প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী নৃপেন্দ্ৰ মিশ্ৰই তেওঁৰ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁক দুসপ্তাহৰ বাবে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ অনুৰোধ জনাইছে৷ ইফালে, প্ৰধানমন্ত্ৰীয়ে শ্ৰী পি.কে.সিনহা(অৱসৰপ্ৰাপ্ত আইএএছ, উত্তৰ-প্ৰদেশ:৭৭)ক প্ৰধানমন্ত্ৰী কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্ত কৰিছে৷

এক বিবৃতিত শ্ৰী নৃপেন্দ্ৰ মিশ্ৰই কয়,

“সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তত্ত্বাৱধানত দেশক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি মই গৌৰৱন্বিত৷ মোক এই সুযোগ দিয়াৰ বাবে আৰু মোৰ ওপৰত সম্পূৰ্ণ আস্থা ৰখাৰ বাবে প্ৰধানমন্ত্ৰীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো৷

যোৱা পাঁচ বছৰত দায়বদ্ধতাৰে প্ৰতিটো মুহূৰ্ত কাম কৰি মই উপভোগ কৰিছিলো৷ এতিয়া মই আগবাঢ়ি যোৱাৰ সময় সমাগত৷ অৱশ্যে দেশ আৰু জাতিৰ বাবে সদায় সেৱা আগবঢ়াই যাম৷ এই ছেগতে মই সকলো সতীৰ্থ, বন্ধু আৰু পৰিয়ালৰ সদস্যক ধন্যবাদ জনাব বিচাৰিছো৷ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীক শুভকামনা জনাইছো, যাতে তেওঁ আমাৰ দেশক এক উজ্জ্বল ভৱিষ্যতৰ দিশে সফলতাৰে আগুৱাই নিব পাৰে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch