শ্বিনজো আবে ডাঙৰীয়াৰ অকাল আৰু মৰ্মান্তিক মৃত্যু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এক ব্যক্তিগত ক্ষতি। এলানি টুইটত তেওঁ দুখ ব্যক্ত কৰিছএ।

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এক বিশেষ সম্পৰ্ক আছিল, তেওঁলোকৰ বন্ধুত্ব বছৰ বছৰ পুৰণি।

২০০৭ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে জাপান ভ্ৰমণৰ সময়ত শ্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে শ্ৰীযুত শ্বিনজো আবেক সাক্ষা কৰিছিল৷ তেতিয়া শ্ৰীযুত আবে জাপানৰ প্ৰধানমন্ত্ৰী আছিল। বিশেষ ভংগীমা প্ৰদৰ্শন কৰি আবেই শ্ৰী মোদীক আতিথ্য প্ৰদান কৰে আৰু বিকাশৰ কেইবাটাও দিশত তেওঁৰ সৈতে মত বিনিময় কৰে। তেতিয়াৰে পৰা নেতাসকলে বহুবাৰ ইজনে সিজনক সাক্ষা কৰি আহিছে, যাৰ ফলত দুয়োখন দেশৰ মাজত সম্পৰ্ক শক্তিশালী হোৱাই নহয়, তেওঁলোকৰ মাজত এক চিৰস্থায়ী সম্পৰ্ক গঢ়ি উঠে৷

২০১২ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে চাৰিদিনীয়া কাৰ্যসূচীৰে জাপান ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়তো শ্ৰী মোদীয়ে তেতিয়াৰ বিৰোধী নেতা শ্বিনজো আবেক সাক্ষা কৰিছিল।

পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থাকিল আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক তেতিয়াই গভীৰ হৈ পৰে, যেতিয়া ২০১৪ চনত শ্ৰী মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে জাপানৰ কিয়’ট’ ভ্ৰমণ কৰিছিল। ভাৰত-জাপানৰ সম্পৰ্কৰ সজীৱতা প্ৰদৰ্শন কৰি শ্ৰীযুত আবেই প্ৰধানমন্ত্ৰী মোদীৰ বাবে এক নৈশ আহাৰ আয়োজন কৰে। কিয়’ট’ৰ সাংস্কৃতিক ঐতিহ্য উপভোগ কৰাৰ বাবেও প্ৰধানমন্ত্ৰী আবেই আনন্দ প্ৰকাশ কৰিছিল। দুয়োজন নেতাই একেলগে কিয়’ট’ৰ টোজি মন্দিৰ পৰিদৰ্শন কৰিছিল।

দুয়োগৰাকী নেতাৰ মাজত বন্ধুত্বপূৰ্ণ সমীকৰণৰ আন এক প্ৰতিফলনত ২০১৪ চনত জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত ব্রিজবেনত প্ৰধানমন্ত্ৰী আবেই প্ৰধানমন্ত্ৰী মোদীৰ বাবে এক বিশেষ নৈশ আহাৰ আয়োজন কৰিছিল৷

২০১৪ চনত তেওঁ পাঁচদিনীয়া জাপান ভ্ৰমণৰ সময়ত কিয়’ট’ৰ ইম্পেৰিয়েল গেষ্ট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ বাবে নৈশ আহাৰৰ ব্যৱস্থা কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আৰু বন্ধুত্বপূৰ্ণ আদৰণিৰ প্ৰতিদান ২০১৫ চনত বাৰাণসীত অনুষ্ঠিত হবলগীয়া আইকনিক গংগা আৰতিৰ বাবে প্ৰধানমন্ত্ৰী আবেক আতিথ্য প্ৰদান কৰি দশশ্বমেধ ঘাটত প্ৰাৰ্থনা, পৰিৱেশন আৰু গংগা আৰতিৰ সাক্ষী হয়।

এখন আলোচনা চক্ৰত নিজৰ চিন্তাধাৰা ব্যক্ত কৰি জাপানৰ প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা আৰতি অনুষ্ঠানটো এটা গম্ভীৰ পৰিৱেশৰ প্ৰদৰ্শিত অনুষ্ঠানৰ অন্যতম আছিল।প্ৰধানমন্ত্ৰী আবেই লগতে কয়,মাতৃ নদীৰ পাৰত যেতিয়া মই নিজকে সংগীত আৰু জুইৰ শিখাৰ ছন্দময় গতিৰ মাজত হেৰাই যাবলৈ দিলো, তেতিয়া এছিয়াৰ দুয়োটা মূৰক সংযোগ কৰা ইতিহাসৰ অটল গভীৰতা দেখি মই স্তম্ভিত হৈ পৰিলো৷ প্ৰধানমন্ত্ৰী আবেই স্বীকাৰ কৰে যে বাৰাণসীয়ে তেওঁক সমাসাৰৰ কথা মনত পেলাই দিছিল, যিটো শিক্ষাক জাপানীসকলেও প্ৰাচীন কালৰে পৰা মূল্য দি আহিছে।

২০১৬ চনত পুনৰ জাপান ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী আবেয়ে বুলেট ট্ৰেইনত উঠিছিল। টকিঅ’ৰ পৰা কোবেলৈ শ্বিনকানচেন ৰেলত উঠি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যাত্ৰা কৰিছিল।

২০১৭ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী আবেই ভাৰত ভ্ৰমণ কৰিছিল। বন্ধুত্বৰ চিন স্বৰূপে ২০১৭ চনত দ্বাদশ ভাৰত-জাপান বাৰ্ষিক সন্মিলনত উপস্থিত হোৱাৰ সময়ত আহমেদাবাদ বিমানবন্দৰত প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গ্ৰহণ কৰিবলৈ প্ৰটকল ভংগ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। আদৰণি অনুষ্ঠানৰ লগে লগে প্ৰধানমন্ত্ৰী আবে, তেওঁৰ পত্নী আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন খোলা জীপত উঠি মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সাৱৰমতী আশ্ৰমলৈ ৰাওনা হয়। পিছত তেওঁলোকে ছিদি ছৈয়েদৰ মছজিদৰ লগতে দাণ্ডি কুটীৰ প্ৰত্যক্ষ কৰে।

 

 

ইয়াৰপাছতে এটা ঐতিহাসিক মুহূৰ্ত আহিল, যেতিয়া দুয়োগৰাকী নেতাই যুটীয়াভাৱে আহমেদাবাদ আৰু মুম্বাইৰ মাজত ভাৰতৰ প্ৰথমটো দ্ৰুতবেগী ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটোৰ বাবে কাৰিকৰী আৰু আৰ্থিক সহায়ৰ বাবে প্ৰধানমন্ত্ৰী আবেক কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

২০১৮চনত মনোৰম য়ামানাছি প্ৰিফেকচাৰত প্ৰধানমন্ত্ৰী আবেই প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰে। কেৱল ইমানেই নহয়, তেওঁ য়ামানাছিৰ কাৱাগুচি হ্ৰদৰ সমীপৰ তেওঁৰ নিজা ঘৰত প্ৰধানমন্ত্ৰী মোদীক আতিথ্য প্ৰদান কৰিছিল।

দুয়োগৰাকী নেতাই য়ামানাছিত বিশ্বৰ অন্যতম বৃহ ঔদ্যোগিক ৰ’ব’ট নিৰ্মাতা জাপানৰ ফানুক কৰ্পৰেশ্যন পৰিদৰ্শন কৰে। দুগৰাকী নেতাই ৰ’ব’টিক্স আৰু অটোমেচনৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।

২০১৯ চনত মাত্ৰ চাৰি মাহৰ ভিতৰতে ওছাকাত (জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত), ভ্লাদিভষ্টকত (পূব অৰ্থনৈতিক মঞ্চৰ সময়ত) আৰু বেংককত (ভাৰত-আছিয়ান আৰু পূব এছিয়া শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে) তিনিবাৰকৈ বৈঠকত মিলিত হয়।

২০২০ চনৰ মাজভাগত যেতিয়া অসুস্থতাৰ বাবে আবেই জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰিছিল। এই সন্দৰ্ভত আবেই কৈছিল যে তেওঁক প্ৰধানমন্ত্ৰী মোদীৰ মনোভাৱে গভীৰভাৱে চুই গৈছে আৰু তেওঁৰ উষ্ণ কথাৰ বাবে তেওঁক ধন্যবাদ জনাইছিল।

 

শেহতীয়াতৈ, আনকি প্রধানমন্ত্রী মোদীয়ে কোৱাড ছামিটৰ বাবে জাপান ভ্ৰমণৰ সময়তো প্রধানমন্ত্রী মোদীয়ে পুনৰবাৰ জাপানৰ প্রাক্তন প্রধানমন্ত্রী শ্বিনজো আবেক সাক্ষা কৰিছিল, য’ত তেওঁলোকে ভাৰত-জাপানৰ অংশীদাৰিত্বৰ বিস্তৃত পৰিসৰৰ লগতে সাংস্কৃতিক আৰু আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কক আগুৱাই নিয়াৰ সন্দৰ্ভত আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership