১. আমি ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা, ব্ৰিকছ সদস্যভূক্ত দেশসমূহৰ নেতৃবৰ্গই ৩০ নৱেম্বৰ, ২০১৮ত এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছো। আর্জেণ্টিনাৰ বুয়েন্‌ছ আয়াৰছত জি–২০ সন্মিলনৰ লগত সংগতি ৰাখি এই বৈঠক অনুষ্ঠিত কৰা হয়। ২০১৮ বৰ্ষৰ জি–২০ সন্মিলন আয়োজন কৰাৰ বাবে আৰু আমাক আতিথ্য প্ৰদান কৰাৰ বাবে আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতিক আমি অভিনন্দন জ্ঞাপন কৰিছো৷

২. আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, নিৰাপত্তা আৰু অর্থনৈতিক নিৰাপত্তাৰ সৈতে জড়িত বিভিন্ন দিশৰ সন্দৰ্ভত দেখা দিয়া প্ৰত্যাহ্বান মোকাবিলা কৰাৰ পন্থাপদ্ধতিক লৈ মতবিনিময় কৰো। বিশ্ব শান্তি আৰু সুস্থিৰতাৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ নির্দেশনা অনুযায়ী কাম কৰাৰ বাবে আমি পুনৰ প্ৰতিশ্রুতিবদ্ধ হৈছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শান্তি, সুস্থিৰতা বজাই ৰখাৰ বাবে আমি পাৰস্পৰিক সহযোগিতা বৃদ্ধিত সহমত প্ৰকাশ কৰিছো৷

৩. আমি সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছো। কেইবাখনো ব্ৰিকছ সদস্যভুক্ত দেশকে ধৰি সমগ্ৰ বিশ্বৰ সকলো সন্ত্রাসবাদক আমি গৰিহণা দিও৷ সন্ত্রাসবাদ নির্মূলকৰণৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো৷ ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা নির্দেশনা আৰু আইনী ব্যৱস্থা অনুসৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্ত্রাসবাদী সমস্যা মোকাবিলা কৰাৰ যৌথ প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আমি প্ৰতিশ্ৰুত লৈছো৷ সন্ত্রাসবাদৰ সৈতে মোকাবিলাৰ কৰাৰ ক্ষেত্রত আমি সকলো দেশকে এক সুসংহত পৰিকল্পনা গ্ৰহণ কৰাৰ আহ্বান জনাইছো৷

৪. আমি বিশ্ব বাণিজ্য সংস্থাৰ অধীনত স্বচ্ছ লেনদেন, মুক্ত বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱসায়িক আদান–প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷ তদুপৰি, বিশ্ব বাণিজ্য সংস্থাৰ সদস্য দেশসমূহৰ মাজত কাম–কাজ উন্নয়নৰ দিশত আলোচনাত মিলিত হৈছো৷

৫. আমি বিশ্ব বাণিজ্য সংস্থাৰ সামঞ্জস্যহীন পদক্ষেপসমূহৰ বিৰোধিতা কৰি বিশ্ব বাণিজ্য সংস্থাৰ অধীনত যিবোৰ প্ৰতিশ্রুতি গ্ৰহণ কৰা হৈছে, জি–২০ সদস্য দেশসমূহেও সেইবোৰ অৱলম্বন কৰিব৷

৬. বর্তমান আৰু ভৱিষ্যতৰ বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ডব্লিউটিঅ’ৰ সৈতে আমি একেলগে কাম কৰি যাম। এই লক্ষ্যৰে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যভুক্ত দেশগুলিৰ স্বার্থসমূহ প্ৰতিফলিত হ’ব লাগিব। বিশেষকৈ উন্নয়নশীল দেশসমূহৰ স্বার্থসমূহৰ প্ৰতিও দৃষ্টি দিব লাগিব৷

৭. আমি বিশ্ব বাণিজ্য সংস্থাৰ যথাযথ কাম–কাজৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷ ই সঠিকভাবে কাম কৰিলে সদস্য দেশসমূহে ভৱিষ্যতে ইয়াৰ ওপৰত আস্থা বজাই ৰাখিব পাৰিব৷

৮. বিশ্ব বাণিজ্য সংস্থাৰ সদস্যভুক্ত অন্য দেশসমূহৰ সৈতে যুটীয়াভাবে কাম কৰিবলৈ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ আমি সহমত প্ৰকাশ কৰিছো৷ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে তথা বিশ্ব অর্থনীতিৰ শক্তিশালীকৰণৰ লক্ষ্যেৰে আমি একলগে কাম কৰি যাম।

৯.  আমি জি–২০ সন্মিলনৰ আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতিৰ মূল ভাৱনা সুস্থিৰ উন্নয়নৰ লক্ষ্যৰে স্বচ্ছ চিন্তা–ভাৱনা গঠন আৰু এই লক্ষ্যত কাম কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ বিষয়টোৰ আদৰণি জনাইছো৷ খাদ্য নিৰাপত্তা আৰু সুস্থিৰ ভৱিষ্যতৰ বাবে আর্জেণ্টিনাৰ ৰাষ্ট্ৰপতিয়ে যি লক্ষ্য স্থিৰ কৰিছে, তাকো আদৰণি জনাইছো৷

১০. আমি আন্তঃগাঁথনি উন্নয়ন আৰু বিশ্বত সম্পদৰ উপযুক্ত মূল্যায়ন, দুৰ্যোগৰ মোকাবিলা তথা নতুন উন্নয়ন বেংককে ধৰি যৌথ প্ৰচেষ্টাসমূহ কার্যকৰী কৰাৰ ক্ষেত্ৰত জোৰ দিছো৷

১১. আমি আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক নিৰাপত্তাৰ দাবী জনাইছো। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা আইএমএফৰ অন্তর্ভুক্ত সকলো সম্পদৰ উপযুক্ত ব্যৱহাৰ হোৱাটো অতি প্ৰয়োজন। আইএমএফৰ পঞ্চদশ সাধাৰণ পর্যালোচনা বৈঠকত যিবোৰ বিষয় উত্থাপন হৈছে, সেয়া যথাযথভাৱে পালন কৰিবলৈ আমি অংগীকাৰবদ্ধ। বিশ্ব অর্থনীতিৰ উন্নয়নত উন্নয়নশীল দেশসমূহৰ ভূমিকা বিশেষভাবে উল্লেখযোগ্য। ২০১৯ৰ বার্ষিক বৈঠকৰ পূৰ্বে অর্থনীতিৰ উন্নয়নৰ ওপৰত আৰু অধিক জোৰ দিব লাগিব৷

১২. বহনক্ষম উন্নয়ন, ২০৩০ৰ সন্মিলনৰ মূল ভাৱনা। ইয়াক কার্যকৰী কৰাৰ বাবে উপযুক্তভাবে কাম কৰিব লাগিব। সর্বসন্মতভাবে মুক্ত বাণিজ্য, অর্থনৈতিক, সামাজিক আৰু পৰিৱেশগত উন্নয়নৰ লক্ষ্যৰে কাম কৰিব লাগিব। আমি উন্নত দেশসমূহক তেওঁলোকৰ চৰকাৰী উন্নয়নমূলক সাহায্যৰ সম্পর্কে যি দায়বদ্ধতা আছে, তাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আহ্বান জনোৱাৰ লগতে উন্নয়নশীল দেশসমূহক অতিৰিক্ত উন্নয়নমূলক সাহায্য সম্পদ যোগান ধৰিবলৈ অনুৰোধ জনাইছো৷

১৩. বিশ্ব অর্থনীতিৰ সম্প্ৰসাৰণ হৈছে, যদিও বর্তমান ইয়াৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কেতবোৰ সমস্যাই দেখা দিছে। আমি সকলোধৰণৰ সমস্যা সম্পর্কে জ্ঞাত। কোনো বৃহৎ অর্থনৈতিক দুৰ্যোগ যাতে উদ্ভৱ নহয় আৰু বর্তমানে যি সমস্যা আছে তাৰ দ্রুত সমাধান কৰা যায়, সেই লক্ষ্যৰে আমি কাম কৰি আহিছো। আমি অর্থনীতিবিদসকলক নীতি নির্ধাৰণৰ বাবে আহ্বান জনাইছো৷

১৪. জলবায়ু পৰিৱর্তনক লৈ আমি পেৰিছ চুক্তি কার্যকৰী কৰাৰ ক্ষেত্ৰত সম্পূর্ণ একমতত উপনীত হৈছো৷ আমি উন্নত দেশসমূহক তেওঁলোকৰ অর্থনৈতিক, কাৰিকৰী আৰু নির্মাণৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ আহ্বান জনাইছো৷ পেৰিছ জলবায়ু চুক্তি গ্ৰহণৰ বাবে উন্নত দেশসমূহে যাতে সৰ্বাংগীন সহযোগিতা আগবঢ়ায় এয়াই আমাৰ আশা৷ সেউজ জলবায়ু পুঁজিৰ সফলভাৱে ৰূপায়ণৰ বাবে আমি গুৰুত্ব আৰোপ কৰিছো৷

১৫. ২০১৮ চনৰ ২৫–২৭লৈ জোহান্সবার্গত দশম ব্ৰিকছ সন্মিলন সফতাৰে আয়োজন কৰাৰ বাবে আমি দক্ষিণ আফ্রিকাক পুনৰ উষ্ণ অভিনন্দন জনাইছো। আমাৰ জনগণৰ উন্নয়নত আমি কৌশলগত অংশীদাৰিত্ব বজাই ৰাখিবলৈ সহমত প্ৰকাশ কৰিছো৷ অর্থনীতি, শান্তি, নিৰাপত্তা, প্ৰতিখন ৰাষ্ট্ৰৰ মানুহৰ মাজত ভাৱ বিনিময়কে ধৰি বিভিন্ন ক্ষেত্রৰ মান উন্নয়নত দক্ষিণ আফ্রিকাৰ নেতৃত্বত ব্ৰিকছে যি সফলতা অর্জন কৰিছে, তাক লৈ আমি সন্তোষ প্ৰকাশ কৰিছো৷ আমি নতুন শিল্প বিপ্লৱ, ব্ৰিকছ টিকা গবেষণা উন্নয়ন কেন্দ্ৰ, ব্ৰিকছ শক্তি গৱেষণা সহযোগিতা ক্ষেত্ৰ আৰু ছাও পাওলোত আমেৰিকাৰ উন্নয়ন বেংক স্থাপন ইত্যাদি বিভিন্ন ক্ষেত্রত ব্ৰিকছৰ কার্যকৰী ভূমিকাৰো প্ৰশংসা কৰিছো। জোহান্সবার্গ সন্মিলন আৰু ইয়াৰ পূৰ্বে অনুষ্ঠিত অন্যান্য সন্মিলনসমূহত যিবোৰ বিষয়ে গুৰুত্ব লাভ কৰিছে, সেইবোৰৰ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ৷

১৬. ২০১৯ চনত ব্রাজিলত অনুষ্ঠিত হ’বলগীয়া একাদশ ব্ৰিকছ সন্মিলনৰ বাবে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছো৷ সন্মিলনখনি সম্পূর্ণ সফলতাৰে আয়োজন কৰাৰ বাবে আমি ব্রাজিলক আমাৰ পূর্ণ সমর্থন জনাইছো৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership