মাতৃয়ে এশ বছৰত ভৰি দিয়াৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা আৱেগিক ব্লগ লিখিছে। মাতৃৰ সৈতে কটোৱা শৈশৱৰ কিছুমান বিশেষ মুহূৰ্তৰ কথা তেওঁ স্মৰণ কৰে। ডাঙৰ হৈ মাকে কৰা কেইবাটাও ত্যাগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ব্লগটোত মাকৰ বিভিন্ন গুণৰ কথা উল্লেখ কৰে, যিয়ে তেওঁৰ মন, ব্যক্তিত্ব, আত্মবিশ্বাসক গঢ় দিছে।

“আজি মই অত্যন্ত সুখী আৰু সৌভাগ্যৱান অনুভৱ কৰিছো যে মোৰ মাতৃ শ্ৰীমতী হিৰাবেন মোদী এশ বছৰত ভৰি দিছে। এয়া তেওঁৰ জন্ম শতবাৰ্ষিকী বছৰ হ’বলৈ গৈ আছে।” প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে লিখিছে।

দৃঢ়তাৰ প্ৰতীক

শৈশৱত মাতৃয়ে সন্মুখীন হোৱা কষ্টৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘মোৰ মা যিমান সহজ, সিমানেই অসাধাৰণ। ঠিক সকলো মাতৃৰ দৰেই।” অতি কম বয়সতে প্ৰধানমন্ত্ৰীৰ মাতৃয়ে নিজৰ মাতৃক হেৰুৱাইছিল। তেওঁ কয়, “আইতাৰ মুখ বা কোলাৰ আৰামৰ কথাও তেওঁৰ মনত নাই। মাকৰ অবিহনে তেওঁ গোটেই শৈশৱ পাৰ কৰিছিল।”

তেওঁ মাক-দেউতাক আৰু ভাই-ভনীৰ সৈতে থকা ৱাডনগৰৰ ক্ষুদ্ৰ দেৱাল আৰু চালিৰ মাটিৰ টাইলছ লগোৱা সৰু ঘৰটোৰ কথা স্মৰণ কৰে। তেওঁৰ মাতৃয়ে সন্মুখীন হোৱা আৰু সফলতাৰে অতিক্ৰম কৰা অসংখ্য দৈনন্দিন প্ৰতিকূলতাৰ কথা প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল।

তেওঁ উল্লেখ কৰে যে কেনেকৈ মাকে কেৱল ঘৰৰ সকলো কাম নিজে কৰাই নহয়, ঘৰৰ সামান্য উপাৰ্জনৰ সহযোগী হিচাপেও কাম কৰিছিল। দুই এঘৰত বাচন-বৰ্তন ধোৱাৰ লগতে কাপোৰ বৈ ঘৰৰ খৰচ পূৰণ কৰাত সহায় কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে স্মৰণ কৰি কয় “বৰষুণৰ সময়ত আমাৰ চালখনত ছিদ্ৰ হৈছিল আৰু আমাৰ ঘৰটো পানীত বুৰ গৈছিল। মাকে ছিদ্ৰবোৰৰ তলত বাল্টি আৰু বাচন-বৰ্তন ৰাখি বৰষুণৰ পানী সংগ্ৰহ কৰিছিল। এই প্ৰতিকূল পৰিস্থিতিতো মা আছিল সাহস আৰু দৃঢ়তাৰ প্ৰতীক”।

স্বচ্ছতাত নিয়োজিত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ তেওঁৰ মাতৃ সদায় সতৰ্ক আছিল। তেওঁ কেইবাটাও দৃষ্টান্ত শ্বেয়াৰ কৰে, যিয়ে তেওঁৰ মাকক পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্ৰত অতি বিশেষ হোৱাৰ আভাস দিয়ে।

