ধৰ্তি আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে নৰ্মদাৰ ডেডিয়াপাড়াত ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
জনজাতীয় সবলীকৰণ সন্দৰ্ভত বিশেষ গুৰুত্বসহ আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, ঐতিহ্যৰ বিষয়ে গুৰুত্ব দিয়া প্ৰকল্পসমূহ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

ডেডিয়াপাড়াত এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সম্প্ৰদায়ৰ উত্থান আৰু অঞ্চলটোৰ গ্ৰাম্য তথা দূৰৱৰ্তী অঞ্চলসমূহত আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন) আৰু ধৰতী আৱা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান (ডিএ-জেএজিইউএ)ৰ অধীনত নিৰ্মিত ১,০০,০০০ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে উৎসৰ্গিত প্ৰায় ১,৯০০ কোটি টকা মূল্যৰ ৪২ খন একলব্য আদৰ্শ আবাসিক বিদ্যালয় (ই এম আৰ এছ); সামূহিক নেতৃত্বাধীন কাৰ্যকলাপৰ কেন্দ্ৰ হিচাপে কাম কৰাৰ উদ্দেশ্যে ২২৮ টা বহুমুখী কেন্দ্ৰ; জনজাতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে মণিপুৰৰ ইম্ফলত জনজাতীয় গৱেষণা প্ৰতিষ্ঠান (টি আৰ আই) ভৱন আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ দক্ষতা কেন্দ্ৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ গুজৰাটৰ ১৪ খন জনজাতীয় জিলাৰ বাবে পতাকা জোকাৰি ২৫০ খন বাছসেৱা শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামূহিক কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ উদ্দেশ্যে ডি এ-জে এ জি ইউ এ-ৰ অধীনত ১৪ খন জনজাতীয় বহু-বজাৰ কেন্দ্ৰ (টি এম এম চি)ৰ লগতে জনজাতীয় অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে ৭৪৮ কিলোমিটাৰ নতুন পথৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ জনজাতীয় শিশুসকলৰ বাবে মানসম্পন্ন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিক আগুৱাই লৈ যোৱাৰ বাবে ২,৩২০ কোটি টকাতকৈও অধিক মূল্যৰ ৫০ খন নতুন একলব্য আদৰ্শ আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
100% FDI in insurance: Global investors drawn to India's non-life market

Media Coverage

100% FDI in insurance: Global investors drawn to India's non-life market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value of truth and perseverance
May 05, 2026

The Prime Minister, Shri Narendra Modi, said that success achieved through tireless effort and by following the path of truth is lasting. He noted that such success not only builds self-confidence but also brings a deep sense of satisfaction to the mind.

The Prime Minister shared a Sanskrit Subhashitam-

“न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च॥”

The Subhashitam conveys that those who aspire to win do not succeed merely through strength and power, but through truth, compassion, righteousness and unwavering effort.

The Prime Minister wrote on X;

“अथक परिश्रम और सत्य के मार्ग पर चलकर प्राप्त की गई सफलता स्थायी होती है। इससे जहां आत्मविश्वास बढ़ता है, वहीं मन को अद्भुत संतोष भी मिलता है।

न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।

यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।।”