প্ৰধানমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত জনজাতীয় সমাজৰ কল্যাণৰ বাবে একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰিব
প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত 'ৰেচন আপকে গ্ৰাম' আঁচনিৰ শুভাৰম্ভ কৰিব
প্ৰধানমন্ত্ৰীয়ে তদুপৰি মধ্য প্ৰদেশ চিকল চেল মিছনৰ শুভাৰম্ভ কৰিব
প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনতে ৫০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব

ভাৰত চৰকাৰে অমৰ শ্বহীদ ভগৱান বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ১৫ নৱেম্বৰৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভূপালৰ জাম্বুৰি ময়দানত জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত অংশগ্ৰহণৰ অৰ্থে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১ বজাত জনজাতীয় সমাজখনৰ কল্যাণৰ বাবে একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব।

জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলনত প্ৰধানমন্ত্ৰীয়ে মধ্য প্ৰদেশত 'ৰেচন আপকে গ্ৰাম' আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে প্ৰতি মাহে জনজাতীয় সমাজৰ হিতাধিকাৰীসকলক তেওঁলোকৰ নিজৰ গাঁৱত  পিডিএছ ৰেচনৰ মাহিলী কোটা প্ৰদান কৰা, যাতে তেওঁলোকে তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিবলৈ সুলভ মূল্যৰ দোকানলৈ যাব নালাগে।

মহাসন্মিলনত প্ৰধানমন্ত্ৰীয়ে তদুপৰি মধ্য প্ৰদেশ চিকল চেল (হিম’গ্ল’বিন’পেথী) মিছনৰ শুভাৰম্ভণি উপলক্ষে হিতাধিকাৰীসকলক জেনেটিক কাউন্সেলিং কাৰ্ড প্ৰদান কৰিব। চিকল চেল এনেমিয়া, থালাচেমিয়া আৰু অন্যান্য হিম’গ্ল’বিন’পেথীত ভুগি থকা ৰোগীসকলক পৰীক্ষা আৰু নিয়ন্ত্ৰণ কৰিবলৈ আৰু এই ৰোগসমূহৰ সম্পৰ্কে জনসজাগতা বৃদ্ধিৰ অৰ্থে এই অভিযানটো গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে এই ৰোগসমূহৰ প্ৰভাৱ মধ্য প্ৰদেশৰ জনজাতীয় সমাজখনৰ ওপৰত অধিক গভীৰ হোৱা দেখা গৈছে।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশখনৰ কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ত্ৰিপুৰা আৰু দাদৰা ও নগৰ হাভেলী আৰু দমন ও ডিউত ৫০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে তদুপৰি জনজাতীয় আত্ম-সহায়ক গোটসমূহৰদ্বাৰা সৃষ্ট সা-সামগ্ৰীৰ প্ৰদৰ্শনী আৰু মধ্যপ্ৰদেশৰ জনজাতীয় সমাজখনৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ আৰু নায়কসকলৰ এখন আলোকচিত্ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব। তেখেতে তদুপৰি দুৰ্বল জনজাতীয় গোটৰ শিক্ষকসকলকে প্ৰমুখ্য কৰি নৱনিযুক্তসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিব।

এই কাৰ্য্যসূচীত মধ্যপ্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, ডঃ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ এছ পেটেল, শ্ৰী ফগ্গান সিং কুলাষ্টে আৰু ডঃ এল মুৰুগানো উপস্থিত থাকিব।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তদুপৰি পুনৰ গঢ়ি তোলা ৰাণী কমলাপতি ৰেলৱে ষ্টেচন উদ্বোধন আৰু মধ্যপ্ৰদেশত ৰেলৱেৰ একাধিক পদক্ষেপৰ শুভাৰম্ভ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets

Media Coverage

PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian contingent on winning 19 medals at 22nd Asian U20 Athletics Championships
June 01, 2026

The Prime Minister, Shri Narendra Modi today congratulated the Indian contingent for its outstanding performance at the 22nd Asian U20 Athletics Championships.

The Prime Minister congratulated the Indian contingent on winning 19 medals, including 10 Gold medals, at the Championships.

The Prime Minister said that the achievement reflects the determination and excellence of India’s young athletes.

He expressed hope that these accomplishments would inspire many more young Indians to pursue sports in the years to come.

The Prime Minister wrote on X;

“Congratulations to the Indian contingent at the 22nd Asian U20 Athletics Championships for winning 19 medals, including 10 Golds. This outstanding performance reflects the determination and excellence of India’s young athletes. May these achievements inspire many more young Indians to pursue sports in the years to come.”