প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামছাইৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ  প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।

অৰুণাচল প্ৰদেশৰ নামচাইৰ বাসিন্দা শ্ৰী লাকাৰ পালেঙে প্ৰধানমন্ত্ৰীক চৰকাৰৰ সহায়ত নিৰ্মাণ কৰা পকী ঘৰৰ বিষয়ে অৱগত কৰে। তেওঁ জল জীৱন মিছনৰ দ্বাৰা অনা পৰিৱৰ্তনৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনায়।

শ্ৰী লাকৰে প্ৰধানমন্ত্ৰীক 'জয় হিন্দ' ৰে শুভেচ্ছা জনোৱাৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয় যে অৰুণাচলত জয় হিন্দ অতি জনপ্ৰিয় শুভেচ্ছাবাণী আৰু অৰুণাচলৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰাটো সদায়েই আনন্দদায়ক।

শ্ৰী লাকাৰক তেওঁৰ গাঁও পঞ্চায়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ বিষয়ে অৱগত কৰিছিল, ফলত ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অন্তৰ্নিহিত বাৰ্তা তেওঁৰ বাবে অতি স্পষ্ট আছিল। প্ৰধানমন্ত্ৰীয়ে গাওঁবাসীক ৫টা দল গঠন কৰিবলৈ আৰু পাঁচখন গাঁৱলৈ গৈ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ 'মোডী কি গেৰাণ্টি' বাহন আহি আছে বুলি জনাবলৈ কয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships