প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে আৰু সত্যৰ পথ অনুসৰণ কৰি লাভ কৰা সফলতা স্থায়ী। তেওঁ উল্লেখ কৰে যে এনে সফলতাই কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, মনলৈ গভীৰ সন্তুষ্টিৰ অনুভূতিও কঢ়িয়াই আনে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে –
“न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च॥”
এই হিতোপদেশে বুজাইছে যে জয়ৰ বাবে আকাংক্ষা কৰাসকলে কেৱল শক্তি আৰু সামৰ্থ্যৰ জৰিয়তে নহয়, বৰং সত্যতা, সহানুভূতি, ন্যায়-নিষ্ঠা আৰু অটল প্ৰচেষ্টাৰ জৰিয়তে সফল হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"কঠোৰ পৰিশ্ৰম আৰু সত্যৰ পথ অনুসৰণৰ জৰিয়তে লাভ কৰা সফলতা স্থায়ী। ইয়াৰ জৰিয়তে আত্মবিশ্বাস বৃদ্ধি পোৱাৰ লগতে, ইয়ে মনক অভাৱনীয় সন্তুষ্টিও প্ৰদান কৰে।
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।।”
अथक परिश्रम और सत्य के मार्ग पर चलकर प्राप्त की गई सफलता स्थायी होती है। इससे जहां आत्मविश्वास बढ़ता है, वहीं मन को अद्भुत संतोष भी मिलता है।
— Narendra Modi (@narendramodi) May 5, 2026
न तथा बलवीर्याभ्यां जयन्ति विजिगीषवः।
यथा सत्यानृशंस्याभ्यां धर्मेणैवोद्यमेन च ।। pic.twitter.com/Ig8FLVdqVp