চাফাই আৰু অনাময়ৰ লগত জড়িত সকলৰ প্ৰতি তেওঁৰ মাতৃৰ গভীৰ শ্ৰদ্ধা আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ৱাডনগৰত থকা তেওঁলোকৰ ঘৰৰ গাতে লাগি থকা নলাটো চাফা কৰিবলৈ যেতিয়াই কোনোবাই আহিছিল, তেতিয়াই মাকে চাহ নিদিয়াকৈ যাবলৈ দিয়া নাছিল৷

আনৰ আনন্দত সুখ বিচাৰি পোৱা

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ মাতৃয়ে আনৰ আনন্দত সুখ পাইছিল আৰু অত্যন্ত বৃহৎ হৃদয়ৰ আছিল। তেওঁ স্মৰণ কৰি কয় “দেউতাৰ এজন ঘনিষ্ঠ বন্ধু ওচৰৰ এখন গাঁৱত থাকিছিল। অকাল মৃত্যুৰ পিছত দেউতাই বন্ধুৰ পুত্ৰ আব্বাছক আমাৰ ঘৰলৈ লৈ আহিল। তেওঁ আমাৰ লগত থাকি পঢ়া-শুনা সম্পূৰ্ণ কৰিলে। মাইও আব্বাছৰ প্ৰতি ইমান মৰম আৰু যত্নশীল আছিল, যিদৰে আমাৰ সকলো ভাই-ভনীৰ প্ৰতি আছিল। প্ৰতি বছৰে ঈদৰ দিনা মাই তাৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰিছিল। উৎসৱবোৰত চুবুৰীৰ ল’ৰা-ছোৱালীয়ে আমাৰ ঘৰলৈ আহি মাৰ বিশেষ প্ৰস্তুতি উপভোগ কৰাটো সাধাৰণ কথা আছিল।”

প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে মাত্ৰ দুবাৰহে ৰাজহুৱাভাৱে তেওঁৰ সৈতে আহিছে

ব্লগ পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মাতৃয়ে ৰাজহুৱাভাৱে সংগ দিয়াৰ দৃষ্টান্ত দুটাৰ ওপৰত আলোকপাত কৰে। এবাৰ আহমেদাবাদৰ এটা ৰাজহুৱা অনুষ্ঠানত তেওঁ প্ৰধানমন্ত্ৰীৰ কপালত তিলক লগাইছিল। একতা যাত্ৰা সম্পূৰ্ণ কৰি লাল চৌকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত শ্ৰীনগৰৰ পৰা উভতি অহাৰ পিছত আহমেদাবাদত প্ৰধানমন্ত্ৰী মোদীয়ে এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈছিল। দ্বিতীয়টো দৃষ্টান্ত আছিল ২০০১ চনত। যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল

মাতৃয়ে প্ৰধানমন্ত্ৰী মোদীক শিকাইছিল জীৱন পাঠ

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে লিখিছে যে তেওঁৰ মাতৃয়ে তেওঁক এই কথা উপলব্ধি কৰাইছিল যে আনুষ্ঠানিকভাৱে শিক্ষিত নোহোৱাকৈও শিক্ষা লাভ কৰাটো সম্ভৱ। তেওঁ এটা ঘটনা শ্বেয়াৰ কৰে, যেতিয়া তেওঁ নিজৰ আটাইতকৈ ডাঙৰ শিক্ষয়িত্ৰী মাককে ধৰি তেওঁৰ সকলো শিক্ষক ৰাজহুৱাভাৱে সন্মান জনাব বিচাৰিছিল। অৱশ্যে মাকে অস্বীকাৰ কৰি ক’লে, “চোৱা, মই এগৰাকী সাধাৰণ মানুহ। মই হয়তো তোমালোকক জন্ম দিলো, কিন্তু তোমালোকক সৰ্ব্বশক্তিমানে শিকাইছে আৰু ডাঙৰ-দীঘল কৰিছে।”

এজন কৰ্তব্যপৰায়ণ নাগৰিক

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এজন কৰ্তব্যপৰায়ণ নাগৰিক হিচাপে তেওঁৰ মাতৃয়ে নিৰ্বাচন আৰম্ভ হোৱাৰ পৰাই পঞ্চায়তৰ পৰা সংসদলৈকে প্ৰতিটো নিৰ্বাচনতে ভোটদান কৰি আহিছে।

অতি সহজ-সৰলভাৱে জীৱন যাপন কৰা

মাতৃৰ অতি সহজ-সৰল জীৱনশৈলীৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে আজিও মাতৃৰ নামত কোনো সম্পত্তি নাই। “মই তেওঁক কেতিয়াও সোণৰ অলংকাৰ পিন্ধা দেখা নাই, আৰু ইয়াক লৈ তেওঁৰো কোনো আগ্ৰহ নাই। আগৰ দৰেই তেওঁ নিজৰ সৰু কোঠাটোত অতি সহজ জীৱনশৈলী চলাই গৈ আছে।” প্ৰধানমন্ত্ৰীয়ে কয়।

সাম্প্ৰতিক পৰিস্থিতিৰ লগত খাপ খুৱাই থকা

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মাতৃ বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে জড়িত হৈ আছে। তেওঁ নিজৰ ব্লগত এইদৰে উল্লেখ কৰিছে, “শেহতীয়াকৈ মই মাক সুধিছিলোঁ যে তেওঁ প্ৰতিদিনে কিমান সময় টিভি চায়। তেওঁ উত্তৰ দিলে যে টিভিত বেছিভাগ মানুহেই ইজনে সিজনৰ লগত কাজিয়াত ব্যস্ত থাকে, আৰু তেওঁ কেৱল সেইসকলকহে চায়, যিয়ে শান্তভাৱে বাতৰিটো পঢ়ি সকলো বুজাই দিয়ে। মায়ে ইমানবোৰৰ খবৰ ৰাখে বুলি জানি মই অত্যন্ত সুখী হৈছিলো।”

বয়স হোৱা সত্ত্বেও চোকা স্মৃতিশক্তি

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৭ চনৰ আন এটা দৃষ্টান্ত শ্বেয়াৰ কৰে, যিয়ে তেওঁৰ বৃদ্ধ মাতৃৰ সজাগতা প্ৰদৰ্শন কৰে। ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীয়ে কাশীৰ পৰা পোনপটীয়াকৈ তেওঁক লগ কৰিবলৈ গৈছিল আৰু তেওঁৰ বাবে প্ৰসাদ লৈ গৈছিল। ‘মাক যেতিয়া মই লগ পালো, তেওঁ লগে লগে সুধিলে যে মই কাশী বিশ্বনাথ মহাদেৱক প্ৰণাম জনাই আহিছো নেকি? মোৰ মাতৃয়ে আজিও সম্পূৰ্ণ নামটো ব্যৱহাৰ কৰে-কাশী বিশ্বনাথ মহাদেৱ। তাৰ পিছত কথা-বতৰাৰ সময়ত তেওঁ মোক সুধিলে যে কাশী বিশ্বনাথ মন্দিৰলৈ যোৱা পথবোৰ এতিয়াও একেই আছে নে, যেন কাৰোবাৰ ঘৰৰ চৌহদৰ ভিতৰত মন্দিৰ আছে। মই আচৰিত হৈ সুধিলোঁ তেওঁ কেতিয়া মন্দিৰলৈ গৈছিল। তেতিয়া মোৰ মাতৃয়ে কৈছিল যে তেওঁ বহু বছৰ আগতে কাশীলৈ গৈছিল। মই আচৰিত হৈছিলো কিদৰে তেওঁ সকলো কথা মনত ৰাখিছিল।’-প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

আনৰ পছন্দক সন্মান কৰা

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বিশদভাৱে কয় যে তেওঁৰ মাতৃয়ে কেৱল আনৰ পছন্দক সন্মান কৰাই নহয়, নিজৰ পছন্দ আনক জাপি দিয়াৰ পৰাও বিৰত থাকে। “বিশেষকৈ মোৰ নিজৰ ক্ষেত্ৰত তেওঁ মোৰ সিদ্ধান্তক সন্মান কৰিছিল, কেতিয়াও কোনো বাধাৰ সৃষ্টি কৰা নাছিল, আৰু মোক উৎসাহিত কৰিছিল। সৰুৰে পৰা তেওঁ অনুভৱ কৰিব পাৰিছিল যে মোৰ ভিতৰত এটা বেলেগ ধৰণৰ মানসিকতা গঢ় লৈ উঠিছিল।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

ঘৰ এৰি যোৱাৰ সিদ্ধান্ত লোৱাৰ সময়তো মাতৃয়েই প্ৰধানমন্ত্ৰী মোদীক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। তেওঁৰ মনৰ ইচ্ছাবোৰ বুজি পাই আশীৰ্বাদ দি মাতৃয়ে কৈছিল, “তোমাৰ মনটোৱে কোৱাৰ দৰে কামবোৰ কৰি যাবা।”

গৰীব কল্যাণৰ ওপৰত গুৰুত্ব দিয়ক

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ মাতৃয়ে তেওঁক সদায় এক শক্তিশালী সংকল্প গ্ৰহণ কৰি গৰীব কল্যানৰ ওপৰত মনোনিৱেশ কৰিবলৈ প্ৰেৰণা যোগাই আহিছে। তেওঁ ২০০১ চনৰ এটা দৃষ্টান্ত শ্বেয়াৰ কৰিছিল, যেতিয়া তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰা হৈছিল। গুজৰাট পোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে পোনে পোনে মাকক লগ কৰিবলৈ গৈছিল। তেওঁ অত্যন্ত উল্লসিত হৈ প্ৰধানমন্ত্ৰী মোদীক কৈছিল, “চৰকাৰত তোমাৰ কাম মই বুজি নাপাওঁ, কিন্তু মই মাত্ৰ বিচাৰো তুমি কেতিয়াও ঘোচ নল’বা।”

জীৱনৰ মন্ত্ৰ - কঠোৰ পৰিশ্ৰম

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ পিতৃ-মাতৃৰ সততা আৰু আত্মসন্মান তেওঁলোকৰ আটাইতকৈ ডাঙৰ গুণ। দৰিদ্ৰতা আৰু ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সৈতে যুঁজিও তেওঁৰ পিতৃ-মাতৃয়ে কেতিয়াও সততাৰ পথ এৰি নিদিয়ে বা আত্মসন্মানত আপোচ কৰা নাছিল। যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ তেওঁলোকৰ অগ্ৰণী মন্ত্ৰ আছিল নিৰন্তৰ কঠোৰ পৰিশ্ৰম!

মাতৃশক্তিৰ এক আদৰ্শ

প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়, “মোৰ মাৰ জীৱন কাহিনীত মই ভাৰতৰ মাতৃশক্তিৰ তপস্যা, ত্যাগ, আৰু অৱদান দেখিছোঁ। মোৰ মা আৰু তেওঁৰ দৰে কোটি কোটি নাৰীক যেতিয়াই চাওঁ, তেতিয়াই দেখিবলৈ পাওঁ যে ভাৰতীয় মহিলাৰ বাবে অসাধ্য একো নাই।”

প্ৰধানমন্ত্ৰীয়ে মাতৃৰ প্ৰেৰণাদায়ক জীৱন কাহিনীক এই কেইটা শব্দৰে সামৰণি মাৰেঃ

“বঞ্চনাৰ প্ৰতিটো কাহিনীৰ বহু ওপৰত, এগৰাকী মাতৃৰ গৌৰৱময় কাহিনী,

প্ৰতিটো সংগ্ৰামৰ বহু ওপৰত, এগৰাকী মাতৃৰ দৃঢ় সংকল্প।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."