প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰৰ শ্বেখ পুৰাৰ ভিবিএছৱাই হিতাধিকাৰী, গাখীৰ বিক্ৰেতা শ্ৰীমতী নাজিয়া নজিৰৰ সৈতে মত বিনিময় কৰে
"জম্মু-কাশ্মীৰত ভিবিএছৱাইৰ প্ৰতি উৎসাহ দেশৰ বাকী অংশৰ বাবে এক ইতিবাচক বাৰ্তা: প্ৰধানমন্ত্ৰী"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই)ৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। চৰকাৰৰ প্ৰধান আঁচনিসমূহৰ সুবিধা লাভৰ বাবে দেশজুৰি বিকশিত ভাৰত সংকল্প যাত্ৰা আৰম্ভ কৰা হৈছে যাতে এই কথা সুনিশ্চিত কৰিব পৰা যায় যে এই আঁচনিসমূহৰ লাভ সকলো নিৰ্ধাৰিত হিতাধিকাৰীৰ ওচৰলৈ সময়মতে গৈ পায়।

জম্মু-কাশ্মীৰৰ শ্বেখ পুৰাৰ পৰা অহা গাখীৰ বিক্ৰেতা তথা ভিবিএছৱাইৰ হিতাধিকাৰী শ্ৰীমতী নাজিয়া নজিৰৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে সোধপোছ কৰে। তেওঁ উত্তৰ দিয়ে যে তেওঁৰ স্বামী এজন অটো চালক আৰু তেওঁৰ দুটা সন্তান ইউটিৰ চৰকাৰী বিদ্যালয়ত পঢ়ি আছে।

 

বিগত বছৰবোৰৰ তুলনাত নিজৰ গাঁৱত হোৱা স্পষ্ট পৰিৱৰ্তনৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে সোধা-পোছা কৰাত শ্ৰীমতী নাজিয়া নজিৰে উত্তৰ দিয়ে যে জল জীৱন মিছন এক গেম চেঞ্জাৰ হিচাপে প্ৰতিপন্ন হৈছে, য'ত নলেৰে স্বচ্ছ আৰু সুৰক্ষিত পানীৰ যোগান তেওঁলোকৰ ঘৰলৈ হৈ আছে, য'ত আগতে পানীৰ সমস্যা আছিল। তেওঁ উজ্জ্বলা যোজনাৰ অধীনত গেছ সংযোগৰ সুবিধা, চৰকাৰী বিদ্যালয়ত শিক্ষা আৰু PMGKAY আৰু ৫ বছৰৰ বাবে বৃদ্ধি কৰাতো প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁৰ গাঁৱত ভিবিএছৱাই ভ্যানৰ অভিজ্ঞতা আৰু প্ৰভাৱৰ বিষয়েও সোধা-পোছা কৰে। তেওঁ উত্তৰ দিয়ে যে জনসাধাৰণে কাশ্মীৰী সংস্কৃতি অনুসৰি শুভ অনুষ্ঠানত কৰা আচাৰ-ব্যৱহাৰেৰে ইয়াক আদৰণি জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীমতী নাজিয়া নজিৰৰ সৈতে মত বিনিময়ত আনন্দ প্ৰকাশ কৰে। তেওঁ কাশ্মীৰৰ নাৰী শক্তিৰ ওপৰতো আস্থা প্ৰকাশ কৰে, যি চৰকাৰৰ পৰা লাভ কৰা সুবিধা গ্ৰহণ কৰি নিজৰ সন্তানক শিক্ষিত কৰি দেশৰ উন্নয়নৰ উদ্দেশ্যেৰে আগবাঢ়িছে। তেওঁ কয়, “আপোনালোকৰ উৎসাহ মোৰ বাবে শক্তিৰ উৎস”, জম্মু-কাশ্মীৰত ভিবিএছৱাইৰ প্ৰতি থকা উৎসাহ দেখি দেশৰ বাকী অংশলৈ এটা ইতিবাচক বাৰ্তা যায়। তেওঁ লগতে কয় যে ই নতুন প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ গেৰাণ্টী। তেওঁ এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ লোক উন্নয়নৰ গতিত অন্তৰ্ভুক্ত হৈ আছে আৰু তেওঁ জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অৱদানৰ প্ৰশংসা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi