষেত্ৰসমূহৰ ওপৰত দহটা পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন প্ৰদৰ্শনো কৰিব। এই প্ৰেজেণ্টেশ্যনসমূহত দেশৰ কিছুমান জৰুৰী প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ যুৱক-যুৱতীসকলে উত্থাপন কৰা সৃষ্টিশীল ধাৰণা আৰু সমাধানসমূহ প্ৰদৰ্শন কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে দহটা বিষয়বস্তুৰ ওপৰত অংশগ্ৰহণকাৰীসকলে লিখা শ্ৰেষ্ঠ ৰচনাৰ সংকলনও প্ৰকাশ কৰিব। এই বিষয়বস্তুসমূহে প্ৰযুক্তি, বহনক্ষমতা, মহিলা সবলীকৰণ, উৎপাদন, আৰু কৃষিকে ধৰি বহুতো ক্ষেত্ৰ সামৰি লয়।

এক অনন্য পৰিৱেশত প্ৰধানমন্ত্ৰীয়ে যুৱ নেতাসকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব, তেওঁলোকক তেওঁলোকৰ ধাৰণা, অভিজ্ঞতা, আকাংক্ষাসমূহ তেওঁৰ সৈতে প্ৰত্যক্ষভাৱে ভাগ-বতৰা কৰাৰ সুযোগ প্ৰদান কৰিব। এই ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়াই শাসন আৰু যুৱ আকাংক্ষাৰ মাজৰ ব্যৱধান দূৰ কৰিব, অংশগ্ৰহণকাৰীসকলৰ মাজত মালিকীস্বত্ব আৰু দায়বদ্ধতাৰ এক শক্তিশালী ভাৱনা গঢ়ি তুলিব।

১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই সংলাপত যুৱ নেতাসকলে প্ৰতিযোগিতা, কাৰ্যসূচী, আৰু সাংস্কৃতিক আৰু বিষয়ভিত্তিক উপস্থাপনত জড়িত হ’ব। ইয়াৰ উপৰিও বিভিন্ন বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ব, যাৰ নেতৃত্বত গুৰু আৰু ডমেইন বিশেষজ্ঞ। ইয়াৰ উপৰিও এই অনুষ্ঠানত ভাৰতৰ কলাত্মক ঐতিহ্যক উদযাপন কৰা সাংস্কৃতিক পৰিবেশন প্ৰদৰ্শন কৰা হ’ব আৰু লগতে ভাৰতৰ আধুনিক উন্নতিৰ ওপৰত আলোকপাত কৰা হ’ব।

সৰ্বাধিক অনুপ্ৰাণিত আৰু গতিশীল যুৱ কণ্ঠক চিনাক্ত আৰু প্ৰদৰ্শনৰ লক্ষ্যৰে নিখুঁতভাৱে পৰিকল্পিত, যোগ্যতাভিত্তিক বহুস্তৰীয় বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাত অংশগ্ৰহণৰ বাবে সমগ্ৰ দেশৰ পৰা মুঠ ৩ হাজাৰ যুৱক-যুৱতীক নিৰ্বাচিত কৰা হৈছে। এই প্ৰক্ৰিয়াটো তিনিটা পৰ্যায়ত গঠিত আছিল, অংশগ্ৰহণকাৰীসকলৰ বয়স ১৫ৰ পৰা ২৯ বছৰলৈকে আছিল। প্ৰথম পৰ্যায়ত বিকশিত ভাৰত কুইজ ১২টা ভাষাত অনুষ্ঠিত হৈছিল, য’ত সকলো ৰাজ্যৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰিছিল, য’ত প্ৰায় ৩০ লাখ যুৱ মনে অংশগ্ৰহণ কৰিছিল। কুইজত যোগ্যতা অৰ্জন কৰাসকলে দ্বিতীয় পৰ্যায়, ৰচনা ৰাউণ্ডলৈ আগবাঢ়ি যায়, য'ত তেওঁলোকে "বিকশিত ভাৰত"ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে অতি প্ৰয়োজনীয় দহটা সমালোচনাত্মক বিষয়বস্তুৰ ওপৰত নিজৰ ধাৰণা প্ৰকাশ কৰে। এই পৰ্যায়ত ২ লাখৰো অধিক ৰচনা দাখিল কৰা হৈছিল। তৃতীয় পৰ্যায়ত ৰাজ্যিক ৰাউণ্ডত প্ৰতিটো থিমত ২৫ জন প্ৰাৰ্থীয়ে ব্যক্তিগত প্ৰতিযোগিতালৈ আগবাঢ়িছিল। প্ৰতিখন ৰাজ্যই প্ৰতিটো ট্ৰেকৰ পৰা নিজৰ শীৰ্ষ তিনিজন অংশগ্ৰহণকাৰীক নিৰ্বাচন কৰিছিল, দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় অনুষ্ঠানত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ গতিশীল দল গঠন কৰিছিল।

এই অনুষ্ঠানত ৰাজ্যিক চেম্পিয়নশ্বিপৰ শীৰ্ষ ৫০০ দলক প্ৰতিনিধিত্ব কৰি বিকশিত ভাৰত চেলেঞ্জ ট্ৰেকৰ ১৫০০ অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হ’ব। ইয়াৰ উপৰিও পৰম্পৰাগত ট্ৰেকৰ পৰা ১০০০ অংশগ্ৰহণকাৰীয়ে যোগদান কৰিব, যিবোৰ ৰাজ্যিক পৰ্যায়ৰ যুৱ উৎসৱ, সাংস্কৃতিক কাৰ্যসূচী, আৰু বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰদৰ্শনীৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। বিভিন্ন ক্ষেত্ৰত যুগান্তকাৰী অৱদানৰ বাবে স্বীকৃতিপ্ৰাপ্ত আন ৫০০ পাথব্ৰেকাৰেও অংশগ্ৰহণ কৰিব। এই বৈচিত্ৰময় গোটটোৱে একত্ৰিত হৈ অনুষ্ঠানৰ সময়ত অৰ্থপূৰ্ণ আলোচনা আৰু কাৰ্য্যকলাপত মিলিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 18 এপ্ৰিল 2026
April 18, 2026

From Tap Water to 40,000 Manuscripts: Modi’s Vision Delivers Jobs, Clean Energy & Civilisational Pride