প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব জল দিৱস উপলক্ষে প্ৰতিটোপাল পানী সংৰক্ষণৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ তেওঁ ব্যক্তি আৰু যিবোৰ প্রতিষ্ঠানে পানী সংৰক্ষণৰ কামত জড়িত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে৷

এলানি টুইটযোগে প্রধানমন্ত্রীয়ে কয়,

“বিগত কেইবা বছৰ ধৰি পানী সংৰক্ষণ গন আন্দোলনত পৰিণত হোৱাৰ বাবে বহুত ভাল লাগিছে। দেশৰ প্রতিটো প্রান্তত পানী সংৰক্ষণৰ বাবে বিভিন্ন উদ্ভাৱনী পদক্ষেপ লোৱা হৈছে। পানী সংৰক্ষণক লৈ যিবোৰ প্রতিষ্ঠান আৰু ব্যক্তিয়ে কাম কৰিছে তেওঁলোক প্রশংসাৰ পাত্ৰ।”

“অদ্ভিঃ সর্বানি ভূতানি জীৱন্তি প্রভৱন্তি চ।।

বিশ্ব জল দিৱসত আহক আমি শপত লওঁ যে আমি প্ৰতিটোপাল পানী সংৰক্ষণ কৰিম। আমি নাগৰিকসকলৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিম আৰু পানী সংৰক্ষণৰ বাবে দেশত জল জীৱন মিচনৰ দৰে বিভিন্ন প্রকল্প ৰূপায়ণ কৰা হৈছে৷”

জল জীৱন মিচনৰ জৰিয়তে “মা-ভগ্নীসকলৰ জীৱনযাত্রাক সহজ কৰি তোলা হৈছে৷ প্রত্যেকৰে অংশীদাৰিত্বৰ জৰিয়তে ঘৰে ঘৰে নলসংযোগী পানী প্ৰদানৰ সংকল্প পূৰণ হ’ব।”

“আহক আমি সুস্থিৰ এটা গ্রহৰ বাবে আৰু অধিক জল সংৰক্ষণত ব্রতী হও৷ প্রতিটোপাল পানী সংৰক্ষণৰ জৰিয়তে জনসাধাৰণ উপকৃত হ’ব আৰু আমাৰ উন্নয়ন ত্বৰান্বিত হ’ব৷”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership