‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ অধীনত প্ৰশিক্ষিত মুম্বাইৰ মেঘনাই হাতেৰে চিলোৱা লেপ ৰপ্তানি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডালৈ
তেওঁক সকলোৰে বাবে অনুপ্ৰেৰণা বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে

 প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে এই উপলক্ষে ভাষণো প্ৰদান কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ শুভাৰম্ভ কৰে।

‘কেটাৰিঙ’ৰ ব্যৱসায়ৰ গৰাকী মুম্বাইৰ এগৰাকী অকলশৰীয়া মাতৃ আৰু ‘ভিবিএছওৱাই’ হিতাধিকাৰী মেঘনাই ‘মুদ্ৰা যোজনা’ৰ জৰিয়তে ৯০,০০০ টকাৰ ঋণ লৈ কেনেদৰে ব্যৱসায় আগবঢ়াই সেই কথা প্ৰধানমন্ত্ৰীক অৱগত কৰে। তেওঁ কয়, এই ধনেৰে তেওঁ বাচন-বৰ্তন ক্ৰয় কৰে আৰু তেওঁৰ ব্যৱসায় আগুৱাই নিয়ে। তেওঁ বৰ্তমান ফ্ৰান্সত অধ্যয়ন কৰি থকা তেওঁৰ পুত্ৰৰ বাবে শিক্ষা ঋণ লাভ কৰাৰ কথাও জানিবলৈ দিয়ে, কিয়নো তেওঁ ‘মুদ্ৰা যোজনা’ আৰু ‘স্বনিধি যোজনা’ৰ সহায়ত ইতিমধ্যে তেওঁৰ ‘কেটাৰিঙ’ৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল।

‘ঋণ আবেদনৰ সৰলীকৃত প্ৰক্ৰিয়া’ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমতী মেঘানাই কয় যে তেওঁ আবেদনৰ 8 দিনৰ ভিতৰতে ঋণ লাভ কৰিছিল আৰু তেওঁ সময়মতে তেওঁৰ ঋণ পৰিশোধো কৰিছিল। ‘স্বনিধি’-ৰ অধীনত পূৰ্বৰ ঋণ সময়মতে পৰিশোধ কৰিলে সূতৰ হাৰ হ্ৰাস কৰাৰ সুবিধা লাভ কৰাৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীয়ে এই আঁচনিৰ অধীনত আৰু কোনো ঋণৰ বাবে আবেদন কৰিছে নেকি বুলি তেওঁৰ পৰা জানিব বিচাৰে। শ্ৰীমতী মেঘনাই ভৱিষ্যতে ঋণৰ বাবে আবেদন কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁৰ ‘কেটাৰিং’ ব্যৱসায়তযে ২৫ গৰাকী মহিলাক নিয়োজিত কৰিছে সেই কথাও তেওঁ প্ৰধানমন্ত্ৰীক অৱগত কৰে।

তেওঁ লগতে ‘প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা’ৰ অধীনত ১০০ গৰাকী মহিলাক নিযুক্তি দিয়াৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডালৈ হাতেৰে চিলোৱা লেপ ৰপ্তানি কৰাৰ বিষয়েও জানিবলৈ দিয়ে। শ্ৰীমতী মেঘানাই উপলব্ধ সকলো চৰকাৰী আঁচনিৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু জনায় যে তেওঁ সম্প্ৰদায়ৰ লোকসকলকো এইবোৰ আঁচনিৰ লাভ আদায় কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে শ্ৰীমতী মেঘনাৰ সফলতা কেৱল তেওঁৰ বাবেই নহয়, আন মহিলাসকলৰ বাবেও এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হ'ব পাৰে, আৰু এনে দৃঢ়প্ৰতিজ্ঞ লোকসকলক সেৱা আগবঢ়োৱাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে।      

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi