ইউৰোপীয়ান কাউন্সিলৰ অধ্যক্ষ চাৰ্লছ মাইকেলৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৃন্দৰ এখনি সভাত অংশগ্ৰহণ কৰে। ইউৰোপীয়ান কাউন্সিলৰ অধ্যক্ষ আৰু সামগ্ৰিক ভাবে কাউন্সিলখনকে ধৰি ইউৰোপীয়ান ইউনিয়নৰ আটাইকেইখন সদস্য দেশৰ নেতৃবৃন্দৰ উপস্থিতিত অনুষ্ঠিত সভাখন ‘হাইব্ৰিড ফৰ্মেট’ত অনুষ্ঠিত হৈছিল। ইউৰোপীয়ান ইউনিয়নৰ ২৭খন সদস্য দেশৰ প্ৰতিনিধিক লৈ ভাৰতৰ সৈতে অনুষ্ঠিত কৰা এইখন হ’ল প্ৰথম এনেধৰণৰ সভা। ইউৰোপীয়ান ইউনিয়নৰ প’ৰ্টোগীজ প্ৰেছিডেন্সীয়ে গ্ৰহণ কৰা বিশেষ তত্পৰতাতে আজিৰ সভাখন অনুষ্ঠিত হৈছিল।

সভাত গণতন্ত্ৰ, মৌলিক স্বাধীনতা, আইনৰ শাসন আৰু বহুপক্ষীয় অংশীদাৰিত্বমূলক দায়বদ্ধতাৰ ভিত্তিত ভাৰত-ইউৰোপীয়ান ইউনিয়নৰ মাজত ৰণ-কৌশলগত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তোলাৰ অভিপ্ৰায় প্ৰকট কৰা হয়। নেতাসকলে তিনিটা প্ৰধান প্ৰসংগত সহযোগিতা বৃদ্ধিত বিশেষ গুৰুত্ব প্ৰদান কৰে। সেয়া হৈছে: (১)বৈদেশিক নীতি আৰু সুৰক্ষা, (২)ক’ভিড-১৯, জলবায়ু পৰিৱৰ্তন আৰু পাৰিপাৰ্শ্বিকতা, আৰু (৩)বেহা-বেপাৰ, সংযোগীকৰণ আৰু প্ৰযুক্তি। ক’ভিড মহামাৰীক পৰাভূত কৰা আৰু অৰ্থনৈতিক পুনৰুথ্থান, জলবায়ু পৰিৱৰ্তনৰে মোকাবিলা কৰা আৰু বহু পক্ষীয় সংস্থাসমূহৰ সংস্কাৰ সাধন কৰা। ক’ভিড-ৰ দ্বিতীয়টো ঢৌৱে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ইউৰোপীয়ান ইউনিয়নে আগবঢ়োৱা তত্কালীন সহযোগিতাৰ বাবে ইউনিয়নৰ সদস্য দেশসমূহক ভাৰতে ভূয়সী প্ৰশংসা কৰে।

সমতুলিত আৰু বিস্তৃত পৰিসৰত মুক্ত বাণিজ্য আৰু বিনিয়োগ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰসংগত আলোচনা পুনৰাম্ভ কৰাৰ সিদ্ধান্তক উপস্থিত নেতৃবৃন্দই আদৰণি জনায়। বণিজ্য আৰু বিনিয়োগ উভয় ক্ষেত্ৰত সমান্তৰাল ভাবেই চুক্তি সম্পাদিত কৰিব পৰাকৈ প্ৰক্ৰিয়া খৰটকীয়াকৈ আগবঢ়াই নিয়াটো সভাত পোষকতা কৰা হয়।  ডিজিটেল, শক্তি, পৰিবহণ আৰু পৰস্পৰৰ নাগৰিকসকলৰ মাজত পোণ পটীয়া সম্পৰ্ক স্থাপন দৰে প্ৰসংগত ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নে এই অভিলাসী  আৰু বিস্তৃত পৰিসৰৰ সংযোগীকৰণ সহযোগিতা সম্পৰ্কীয় উদ্যোগৰ পদক্ষেপ হাতত লৈছে।

‘পেৰিছ চুক্তি’য়ে নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহত উপনীত হোৱাৰ ক্ষেত্ৰত দায়বদ্ধ হোৱাৰ কথা ভাৰত তথা ইউৰোপীয়ান ইউনিয়নৰ নেতৃবৃন্দই পুনৰ দোহাৰে। নেতাসকলে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰশমন, অুনুকলন তথা প্ৰতিস্থাপনৰ লগতে ‘চিঅ’পি২৬’ৰ ৰূপায়ণৰ ক্ষেত্ৰত বিত্তীয় সহযোগিতাকে ধৰি যাৱতীয় সকলো ধৰণৰ প্ৰসংগত উভয় পক্ষৰ সংঘবদ্ধ প্ৰয়াস শক্তিশালী কৰি তোলাৰ বাবে সহমত ব্যক্ত কৰে।

ভাৰত আৰু ইউৰোপীয়ান ইউনিয়নে ৰণ কৌশলগত সহযোগিতা মূলক সম্পৰ্কক এক নতুন গতি প্ৰদানৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ২০২০ চনৰ জুলাই মাহৰ ১৫তাৰিখে অনুষ্ঠিত ‘ভাৰত-ইইউ শীৰ্ষ সন্মিলন’ত গ্ৰহণ কৰা ‘ইণ্ডিয়া-ইইউ ৰোডমেপ’ শীৰ্ষক অভিলাসী কৰ্ম-পৰিকল্পনা খন ৰূপায়ণৰ প্ৰসংগতো নতুন উদ্যোগ গ্ৰহণৰ সিদ্ধান্ত লয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'

Media Coverage

PM Modi Leads International Yoga Day Event In Kolkata, Says It Has Become 'World's Biggest Festival'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Tiruvallur district of Tamil Nadu
June 21, 2026

The Prime Minister, Shri Narendra Modi has expressed deep grief over the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu.

The Prime Minister conveyed his condolences to those who have lost their loved ones.

Shri Modi also prayed for the speedy recovery of the injured.

The Prime Minister’s Office posted on X;

“Deeply pained to hear about the loss of lives due to a mishap in Tiruvallur district of Tamil Nadu. My condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured: PM @narendramodi”