প্ৰকৃতিৰ প্ৰতি সজাগতা, পৰিৱেশৰ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদৰ ভাৰসাম্য ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য হোৱা উচিতঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে #মন কী বাতৰ সময়ত থাইলেণ্ডৰ গুহাৰ কৰুণ ঘটনাৰ সন্দৰ্ভত কোৱাৰ লগতে যুৱ ফুটবল দল, তেওঁলোকৰ প্ৰশিক্ষক আৰু উদ্ধাৰকাৰী বাহিনীৰ প্ৰশংসা কৰে।
অতি জটিল অভিযানতো সফলতা লাভ কৰিব পাৰি। ইয়াৰ বাবে কেৱল এক শান্ত আৰু সুস্থিৰ মনৰ লগতে নিৰ্দিষ্ট লক্ষ্যত গুৰুত্ব দিয়া প্ৰয়োজনঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
জুলাই হৈছে এক মাহ, য’ৰ পৰা তৰুণ প্ৰজন্মই তেওঁলোকৰ জীৱনৰ এক নতুন অধ্যায়ত খোজ দিয়েঃ #মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
#মন কী বাতঃ প্ৰধানমন্ত্ৰী মোদীয়ে একাংশ শিক্ষাৰ্থীৰ লক্ষ্য আৰু সমৰ্পনৰ বিষয়ে কয়, যিসকলে এক দুখীয়া পৰিৱেশত জন্ম হৈও ঈৰ্ষনীয় সাফল্য অৰ্জন কৰিছে
#মন কী বাতঃ প্ৰধানমন্ত্ৰী মোদীয়ে ৰায় বেৰেইলী আইটি বৃত্তিধাৰীসকলক তেওঁলোকৰ উদ্ভাৱনৰ বাবে প্ৰশংসা কৰে
আমাৰ সাধু আৰু পথদ্ৰষ্টাসকলে সদায় অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ শিকাইছিলঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
লোকমান্য তিলকে গণেশ উৎসৱটি সমূহীয়াকৈ উদযাপনৰ প্ৰচেষ্টা গ্ৰহণ কৰিছিল, যিটোৱে বৰ্তমান সমাজৰ সজাগতা, মানুহৰ মাজত সংহতি আৰু সমতাৰ ভাৱ প্ৰচাৰ কৰাৰ এক ফলপ্ৰসূ মাধ্যম হৈ পৰিছেঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
স্বাধীনতা আন্দোলনৰ সময়ত চন্দ্ৰশেখৰ আজাদৰ ধৈৰ্য আৰু সাহসে বহুতক অনুপ্ৰাণিত কৰিছিল। আজাদে আত্ম-বলিদান দিলে, কিন্তু তেওঁ কেতিয়াও ব্ৰিটিছৰ সন্মুখত শিৰ নত নকৰিলেঃ #মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
#মন কী বাতঃ প্ৰধানমন্ত্ৰীয়ে হিমা দাস, এক্টা ভ্যা, যোগেশ কাথুনিয়া, সুন্দৰ সিং গুৰজাৰ আৰু অন্যান্য খেলুৱৈসকলক তেওঁলোকৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে ভূয়সী প্ৰশংসা কৰে

মোৰ মৰমৰ দেশবাসী, নমস্কাৰ৷ এইকেইদিনত বহু স্থানৰ পৰা বৰ্ষা ঋতুৰ ভাল খবৰ আহি আছে৷ কোনো কোনো স্থানত অধিক বৰ্ষাৰ বাবে চিন্তাজনক খবৰো আহি আছে আৰু কোনো স্থানত মানুহে বৰ্ষাৰ প্ৰতীক্ষাও কৰি আছে৷ ভাৰতৰ বিশালতা, বিবিধতা, কেতিয়াবা কেতিয়াবা বৰ্ষাইও পচন্দ–নাপচন্দৰ ৰূপো দেখুৱায়, কিন্তু আমি বৰ্ষাক কিয় দোষ দিম, মনুষ্যই কেৱল প্ৰকৃতিৰ সৈতে সংঘৰ্ষৰ পথ নিৰ্বাচন কৰি লৈছে আৰু তাৰ ফলতেই কেতিয়াবা কেতিয়াবা প্ৰকৃতি ৰোষত পৰে৷ আৰু সেইবাবে আমাৰ সকলোৰে দায়িত্ব যে–আমি প্ৰকৃতিক প্ৰেম কৰোঁ, আমি প্ৰকৃতিৰ ৰক্ষণ কৰোঁ, আমি প্ৰকৃতিৰ সংবৰ্ধক হওঁ, প্ৰকৃতিদত্ত যিসমূহ সামগ্ৰী আছে সেইসমূহৰ ভাৰসাম্য ৰক্ষা কৰোঁ৷

কেইদিনমানপূৰ্বে এনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক বিপদে সমগ্ৰ বিশ্বৰ ধ্যান আকৰ্ষিত কৰিছিল৷ আপোনালোক সকলোৱে টিভিত দেখিছিল, থাইলেণ্ডত ১২ জন কিশোৰৰ এটা ফুটবলৰ দল আৰু তেওঁলোকৰ প্ৰশিক্ষক ফুৰিবলৈ এটা গুহালৈ গৈছিল৷ তাত সাধাৰণতে গুহালৈ যাওঁতে আৰু তাৰ পৰা বাহিৰ ওলাবলৈ কিছু ঘণ্টাৰ প্ৰয়োজন হয়৷ কিন্তু তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ যেতিয়া তেওঁলোক গুহাৰ অধিক ভিতৰলৈ সোমাই গ’ল– আচম্বিতে হোৱা ভীষণ বৰষুণৰ ফলত গুহাৰ দ্বাৰৰ মুখত পানী জমা হৈ গ’ল৷ তেওঁলোকৰ বাহিৰলৈ ওলোৱাৰ পথ বন্ধ হৈ পৰিল৷ ওলোৱাৰ কোনো পথ বিচাৰি নোপোৱাত তেওঁলোকে গুহাৰ ভিতৰৰ এটা সৰু টিলাত ৰৈ গ’ল–তাকো এদিন দুদিনৰ বাবে নহয়– সম্পূৰ্ণ ১৮ দিনলৈ৷ আপুনি কল্পনা কৰিব পাৰে, কিশোৰ অৱস্থাত যেতিয়া সন্মুখত মৃত্যু পৰিলক্ষিত হয় আৰু পলে পলে যদি সেয়া পাৰ কৰিব লাগে তেন্তে কেৰনে হ’ব পাৰে! এটা দিশৰ পৰা তেওঁলোক সংকটৰ সৈতে যুঁজি আছিল আৰু দ্বিতীয় ফালে সমগ্ৰ বিশ্বত মানৱতাই একত্ৰ হৈ ঈশ্বৰপ্ৰদত্ত মানৱীয় গুণসমূহ প্ৰকট কৰি আছিল৷ সমগ্ৰ বিশ্বৰ জনতাই এই কিশোৰকেইজনক সুৰক্ষিতভাৱে বাহিৰলৈ ওলোৱাৰ বাবে প্ৰাৰ্থনা কৰি আছিল৷ ল’ৰা কেইজন ক’ত আছিল, কেনেদৰে আছিল সেয়া গম পোৱাৰ বাবে বিভিন্ন কাৰ্য সম্পন্ন কৰা হৈছিল৷ তেওঁলোকক কিদৰে বাহিৰলৈ ওলোৱা যায়৷ যদি সুৰক্ষা কাৰ্য সময়মতে নহ’লহেঁতেন তেন্তে বাৰিষাৰ ঋতুটোত তেওঁলোকক কেইবা মাহলৈও ওলোৱাৰ বাবে সম্ভৱ নহ’লহেঁতেন৷ যি কি নহওক, ভাল খবৰ হোৱাৰ পিছত সমগ্ৰ বিশ্বই স্বস্তিৰ নিশ্বাস কাঢ়িলে, সন্তোষিত হ’ল৷ কিন্তু সমগ্ৰ ঘটনাটো মই আন এটা দৃষ্টিভংগীৰে প্ৰত্যক্ষ কৰিলোঁ যে এই সমগ্ৰ কাৰ্যট কিদৰে সম্ভৱ হ’ল৷ প্ৰতিটো পৰ্যায়ত দায়িত্বৰ অনুভূতি হোৱা প্ৰকট হ’ল৷ সকলোৱে, চৰকাৰেই হওক, সেই কিশোৰকেইজনৰ পিতৃ–মাতৃয়েই হওক, তেওঁলোকৰ পৰিয়ালেই হওক, সংবাদ মাধ্যমেই হওক, দেশৰ নাগৰিকেই হওক–সকলোৱে শান্তি আৰু ধৈৰ্যৰ অদ্ভূত আচৰণ প্ৰদৰ্শন কৰিলে৷ সকলোৱে দল গঠন কৰি নিজৰ অভিযানৰ সৈতে জড়িত হৈ পৰিল৷ সকলোৰে সংযমিত ব্যৱহাৰ–মই এয়া শিকিবলগীয়া বিষয় বুলি ভাবোঁ৷ এনেকুৱা নহয় যে তেওঁলোকৰ মাক–দেউতাক দুখী নাছিল, মাক–দেউতাকৰ চকুলৈ চকুলো অহা নাছিল, কিন্তু ধৈৰ্য, সংযম, সমাজৰ শান্ত ব্যৱহাৰ– এয়া নিজৰ মাজতেই সকলোৰে বাবে শিকনীয় বিষয়৷ এই সমগ্ৰ অভিযানটোত থাইলেণ্ডৰ নৌসেনাৰ এজন সৈন্যই নিজৰ জীৱনো হেৰুৱাবলগীয়া হ’ল৷ সমগ্ৰ বিশ্ব এইটো কথাতেই আশ্বৰ্যাম্বিত হ’ল যে এই কঠিন পৰিস্থিতিৰ পিছতো পানীৰ ভৰা এটা অন্ধকাৰ গুহাত ইমান সাহস আৰু ধৈৰ্যৰ সৈতে তেওঁলোকে আশা নেহেৰুৱালে৷ ই এয়াই প্ৰদৰ্শিত কৰিছে যে যেতিয়া মানৱতা একত্ৰিত হয় তেতিয়া অভূতপূৰ্ব কাৰ্য সংঘটিত হয়৷ মাত্ৰ আমি শান্ত হৈ থকাটো আৰু স্থিৰ মনেৰে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি সেই সন্দৰ্ভত কাম কৰাটো প্ৰয়োজন৷

কিছুদিন পূৰ্বে আমাৰ দেশৰ প্ৰিয় কবি নীৰজ মহোদয়ে আমাক এৰি গুচি গ’ল৷ নীৰজ মহোদয়ৰ এটা বিশেষত্ব আছিল– আশা, ভৰসা,দৃঢ়সংকল্প আৰু আত্মবিশ্বাস৷ আমি ভাৰতীয়সকলেও নীৰজ মহোদয়ৰ প্ৰতিটো কথাৰ পৰা শক্তি পাওঁ, প্ৰেৰণা পাঁও– তেওঁ লিখিছিল–

‘अँधियार ढलकर ही रहेगा,

आँधियाँ चाहे उठाओ,

बिजलियाँ चाहे गिराओ,

जल गया है दीप तो अँधियार ढलकर ही रहेगा’।

 

নীৰজ মহোদয়ক সাদৰেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷

নমস্কাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ামোৰ নাম সত্যম৷ মই চলিত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ত প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছোঁ৷ আমাৰ বিদ্যালয়ৰ বৰ্ডৰ পৰীক্ষাৰ সময়ত আপুনি পৰীক্ষাৰ দুঃচিন্তা আৰু শিক্ষাৰ কথা কৈছিল৷ মোৰ দৰে শিক্ষাৰ্থীৰ প্ৰতি আপোনাৰ বাৰ্তা কেনে ধৰণৰ৷’’

সাধাৰণতে জুলাই আৰু আগষ্ট মাহটো সকলো যুৱক–যুৱতীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ কাৰণ এইটো সময়েই মহাবিদ্যালয়ৰ প্ৰধান ঋতু৷ ‘সত্যম’ দৰে বহু যুৱকে বিদ্যালয়ৰ পৰা ওলাই মহাবিদ্যালয়লৈ যায়৷ আৰু যদি ফেব্ৰুৱাৰী তথা মাৰ্চ মাহটো পৰীক্ষাৰ পেপাৰ আৰু উত্তৰতেই পাৰ হয় তেন্তে এপ্ৰিল আৰু মে’ মাহটো ছুটি আৰু আনন্দত পাৰ হোৱাৰ লগতে পৰীক্ষাৰ ফলাফল তথা জীৱনৰ দিশ প্ৰস্তুত কৰাৰ বাবে, কেৰিয়াৰ বাচনি আদিত পাৰ হয়৷ জুলাই মাহত যুৱক–যুৱতীয়ে ফ’কাচ প্ৰশ্নৰ পৰা আঁতৰি কাট–অফলৈ গুচি যায়৷ শিক্ষাৰ্থীসকলৰ ধ্যান ঘৰৰ পৰা ছাত্ৰাবাসলৈ গুচি যায়৷ শিক্ষাৰ্থীসকল আভিভাৱকৰ ছত্ৰছায়াৰ পৰা অধ্যাপকৰ ছত্ৰছায়ালৈ আহি যায়৷ মোৰ সম্পূৰ্ণ বিশ্বাস যে মোৰ যুৱ মিত্ৰসকল মহাবিদ্যালয়ৰ জীৱনৰ আৰম্ভণক লৈ অত্যন্ত উৎসাহী আৰু সুখী হ’ব৷ প্ৰথম বাৰলৈ ঘৰৰ পৰা বাহিৰলৈ যোৱা, গাঁৱৰ পৰা বাহিৰলৈ যোৱা, এক সুৰক্ষিত পৰিৱেশৰ পৰা বাহিৰ ওলাই নিজেকই নিজৰ সাৰথি হিচাপে প্ৰস্তুত কৰে৷ ইমানবোৰ যুৱক প্ৰথমবাৰলৈ নিজৰ ঘৰ এৰি, নিজৰ জীৱনক এক নতুন দিশ প্ৰদান কৰাৰ বাবে ওলাই আহে৷ বহু শিক্ষাৰ্থীয়ে এই পৰ্যন্ত নিজৰ নিজৰ মহাবিদ্যালয়ত চাগে নাম ভৰ্তি কৰিছে৷ আপোনালোকক মই এয়াই ক’ম যে শান্ত হৈ নিজৰ জীৱন উপবোগ কৰক,জীৱনৰ অন্তৰ্নিহিত আনন্দসমূহ উপভোগ কৰক৷ কিতাপ অবিহনে কোনো বিকল্প নাই, অধ্যয়নতো কৰিবই লাগিব, কিন্তু নতুন নতুন বস্তু সন্ধান কৰাৰ প্ৰবৃত্তি থাকিব লাগে৷ পুৰণি বন্ধুসমূহৰ নিজা এটা মূল্য আছে৷ শৈশৱৰ বন্ধু মহা মূল্যৱান, কিন্তু নতুন বন্ধু বাচনি কৰা,বনোৱা আৰু বনাই ৰখা এয়া নিজৰ মাজতে এক বুদ্ধিদীপ্ততাৰ কাম৷ কিবা এটা নতুন শিকক, যেনে নতুন নতুন দক্ষতা, নতুন নতুন ভাষা শিকক৷ যিসকল শিক্ষাৰ্থীয়ে নিজৰ ঘৰ এৰি বাহিৰৰ কোনো স্থানলৈ পঢ়িবলৈ গৈছে সেই স্থানসমূহ আৱিষ্কাৰ কৰক৷ সেই স্থানৰ লোকসমূহ, ভাষা, সংস্কৃতিৰ বিষয়ে জানক৷ সেই স্থানৰ পৰ্যটনস্থলসমূহ দৰ্শন কৰক, সেইসমূহৰ বিষয়ে জানক৷ নতুন জীৱন আৰম্ভ কৰা যুৱক–যুৱতীসকলক মই শুভকামনা জনাইছোঁ৷ এই মহাবিদ্যালয়ৰ অধিৱেশনৰ কথা চলি থকাৰ সময়তে মই বাতৰিত দেখা পালো যে কিদৰে মধ্যপ্ৰদেশৰ এক অত্যন্ত দুখীয়া পৰিয়ালৰ এক ছাত্ৰ আশাৰাম চৌধুৰীয়ে জীৱনৰ কঠিনতম প্ৰত্যাহ্বান অতিক্ৰমি সফলতা প্ৰাপ্ত কৰিছে৷ তেওঁ যোধপুৰৰ এইমছৰ এমবিবিএছৰ পৰীক্ষাত নিজৰ প্ৰথম প্ৰয়াসতেই সফলতা প্ৰাপ্ত কৰিছে৷ তেওঁৰ পিতৃয়ে পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰি নিজৰ পৰিয়াল পোহ–পাল দিয়ে৷ মই তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছোঁ৷ এনেকুৱা কিমান ছাত্ৰ আছে যি দুখীয় পৰিয়ালৰ আৰু প্ৰতিকূল পৰিস্থিতিৰ পিছতো নিজৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা এনেকুৱা কাৰ্য সিদ্ধ কৰিছে যিয়ে আমাক প্ৰেৰণা দিয়ে৷ লাগিলে তেওঁ দিল্লীৰ প্ৰিন্স কুমাৰেই হওক, যাৰ পিতৃ ডিটিচিত বাচ চালক আছিল অথবা কলকাতাৰ অভয় গুপ্তা যিয়ে ফুটপাথত ষ্ট্ৰীট লাইটৰ তলত অধ্যয়ন কৰিছিল৷ আহমেদাবাদৰ ছোৱালী আফৰীণ শ্বেখ, যাৰ পিতৃয়ে অটো ৰিক্সা চলায়৷ নাগপুৰৰ ছোৱালী খুশী, যাৰ পিতৃ স্কুল বাছৰ চালক অথবা হাৰিয়াণাৰ কাৰ্তিক, যাৰ পিতৃ চকীদাৰ অথবা ঝাৰখণ্ডৰ ৰমেশ সাহু, যাৰ পিতৃ ইটা–ভাটাৰ শ্ৰমিক৷ ৰমেশে স্বয়ং মেলাত খেলা–পুতলা বিক্ৰী কৰিছিল অথবা গুড়গাঁৱৰ দিব্যাংগ কন্যা অনুষ্কা পাণ্ডা, যি জন্মতেই স্পাইনেল মাস্কুলাৰ অ’ট্ৰ’ফী নামৰ এক অনুবংশিক ৰোগৰ দ্বাৰা আক্ৰান্ত৷ এওঁ সকলোৱে নিজৰ দৃঢ় সংকল্পৰ আৰু উৎসাহৰ জৰিয়তে সকলো বাধা অতিক্ৰমি বিশ্বৰ চকু চমকিত কৰা সাফল্য লাভ কৰিছে৷ আমাৰ ওচৰে–পাজৰে এনে বহু উদাহৰণ আমি দেখিবলৈ পাম৷

দেশৰ কোনো প্ৰান্তত যদি এটা ভাল ঘটনা ঘটে তাৰ জৰিয়তে মনত মই বল পাওঁ, প্ৰেৰণা পাওঁ৷ যেতিয়াই মই যুৱক–যুৱতীসকলৰ কথা আপোনালোকক কওঁ তেতিয়া ইয়াৰ সৈতে মোৰ নীৰজ মহোদয়ৰ কথাও মনলৈ আহে আৰু জীৱনৰ লক্ষ্যতো সেয়াই৷ নীৰজ মহোদয়ে কয়–        

‘गीत आकाश को धरती का सुनाना है मुझे,

हर अँधेरे को उजाले में बुलाना है मुझे,

फूल की गंध से तलवार को सर करना है,

और गा–गा के पहाड़ों को जगाना है मुझे’

মোৰ মৰমৰ দেশবাসীসকল, কিছুদিন পূৰ্বে মই এটা বাতৰিত প্ৰত্যক্ষ কৰিছিলো যে– ‘‘দুজন যুৱকে মোদীৰ সপোন বাস্তৱায়িত কৰিলে’’৷ যেতিয়া বাতৰিটোৰ ভিতৰ অংশ পঢ়িলো তেতিয়া গম পালো যে আমাৰ তৰুণ প্ৰজন্মই প্ৰযুক্তিৰ স্মাৰ্ট আৰু সৃজনীশীল ব্যৱহাৰ কৰি সাধাৰণ জনতাৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰিছে৷ ঘটনাটো এনে আছিল, এবাৰ আমেৰিকাৰ প্ৰযুক্তিৰ চহৰ হিচাপে খ্যাত ছেন জোছ নগৰত ভাৰতীয় যুৱ প্ৰজন্মৰ সৈতে কিছু আলোচনা কৰিছিলো৷ মই তেওঁলোকক আহ্বান কৰিছিলো যে তেওঁলোকে ভাৰতৰ বাবে নিজৰ প্ৰতিভাক কিদৰে ব্যৱহাৰ কৰিব পাৰে এয়া ভাবক আৰু সময় উলিয়াই কিবা এটা কৰক৷ মই ব্ৰেইন–ড্ৰেইনক ব্ৰেইন–গেইনলৈ পৰিৱৰ্তন কৰাৰ বাবে আহ্বান কৰিছিলো৷ ৰায়বৰেলীৰ দুজন তথ্য প্ৰযুক্তিৰ পেছাদাৰী যোগেশ সাহু আৰু ৰাজনীশ বাজপেয়ীয়ে মোৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি এক অভিনৱ পৰ্য়াস কৰিলে৷ নিজৰ পেছাদাৰী দক্ষতা ব্যৱহাৰ কৰি যোগেশজী আৰু ৰাজনীশজীয়ে লগ হৈ এক স্মাৰ্ট গাঁও এপ প্ৰস্তুত কৰিলে৷ এই এপে কেৱল গাঁৱৰ লোককেই নহয়, সমগ্ৰ বিশ্বকে একত্ৰিত কৰিলে৷ ইয়াৰ জৰিয়তে তেওঁলোকে যিকোনো সূচনা তথা জাননী নিজৰ ম’বাইলতেই প্ৰাপ্ত কৰিব পাৰে৷ ৰায়বৰেলীৰ এই তৌধকপুৰ গাঁৱৰ বাসিন্দাসকলে, গ্ৰাম–প্ৰধান,জিলা ন্যায়াধীশ, চিডিঅ’ সকলোৱে এই এপটো ব্যৱহাৰ কৰাৰ বাবে জনসাধাৰণক সজাগ কৰিলে৷ এই এপটোৱে গাঁৱত এক প্ৰকাৰে ডিজিটেল আন্দোলন গঢ়ি তুলিলে৷ গাঁৱত যি বিকাশমূলক কাম হয়, সেই এপটোৰ জৰিয়তে নথিভুক্ত কৰা, ট্ৰেক কৰা, নিৰীক্ষণ কৰা সহজ হৈ পৰিল৷ এই এপত গাঁৱৰ ফোন ডাইৰেক্টৰী, বাতৰি, অনুষ্ঠানৰ তালিকা, স্বাস্থ্য কেন্দ্ৰ আৰু তথ্য কেন্দ্ৰ অন্তৰ্ভুক্ত আছে৷ এই এপটো কৃষকসকলৰ বাবেও লাভজনক বিবেচিত হৈছে, এপৰ ব্যাকৰণ বৈশিষ্ট, কৃষকসকলৰ মাজত সত্যৰ হাৰ, এক প্ৰকাৰে তেওঁলোকৰ উৎপাদনৰ বাবে এক বজাৰৰ দৰে কাম কৰে৷ এই ঘটনাসমূহ যদি আপুনি ভালদৰে প্ৰত্যক্ষ কৰে তেন্তে দেখিব যে সেই যুৱকজনে আমেৰিকাৰ জীৱন–শৈলীৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে৷ বহু বছৰ পূৰ্বে তেওঁ হয়তো ভাৰতৰ পৰা গুচি গৈছিল কিন্তু তথাপিও নিজৰ গাঁওখনক ভালকৈ জানে, প্ৰত্যাহ্বানসমূহৰ বিষয়ে জানে আৰু গাঁৱৰ সৈতে আবেগিকভাৱে জড়িত৷ এই কাৰণতেই তেওঁ গাঁৱক যি ধৰণে আৱশ্যক সেই ধৰণে নিৰ্মাণ কৰিব পাৰিলে৷ নিজৰ গাঁও, নিজৰ ভেঁটি আৰু দেশৰ বাবে কিবা এটা কৰি দেখুওৱাৰ ভাব প্ৰতিগৰাকী ভাৰতীয়ৰ অধীনত স্বাভাৱিক ৰূপতে থাকে৷ কিন্তু কেতিয়াবা কেতিয়াবা সময়ৰ কাৰণত, কেতিয়াবা দূৰত্বৰ কাৰণত,কেতিয়াবা পৰিস্থিতিৰ কাৰণত তাৰ ওপৰত কেতিয়াবা পাতলীয়া চামনি পৰে৷ কিন্তু যদি এটা সৰু অঙঠাও তাক স্পৰ্শ কৰে যদি সি পুনৰ বাৰ উদ্ভাসিত হৈ উঠে আৰু পাৰ হৈ যোৱা দিনসমূহ নিজলৈ টানি আনে৷ আমিও অলপ গৱেষণা কৰি চোৱা উচিত যে আমাৰ ক্ষেত্ৰতো এনেকুৱা হোৱা নাইতো! স্থিতি, পৰিস্থিতি, দূৰত্বই আমাক পৃথক কৰা নাইতো, চামনি পৰা নাইতো! নিশ্চয়কৈ ভাবক৷

‘‘আদৰণীয়া প্ৰধানমন্ত্ৰী মহোদয়নমস্কাৰ৷ মই সন্তোষ কাকড়েকোলহাপুৰমহাৰাষ্ট্ৰৰ পৰা কৈছোঁ৷ পণ্টৰপুৰৰ ৱাৰী মহাৰাষ্ট্ৰৰ এক পুৰণি পৰম্পৰা৷ প্ৰত্যেক বৰ্ষত ইয়াক অতি উৎসাহেৰে পালন কৰা হয়৷ প্ৰায় ৭৮ লাখ ৱাৰকৰী ইয়াত অন্তৰ্ভুক্ত হয়৷ এই অতুলনীয় কাৰ্যসূচীৰ বিষয়ে দেশৰ অন্য জনতাও অৱগত হওক৷ সেইবাবে আপুনি ইয়াৰ বিষয়ে জনতাক কওক৷’’

সন্তোষ মহোদয়, আপোনাৰ ফোন কলৰ বাবে বহুত বহুত ধন্যবাদ৷

সঁচাকৈয়ে পণ্টৰপুৰৰ ‘ৱাৰী’ এক অতুলনীয় যাত্ৰা৷ বন্ধুসকল, আহাৰৰ একাদশী যি এইবাৰ ২৩ জুলাইত আছিল, সেইদিনা পণ্টৰপুৰৰ‘ৱাৰী’ পালন কৰা হয়৷ পণ্টৰপুৰ মহাৰাষ্ট্ৰ চোলাপুৰ জিলাৰ এখন পবিত্ৰ চহৰ৷ আহাৰ একাদশীৰ প্ৰায় ১৫–২০ দিন পূৰ্বৰে পৰা ‘ৱাৰকৰী’অৰ্থাৎ তীৰ্থযাত্ৰীসকলে পাল্কিৰ সৈতে পণ্টৰপুৰৰ যাত্ৰাৰ বাবে খোজকাঢ়ি যাত্ৰা কৰে৷ এই যাত্ৰা যাক ‘ৱাৰী’ বুলি কোৱা হয়, তাত লক্ষাধিক ‘ৱাৰকৰী’য়ে অংশগ্ৰহণ কৰে৷ সন্ত জ্ঞানেশ্বৰ আৰু সন্ত টুকাৰামৰ দৰে মহান সন্তৰ পাদুকা, পাল্কিত থৈ গীত গাই, নৃত্য কৰি পণ্টৰপুৰৰ দিশে যাত্ৰা কৰে৷ এই ‘ৱাৰী’ শিক্ষা, সংস্কাৰ আৰু শ্ৰদ্ধাৰ ত্ৰিৱেণী সংগম হয়৷ তীৰ্থযাত্ৰী ভগৱান বিত্থল যাক বিঠোৱা অথবা পাণ্ডুৰংগ বুলিও কোৱা হয় তেওঁৰ দৰ্শনৰ বাবে তাত উপস্থিত হয়৷ ভগৱান বিত্থলে দুখীয়া, বঞ্চিত, পীড়িতক ৰক্ষা কৰে৷ মহাৰাষ্ট্ৰ,কৰ্ণাটক, গোৱা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানাৰ জনতাৰ তেওঁৰ প্ৰতি অপাৰ শ্ৰদ্ধা আৰু ভক্তি আছে৷ পণ্টৰপুৰত বিত্থৱা মন্দিৰলৈ যোৱা আৰু তাৰ মহিমা, সৌন্দৰ্য, আধ্যাত্মিক আনন্দৰ এক অনন্য ৰূপ আছে৷ ‘মন কী বাত’ৰ শ্ৰোতাসকলক মই আহ্বান কৰিম যে কেতিয়াবা সুবিধা পালে পণ্টৰপুৰৰ ‘ৱাৰী’ৰ অনুভৱ নিশ্চয়কৈ লওক৷ জ্ঞানেশ্বৰ, নামদেৱ, একনাথ, ৰামদাস টুকাৰাম– এনে অসংখ্য সন্তই মহাৰাষ্ট্ৰত আজিও জনসাধাৰণক শিক্ষিত কৰে৷ ‘অন্ধ শ্ৰদ্ধা’ৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে আৰু হিন্দুস্তানৰ প্ৰতিটো প্ৰান্তত এই সন্তসকলে প্ৰেৰণা দিয়ে৷ ‘অন্ধ শ্ৰদ্ধা’ৰ বিৰুদ্ধে শ্ৰদ্ধাৰ সৈতে সমাজে যুঁজিবলৈ সমাজে শক্তি প্ৰাপ্ত কৰে৷ এওঁলোকে সময়ে সময়ে সমাজক বাৰণ কৰিছিল, দাপোণ দেখুৱাইছিল আৰু এয়া সুনিশ্চিত কৰাইছিল যে পুৰণি কুপ্ৰথা যাতে আমাৰ সমাজৰ পৰা নিঃশেষ হয় আৰু জনতাৰ মাজত যাতে কৰুণা, সমতা আৰু সুচিন্তাৰ সংস্কাৰ উৎপন্ন হয়৷ আমাৰ এই ভাৰত ভূমি বহুৰত্না বসুন্ধৰা কিয়নো সন্তসমূহৰ মহান পৰম্পৰা আমাৰ দেশত আছে, সেইদৰে সামৰ্থৱান মা–ভাৰতীক সমৰ্পিত মহাপুৰুষসকলে এই ধৰাৰ বাবে নিজৰ জীৱন আহুতি দিছে, সমৰ্পিত কৰিছে৷ এনেকুৱা এজন মহাপুৰুষ আছিল লোকমান্য তিলক যিয়ে অনেক ভাৰতীয়ৰ মনত নিজৰ ছাপ এৰি থৈ গৈছিল৷ আমি ২৩ জুলাইত তিলক জয়ন্তী আৰু ০১ আগষ্টত তেওঁৰ পুণ্যতিথিত তেওঁক স্মৰণ কৰোঁ৷ লোকমান্য তিলক সাহসী আৰু আত্মবিশ্বাসী আছিল৷ তেওঁৰ ব্ৰিটিছ শাসকক তেওঁলোকৰ ভুল–ক্ৰুটিসমূহ দেখুওৱাৰ শক্তি আৰু বুদ্ধিমত্তা আছিল৷ ইংৰাজসকলে লোকমান্য তিলকক ইমানেই ভয় খাইছিল যে তেওঁলোকে ২০ বছৰত তিলকৰ ওপৰত তিনি বাৰ ৰাজদ্ৰোহৰ দোষত অভিযুক্ত কৰোৱাৰ বাবে চেষ্টা কৰিছিল, আৰু এয়া সৰু কথা নছিল৷ মই লোকমান্য তিলক আৰু আহমেদাবাদত তেওঁৰ প্ৰতিমাৰ সৈতে জড়িত এক আমোদজনক ঘটনা আপোনালোকৰ সন্মুখত উত্থাপন কৰিব খুজিছোঁ৷ ১৯১৬ চনত অক্টোবৰ মাহত লোকমান্য তিলক যেতিয়া আহমেদাবাদলৈ আহিছিল, সেই সময়ত আজিৰ পৰা প্ৰায় এশ বছৰ পূৰ্বে ৪০,০০০ত কৈও অধিক জনতাই তেওঁক আহমেদাবাদত স্বাগতম জনাইছিল আৰু এই যাত্ৰাৰ মাজতেই চৰ্দাৰ বল্লভ ভাই পেটেলে তেওঁৰ সৈতে কথা পতাৰ সুযোগ পাইছিল আৰু চৰ্দাৰ বল্লভ ভাই পেটেল লোকমান্য তিলকৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল৷ যেতিয়া ০১ আগষ্ট ১৯২০ চনত লোকমান্য তিলক স্বৰ্গগামী হ’ল তেতিয়া তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে আহমেদাবাদত তিলকৰ এটা স্মাৰক স্থাপন কৰিব৷ চৰ্দাৰ বল্লভ ভাই পেটেল আহমেদাবাদৰ নগৰ পালিকাৰ মেয়ৰ হিচাপে নিৰ্বাচিত হ’ল আৰু তেওঁ ততালিকেই লোকমান্য তিলকৰ স্মাৰকৰ বাবে ভিক্ট’ৰিয়া গাৰ্ডেন নিৰ্বাচিত কৰিলে আৰু এই ভিক্ট’ৰিয়া গাৰ্ডেন ব্ৰিটেইনৰ মহাৰাণীৰ নামত আছিল৷ স্বাভাৱিকতে ব্ৰিটিছ তেওঁৰ ওপৰত অসন্তুষ্ট হ’ল আৰু উপায়ুক্তই ইয়াৰ বাবে অনুমতি দিয়াৰ বাবে পিছ হোঁহকি থাকিল কিন্চু চৰ্দাৰ চাহাব চৰ্দাৰেই আছিল৷ তেওঁ অটল আছিল আৰু কৈছিল যে লাগিলে তেওঁ পদত্যাগ কৰিব কিন্তু লোকমান্য তিলকৰ মূৰ্তি স্থাপন কৰিবই৷ শেষত এই মূৰ্তি প্ৰস্তুত হ’ল আৰু চৰ্দাৰ চাহাবে নহয়–২৮ ফেব্ৰুৱাৰী ১৯২৯ চনত মহাত্মা গান্ধীয়ে এই মূৰ্তিৰ উদঘাটন কৰে আৰু আমোদজনক কথা এয়ে যে সেই সমাৰোহত পূজ্য বাপুৱে ভাষণ প্ৰদান কৰি ক’লে যে চৰ্দাৰ পেটেল অহাৰ পিছত আহমেদাবাদৰ নগৰ পালিকাই কেৱল এজন ব্যক্তিয়েই নহয়, এজন সাহসী ব্যক্তি পালে যাৰ বাবে তিলকৰ মূৰ্তি স্থাপন সম্ভৱ হ’ল৷ মোৰ মৰমৰ দেশবাসীসকল, এই প্ৰতিমাৰ বৈশিষ্ট এয়ে যে তিলকৰ ই এনে এক দূৰ্লভ মূৰ্তি য’ত তেওঁ এখন আসনত বহি আছে আৰু ইয়াত লিখা আছে, ‘‘স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ’’৷ লোকমান্য তিলকৰৰ প্ৰয়াসতেই সাৰ্বজনিক গণেশ উৎসৱৰ পৰম্পৰা আৰম্ভ হ’ল৷ সাৰ্বজনিক গণেশ উৎসৱ পৰম্পৰাগত শ্ৰদ্ধা আৰু উৎসৱৰ সৈতে সমাজ জাগৰণ, সামুহিকতা, জনতাৰ মাজত সমতাৰ ভাৱ জাগ্ৰত কৰাৰ বাবে ই এক প্ৰভাৱী মাধ্যম হিচাপে বিবেচিত হৈছিল৷ সেই সময়খিনিত জনসাধাৰণ একগোট ইংৰাজৰ বিৰুদ্ধে যুঁজিবলৈ একত্ৰ হোৱাৰ সময় আছিল, এই উৎসৱসমূহে জাতি আৰু সম্প্ৰদায়ৰ বাধাসমূহ অতিক্ৰমি সকলোকে একগোট কৰাৰ কাম কৰিছিল৷ সময়ৰ সৈতে এই আয়োজনৰ জনপ্ৰিয়তা বাঢ়ি গ’ল৷ ইয়াৰ দ্বাৰাই গম পোৱা যায় যে আমাৰ প্ৰাচীন উত্তৰাধিকাৰ আৰু ইতিহাসৰ বীৰ নায়কৰ প্ৰতি আজিও আমাৰ তৰুণ প্ৰজন্ম আগ্ৰহী৷ আজি বহু চহৰত এনেকুৱা হয় যে আপোনালোকে দেখিব, প্ৰতিটো গলিতে গণেশৰ পেণ্ডেল দেখিবলৈ পোৱা যায়৷ গলিসমূহৰ পৰিয়ালসকলে মিলি এয়া অনুষ্ঠিত কৰে৷ এটা দলৰ হিচাপত কাম কৰে৷ এয়া আমাৰ যুৱপ্ৰজন্মৰ বাবে এক অতুলনীয় অৱকাশ, য’ত তেওঁলোকে নেতৃত্ব আৰু সংস্থাৰ দৰে গুণসমূহ শিকিব পাৰে, নিজৰ মাজত বিকশিত কৰিব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল৷ মই যোৱাবাৰ আগ্ৰহ কৰিছিলোঁ আৰু লোকমান্য তিলকক স্মৰণ কৰাৰ মুহূৰ্তত পুনৰবাৰ আপোনালোকক আহ্বান কৰিম যে এইবাৰো আপোনালোকে গণেশ উৎসৱ উদযাপন কৰক, ধুমধামেৰে পালন কৰক কিন্তু পৰিৱেশ অনুকূল গণেশ উৎসৱ পালন কৰাৰ বাবে গুৰুত্ব দিয়ক৷ গণেশৰ মূৰ্তিৰ পৰা আৰম্ভ কৰি সাজ–সজ্জাৰ সামগ্ৰী সকলো পৰিৱেশ অনুকূল হওক আৰু মই বিচাৰিম যে প্ৰতিখন চহৰত পৰিৱেশ অনুকূল গণেশ উৎসৱৰ প্ৰতিযোগিতা হওক, ইয়াত পুৰষ্কাৰৰ ব্যৱস্থা কৰা হওক৷ মই বিচাৰিম যে মাই গভতো আৰু নৰেন্দ্ৰ মোদী এপতো পৰিৱেশ অনুকূল গণেশ উৎসৱ পালনৰ ব্যাপক প্ৰচাৰ হওক৷ মই নিশ্চয়কৈ আপোনালোকৰ কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিম৷ লোকমান্য তিলকে দেশবাসীৰ অন্তৰত আত্মবিশ্বাস জগাই ধ্বনি দিছিল– ‘স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক আমি প্ৰাপ্ত কৰিমেই’’৷ আজি এয়া কোৱাৰ সময় যে স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু ইয়াক আমি প্ৰাপ্ত কৰিমেই৷ প্ৰতিজন ভাৰতীয়ৰ চিন্তা সুশাসন আৰু বিকাশৰ ভাল পৰিণামৰ প্ৰতি হ’ব লাগে৷ ইয়েই নতুন ভাৰত নিৰ্মাণ কৰিব৷ তিলকৰ জন্মৰ ৫০ বৰ্ষৰ পিছত ঠিক সেইদিনই অৰ্থাৎ ২৩ জুলাই তাৰিখে ভাৰতৰ এজন সুপুত্ৰৰ জন্ম হৈছিল যিয়ে নিজৰ জীৱন দেশবাসীয়ে যাতে স্বতন্ত্ৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে, তাৰবাবে বলিদান দিছিল৷ মই চন্দ্ৰশেখৰ আজাদৰ কথা কৈছোঁ৷ ভাৰতৰ এনেকুৱা কোন তৰুণ আছে যিয়ে এই শাৰীকেইটা শুনি প্ৰেৰণা নাপাব–         

‘सरफ़रोशी की तमन्ना अब हमारे दिल में है,

देखना है ज़ोर कितना बाज़ु–ए–कातिल में है’

এই শাৰীকেইটাই আশাফাক উল্লাহ খান, ভগৎ সিং, চন্দ্ৰশেখৰ আজাদৰে দৰে তৰুণক প্ৰেৰণা দিছিল৷ চন্দ্ৰশেখৰ আজাদৰ সাহস আৰু স্বতন্ত্ৰতাৰ বাবে তেওঁ ইচ্ছা, ইয়েই বহু তৰুণক প্ৰেৰণা দিছিল৷ আজাদে নিজৰ জীৱন বলিদান দিছিল কিন্তু বিদেশী শাসনৰ অধীনলৈ অহা নাছিল৷ এয়া মোৰ সৌভাগ্য যে মধ্যপ্ৰদেশত মই আজাদৰ গাঁও আলীৰাজপুৰলৈ যোৱাৰ সুযোগ পাইছোঁ৷ এলাহাবাদৰ চন্দ্ৰশেখৰ আজাদ উদ্যানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সুযোগ পাইছোঁ আৰু চন্দ্ৰশেখৰ আজাদ এনে এজন বীৰ পুৰুষ আছিল যি বিদেশীৰ গুলীত মৃত্যুবৰণ কৰিব খোজা নাছিল– স্বতন্ত্ৰতাৰ সৈতে জীয়াই থাকিম আৰু স্বতন্ত্ৰতাৰে মৰিম– এয়াই আছিল তেওঁৰ বিশেষত্ব৷ পুনৰবাৰ ভাৰত মাতাৰ দুজন সুপুত্ৰ লোকমান্য তিলক আৰু চন্দ্ৰশেখৰ আজাদক শ্ৰদ্ধাৰে সোঁৱৰিছো৷

আজি কিছুদিনৰ পূৰ্বে ফিনলেণ্ডত অনুষ্ঠিত হোৱা জুনিয়ৰ অনুৰ্ধ–২০ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰৰ প্ৰতিযোগিতাত ভাৰতৰ সাহসী কন্যা আৰু কৃষক কন্যা হিমা দাসে সোণৰ পদক জয় কৰি ইতিহাস ৰচিলে৷ দেশৰ আৰু এগৰাকী কন্যা একতা ভয়ানে মোৰ পত্ৰৰ উত্তৰ প্ৰদান কৰি ইণ্ডোনেছিয়াৰ পৰা মোলৈ ইমেইল কৰিছে যে তেওঁ এতিয়া এচিয়ান গেমছৰ প্ৰস্তুতি কৰি আছে৷ ইমেইলত একতাই লিখিছে– ‘কোনো এজন এথলীটৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ ক্ষণ সেইটোৱেই যেতিয়া তেওঁ ত্ৰিৰংগা ধাৰণ কৰে আৰু মই গৌৰৱবোধ কৰিছোঁ কিয়নো মই কৰি দেখুৱালো৷’ একতা, আমি সকলোৱে আপোনাক লৈ গৌৰৱ কৰিছোঁ৷ আপুনি দেশৰ নাম উজ্বল কৰিলে৷ টুনিশ্বাত বিশ্ব পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্স ২০১৮ত একতাই সোণ আৰু ব্ৰঞ্জৰ মেডেল জয় কৰিছে৷ তেওঁৰ এই প্ৰাপ্তি এইটো কাৰণতে বিশেষ যে তেওঁ প্ৰত্যাহ্বানক নেওচিও এই পদক জয় কৰিছে৷ একতা ভয়ানৰ ২০০৩ চনত পথ দূৰ্ঘটনাত তেওঁৰ শৰীৰৰ নিম্নভাগ কাম নকৰা হৈ পৰিছিল, কিন্তু সেই কন্যাই সাহস নেহেৰুৱাই নিজকে শক্তিশালী কৰি এই ফলাফল প্ৰাপ্ত কৰিলে৷ আৰু এজন দিব্যাংগ যোগেশ কঠুনিয়াই বাৰ্লিনৰ পেৰা এথলেটিকছ গ্ৰেণ্ড প্ৰিক্সত ডিচকাছ থ্ৰ’ত সোণৰ পদক জয় কৰি বিশ্ব ৰেকৰ্ড স্থাপন কৰিলে, তেওঁৰ সৈতে সুন্দৰ সিংহ গুৰ্জৰেও জেভলিনত সোণৰ পদক জয় কৰিলে৷ মই একতা ভয়ান, যোগেশ কঠুনিয়া আৰু সুন্দৰ সিংহক তেওঁলোকৰ উৎসাহ আৰু সাহসক চালাম কৰিছোঁ, অভিনন্দন জনাইছোঁ৷ আপোনালোক আগবাঢ়ক, খেলক আৰু আনন্দত থাকক৷

মোৰ মৰমৰ দেশবাসীসকল, আগষ্ট মাহটো ইতিহাসৰ অনেক ঘটনা, উৎসৱৰে ভৰা৷ কিন্তু জলবায়ুৰ কাৰণত কেতিয়াবা কেতিয়াবা বেমাৰতো আক্ৰান্ত হোৱা যায়৷ মই আপোনালোক সকলোৰে উত্তম স্বাস্থ্যৰ বাবে, দেশ ভক্তিৰ প্ৰেৰণা জাগ্ৰত কৰিবলৈ, আগষ্ট মাহৰ বাবে আৰু শতিকাজুৰি চলি অহা অনেক উৎসৱৰ বাবে অনেক শুভকামনা জনাইছোঁ৷ পুনৰ বাবে ‘মন কী বাত’ত লগ হ’ম৷

বহুত বহুত ধন্যবাদ৷ 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets President of the United Arab Emirates on the sidelines of the G7 Summit
June 17, 2026

Prime Minister Shri Narendra Modi today met with the President of the United Arab Emirates, His Highness Sheikh Mohamed bin Zayed Al Nahyan on the sidelines of the G7 Summit in Evian, France. This was the third meeting between the two leaders in 2026, reflecting the strong and vibrant India-UAE Comprehensive Strategic Partnership.

The two leaders reviewed the progress and positive developments in bilateral cooperation, including in the areas of technology, trade, investment, energy, and defence flowing from the visits of President His Highness Sheikh Mohamed Bin Zayed Al Nahyan to India in January 2026 and that of Prime Minister Shri Narendra Modi to the UAE in May 2026. The two leaders also exchanged views on regional and global developments of mutual interest.

Prime Minister underscored the importance of dialogue, diplomacy, and respect for international law, sovereignty, and territorial integrity in advancing enduring peace, security, and stability in the West Asia region. The two sides called for continued free, safe, and unimpeded navigation, trade and commerce through the Strait of Hormuz.

Prime Minister conveyed his invitation to President Sheikh Mohamed bin Zayed Al Nahyan to attend the BRICS Summit to be hosted by India later this year.