প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰ, ২০১৯ত একাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জাইৰ মেছিয়াছ বলছোনাৰোৰ সৈতে বৈঠকত মিলিত হয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ২০২০ চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰে৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়েও কৃতজ্ঞতাৰে আমন্ত্ৰণ গ্ৰহণ কৰে৷

বৈঠকত দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰাৰৰ বিষয়ে সহমত প্ৰকাশ কৰে৷ প্ৰধানমন্ত্রী মোদীয়ে কয় যে বাণিজ্য সংক্রান্তীয় বিষয়সমূহক লৈ আলোচনাৰ ক্ষেত্ৰত তেওঁ অতি আশাবাদী। ভাৰতত কৃষি সা-সৰঞ্জাম, পশুপালন, শস্য চপোৱাৰ পাছত আধুনিক প্ৰযুক্তি আৰু জৈৱ ইন্ধনৰ দৰে বিভিন্ন ক্ষেত্রত ব্রাজিলৰ বিনিয়োগৰ সম্ভাৱনাৰ কথাও তেওঁ উল্লেখ কৰে৷

 

এই ক্ষেত্ৰসমূহত সাহায্যৰ ক্ষেত্ৰত ব্রাজিলৰ আগ্ৰহৰ কথাও প্ৰকাশ কৰি দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে জনায় যে অহা বছৰ ভাৰত ভ্ৰমণৰ সময়ত এটি বৃহৎ বাণিজ্য প্ৰতিনিধি দলো তেওঁৰ সৈতে থাকিব। দুয়োগৰাকী নেতাই মহাকাশ আৰু প্ৰতিৰক্ষাকে ধৰি একাধিক বিষয়ত সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰে৷ ভাৰতীয় নাগৰিকে ভিছা অবিহনে ব্রাজিল ভ্ৰমণৰ বাবে ৰাষ্ট্ৰপতিৰ ঘোষণাক প্ৰধানমন্ত্রীয়ে আদৰণী জনায়৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari