মূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে উক্ত স্থানত নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি প্ৰদৰ্শিত হ’ব
পৰাক্ৰম দিৱসত প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম মূৰ্তি উন্মোচন কৰিব
২০১৯ ৰ পৰা ২০২২ চনলৈকে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰসমূহো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে


মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী আৰু বছৰজোৰা উদযাপনৰ অংশ হিচাপে চৰকাৰে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অপৰিসীম অৱদানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে গ্ৰেনাইটেৰে নিৰ্মিত এই মূৰ্তিটো স্থাপন কৰা হ’ব। তেওঁৰ সংগ্ৰামৰ প্ৰতি দেশ ঋণী আৰু ইয়াৰ জৰিয়তে দেশে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰতিমূৰ্তিটোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে প্ৰদৰ্শিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তিটো উন্মোচন কৰিব।

হলোগ্ৰামৰ মূৰ্তিটো ৩০,০০ লুমেন ৪কে প্ৰজেক্টৰৰ দ্বাৰা চালিত হ’ব। ৯০শতাংশ স্বচ্ছ উন্নতমানৰ হলোগ্ৰাফিক স্ক্ৰীণত ই প্ৰদৰ্শিত হ’ব। এই স্ক্ৰীণখন ইমানেই উন্নতমানৰ যে দৰ্শনাৰ্থীসকলে কেৱল মাত্ৰ নেতাজীৰ প্ৰতিমূৰ্তিকেই দেখিবলৈ পাব। নেতাজীৰ ত্ৰিমূৰ্তি হলোগ্ৰাম মূৰ্তিটোৰ ২৮ ফুট উচ্চতা আৰু ৬ ফুট প্ৰস্থৰ ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২০১৯, ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰসমূহ প্ৰদান কৰিব। অনুষ্ঠানত মুঠ সাতটা বঁটা প্ৰদান কৰা হ’ব।

 কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যক্তি বিশেষ আৰু সংগঠনসমূহে আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে ২৩ জানুৱাৰীত এই বঁটা ঘোষণা কৰা হয়। এই বঁটাত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নগদ ৫১ লাখ টকা আৰু প্ৰমাণপত্ৰ আৰু ব্যক্তি বিশেষৰ ক্ষেত্ৰত ৫ লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

স্বাধীনতা সংগ্ৰামীসকলক উপযুক্তভাৱে সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে তাৰ অংশ হিচাপে কিংবদন্তী স্বাধীনতা সংগ্ৰামী আৰু দূৰদৰ্শী নেতা নেতা সুভাষ চন্দ্ৰ বসুৰ প্ৰতি সন্মান জনাবলৈ এই বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত কেইবাটাও পদক্ষেপ লোৱা হৈছে, যাৰ ভিতৰত আছে প্ৰতি বছৰে তেওঁৰ জন্ম জয়ন্তী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হ’ব। এই মনোভাৱৰ সৈতে সংগতি ৰাখি গণতন্ত্ৰ দিৱস উদযাপন এদিন আগে অৰ্থাত্ ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Trade barriers rising globally, India building bridges': PM Modi at Brics business forum

Media Coverage

'Trade barriers rising globally, India building bridges': PM Modi at Brics business forum
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push