তামিলনাডুত ৮,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে ৰামেশ্বৰম-তাম্বৰাম (চেন্নাই) নতুন ৰেল সেৱাৰ ফ্লেগ-অফ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ এপ্ৰিলৰ দিনা তামিলনাডু ভ্ৰমণ কৰিব। ৰাম নৱমী উপলক্ষে দুপৰীয়া প্ৰায় ১২ বজাত তেখেতে ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সামুদ্ৰিক দলং - নতুন পাম্বন ৰেল সেতু উদ্বোধনেৰে পথ দলঙৰপৰা এখন ৰেল আৰু জাহাজৰ ফ্লেগ-অফ কৰিব।

ইয়াৰ পিছত দুপৰীয়া প্ৰায় ১২:৪৫ বজাত তেখেতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰিব। ৰামেশ্বৰমত দিনৰ প্ৰায় ১:৩০ বজাত তেখেতে তামিলনাডুৰ ৮,৩০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। লগতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে নতুন পাম্বন ৰেল সেতু উদ্বোধনৰ লগতে ৰামেশ্বৰম-তাম্বৰাম (চেন্নাই) নতুন ৰেল সেৱাৰ ফ্লেগ অফ কৰিব। এই দলংখনে গভীৰ সাংস্কৃতিক তাৎপৰ্য্য বহন কৰিছে। ৰামায়ণৰ মতে, ৰামেশ্বৰমৰ সমীপৰ ধনুষকোড়ীৰ পৰাই ৰাম সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল।

ৰামেশ্বৰমক মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা এই দলংখন বিশ্বৰ মঞ্চত ভাৰতীয় অভিযান্ত্ৰিকতাৰ এক উল্লেখযোগ্য কৃতিত্ব হিচাপে পৰিগণিত হৈছে। ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে দলংখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ দৈৰ্ঘ্য ২.০৮ কিলোমিটাৰ, ইয়াৰ বৈশিষ্ট্য হৈছে ৯৯ টা স্পেন আৰু ৭২.৫-মিটাৰ ভাৰ্টিকেল লিফ্ট স্পেন যি ১৭ মিটাৰ উচ্চতালৈকে উঠি যায়, যাৰ ফলত জাহাজৰ মসৃণ আহ-যাহৰ লগতে নিৰৱচ্ছিন্ন ৰেল পৰিচালনা নিশ্চিত হৈছে। ষ্টেইনলেছ ষ্টীল, উচ্চ-মানৰ সুৰক্ষামূলক পেইন্ট আৰু সম্পূৰ্ণৰূপে ৱেল্ডিং কৰা জইন্টৰে নিৰ্মিত এই দলংখনে বৰ্ধিত স্থায়িত্ব আৰু ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা হ্ৰাসক সূচিত কৰে। ভৱিষ্যতৰ চাহিদা অনুসৰি ইয়াক দ্বৈত ৰেলপথৰ বাবে ডিজাইন কৰা হৈছে। বিশেষ পলিচিল’ক্সেন আৱৰণে ইয়াক ক্ষয়ৰ পৰা ৰক্ষা কৰে, যাৰ ফলত প্ৰত্যাহ্বানপূৰ্ণ সামুদ্ৰিক পৰিবেশত ইয়াৰ দীৰ্ঘায়ু নিশ্চিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত ৮,৩০০ কোটিৰো অধিক টকা মূল্যৰ ভিন্ন ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱালাজাপেট – ৰাণীপেট অংশৰ চাৰি-লেনিঙৰ আধাৰশিলা আৰু ৩৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪-লেনযুক্ত ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিলুপ্পুৰম – পুডুচেৰী অংশ ৰাষ্ট্ৰলৈ উৎসৰ্গা; ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পুণ্ডিয়ানকুপ্পম – সত্তনাথপুৰম অংশ আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চোলাপুৰম – থাঞ্জাৱুৰ অংশ ৰাষ্ট্ৰলৈ উৎসৰ্গা। এই ঘাইপথসমূহে একাধিক তীৰ্থ কেন্দ্ৰ আৰু পৰ্যটনস্থলীক সংযোগ কৰিব, চহৰৰ মাজৰ দূৰত্ব হ্ৰাসৰ লগতে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বন্দৰসমূহলৈ দ্ৰুত প্ৰৱেশৰ সুবিধা প্ৰশস্ত কৰাৰ উপৰিও স্থানীয় কৃষকসকলক কৃষিজাত সামগ্ৰীসমূহ নিকটৱৰ্তী বজাৰসমূহলৈ সৰবৰাহ কৰিবলৈ সক্ষম কৰি তুলিব আৰু স্থানীয় চামৰা তথা ক্ষুদ্ৰ উদ্যোগসমূহৰ অৰ্থনৈতিক কাৰ্য্যকলাপৰ বৰ্ধন ঘটাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership