কৰ্ণাটকৰ টুমকুৰৰ ঘৰুৱা সা-সঁজুলিৰ দোকানৰ মালিক আৰু ‘ভিবিএছওৱাই’ হিতাধিকাৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে
"যুৱক-যুৱতীসকলক সহযোগিতা আগবঢ়াবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ (ভিবিএছৱাই)ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। আঁচনিসমূহৰ লাভ নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰতে সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ‘ধ্বজাবাহী আঁচনি’সমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ বাবে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।

কৰ্ণাটকৰ টুমকুৰৰ গৃহ সঁজুলিৰ দোকানৰ এগৰাকী গৰাকী আৰু ‘ভিবিএছওৱাই’-ৰ হিতাধিকাৰী শ্ৰী মুকেশৰ সৈতে বাৰ্তালাপ কৰা প্ৰধানমন্ত্ৰীক তেওঁৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে ৪.৫ লাখ টকাৰ ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ঋণ লাভ কৰাৰ কথা অৱগত কৰে, য'ত তেওঁ বৰ্তমান ৩ গৰকী লোকক নিযুক্তি দি আছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে শ্ৰী মুকেশ ‘এজন চাকৰি প্ৰাৰ্থীৰ পৰা চাকৰি প্ৰদানকাৰী’ত পৰিণত হৈছে আৰু স্বাচ্ছন্দ্যৰে ঋণৰ উপলব্ধতা সন্দৰ্ভত অনুসন্ধান কৰিছে।

শ্ৰী মুকেশে প্ৰধানমন্ত্ৰীক এক সামাজিক মাধ্যমৰ পোষ্টৰ বিষয়ে অৱগত কৰে য'ত তেওঁ ‘মুদ্ৰা ঋণ’ আৰু তেওঁৰ প্ৰয়োজনীয়তাৰ বিপৰীতে বেংকসমূহৰ দ্বাৰা মসৃণ ঋণ প্ৰক্ৰিয়াকৰণৰ বিষয়ে তথ্য লাভ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী মুকেশক আজিৰ ৫০ শতাংশ ‘ডিজিটেল লেনদেন’ৰ তুলনাত ‘ইউপিআই’ আৰু ‘ডিজিটেল পৰিশোধ’লৈ সম্পূৰ্ণৰূপে স্থানান্তৰিত হ'বলৈ পৰামৰ্শ দিয়ে, কিয়নো ই বেংকৰ পৰা অধিক বিনিয়োগ লাভ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ্ৰী মুকেশ হৈছে ভাৰতৰ যুৱপ্ৰজন্মৰ ‘স্থিতিস্থাপকতা আৰু সংকল্প’ৰ এক উদাহৰণ যি কেৱল ‘চাকৰি বিচাৰেই নহয়, নিযুক্তিও সৃষ্টি কৰিছে’। তেওঁ দেশৰ যুৱপ্ৰজন্মক সহযোগিতা আগবঢ়োৱাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi