প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে (CCEA) ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (MSP)ত অনুমোদন জনাইছে।

২০২৫-২৬ বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ (টিডি-৩ গ্ৰেড) এমএছপি প্ৰতি কুইন্টলত ৫,৬৫০/- টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ তুলনাত ৬৬.৮ শতাংশ লাভ নিশ্চিত হ’ব। ২০২৫-২৬ বিপণন বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ অনুমোদিত এমএছপি চৰকাৰে ২০১৮-১৯ৰ বাজেটত ঘোষণা কৰা অনুসৰি সমগ্ৰ ভাৰতৰ ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ কমেও ১.৫ গুণৰ স্তৰত এমএছপি নিৰ্ধাৰণৰ নীতিৰে সামঞ্জস্যপূৰ্ণ।

২০২৫-২৬ বিপণন বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ এমএছপি পূৰ্বৰ ২০২৪-২৫ বিপণন বৰ্ষৰ তুলনাত প্ৰতি কুইন্টলত ৩১৫/- টকা বৃদ্ধি। ভাৰত চৰকাৰে ২০১৪-১৫ত কেঁচা মৰাপাটৰ এমএছপি প্ৰতি কুইন্টলত ২৪০০/- টকাপৰা ২০২৫-২৬ত প্ৰতি কুইন্টলত ৫,৬৫০/- টকালৈ বৃদ্ধি কৰে। এয়া প্ৰতি কুইন্টলত ৩২৫০/- টকা (২.৩৫ গুণ) বৃদ্ধি।

২০১৪-১৫ৰ পৰা ২০২৪-২৫লৈকে মৰাপাটৰ কৃষকসকলক প্ৰদান কৰা এমএছপি পৰিমাণ ১৩০০ কোটি টকাৰ বিপৰীতে ২০০৪-০৫ৰ পৰা ২০১৩-১৪লৈকে প্ৰদান কৰা ধনৰাশিৰ পৰিমাণ আছিল মাত্ৰ ৪৪১ কোটি টকা।

উল্লেখযোগ্য যে ৪০ লাখ কৃষক পৰিয়ালৰ জীৱিকা প্ৰত্যক্ষ বা পৰোক্ষভাৱে মৰাপাট উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল। প্ৰায় ৪ লাখ শ্ৰমিকে জুট মিলত প্ৰত্যক্ষ কৰ্মসংস্থাপন লাভ কৰিছে। যোৱা বছৰ ১ লাখ ৭০ হাজাৰ কৃষকৰপৰা মৰাপাট ক্ৰয় কৰা হৈছিল। ইয়াৰে ৮২% মৰাপাট খেতিয়ক হৈছে পশ্চিমবংগৰ। একেদৰে অসম আৰু বিহাৰৰ ৯%কৈ আছিল।

ভাৰতীয় মৰাপাট নিগমে (JCI) কেন্দ্ৰীয় চৰকাৰৰ ন’ডেল এজেন্সী হিচাপে মূল্য সহায়ক কাৰ্য্যকলাপ গ্ৰহণ কৰি থাকিব আৰু এনে কাৰ্য্যকলাপত লোকচান হ’লে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে পৰিশোধ কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’

Media Coverage

PM Modi at BRICS summit: Dismantle ‘pyramid of privilege’ to make Global South a ‘rule-shaper’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Junior Men’s Hockey Team on winning Asia Cup
September 13, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 victory in the final.

The Prime Minister described the achievement as remarkable and said that the feat reflects the immense talent of the young players.

Shri Modi extended his best wishes to the entire team.

The Prime Minister wrote on X;

“Congratulations to our Junior Men’s Hockey Team on winning the Asia Cup with an emphatic 4-1 win in the final. It is indeed a remarkable achievement.

This feat reflects the immense talent of our young players. Best wishes to the entire team!”