ক্ৰমিক নং

 চুক্তি বুজাবুজি চুক্তি

শ্ৰীলংকা পক্ষৰ প্ৰতিনিধি

ভাৰতীয় পক্ষৰ প্ৰতিনিধি

1.

বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।

অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয়

শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব

2.

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ মাজত ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যা স্কেলত ৰূপায়িত সফল ডিজিটেল সমাধানৰ ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি।

শ্ৰী ৱাৰুনা শ্ৰী ধনপালা, ভাৰপ্ৰাপ্ত সচিব, ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়

শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব

3.

ভাৰত চৰকাৰ, শ্ৰীলংকা চৰকাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী চৰকাৰৰ মাজত শক্তি কেন্দ্ৰ হিচাপে ট্ৰিংকোমালিৰ উন্নয়নত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি।

অধ্যাপক কে টি এম উদয়ংগা হেমাপালা, সচিব, শক্তি মন্ত্ৰালয়

শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব

4.

ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তি।

এয়াৰ ভাইচ মাৰ্শ্বাল সম্পাথ থুয়াকন্থা (অৱসৰপ্ৰাপ্ত),

সচিব, প্ৰতিৰক্ষা মন্ত্ৰালয়

শ্ৰী বিক্ৰম মিশ্ৰি,
বৈদেশিক সচিব

5.

পূব প্ৰদেশৰ বাবে বহুখণ্ডীয় অনুদান সাহায্যৰ বুজাবুজি চুক্তি

শ্ৰী কে এম এম ছিৰিৱৰ্দনা, সচিব, বিত্ত, পৰিকল্পনা আৰু অৰ্থনৈতিক উন্নয়ন মন্ত্ৰালয়

শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত

6.

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু শ্ৰীলংকা চৰকাৰৰ স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজি চুক্তি।

ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়

শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত

7.

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ভাৰতীয় ফাৰ্মাকোপিয়া আয়োগ আৰু শ্ৰীলংকা চৰকাৰৰ ৰাষ্ট্ৰীয় ঔষধ নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ মাজত ফাৰ্মাকোপিয়া সহযোগিতাৰ বুজাবুজি চুক্তি।

ডাঃ অনিল জাসিংহে, সচিব, স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰালয়

শ্ৰী সন্তোষ ঝা, শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্ত

 

 

ক্ৰমিক নং

প্ৰকল্পবোৰ

মাহো-ওমন্থাই ৰে’লৱে লাইনৰ উন্নীতকৃত ৰে’লপথ উদ্বোধন।

মহো-অনুৰাধাপুৰা ৰে’লপথৰ বাবে সংকেত ব্যৱস্থা নিৰ্মাণৰ শুভাৰম্ভ।

ছাম্পুৰ সৌৰশক্তি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান (ভাৰ্চুৱেল)।

ডাম্বুল্লাত তাপমাত্ৰা নিয়ন্ত্ৰিত কৃষি গুদামৰ উদ্বোধন (ভাৰ্চুৱেল)।

সমগ্ৰ শ্ৰীলংকাৰ ৫০০০ ধৰ্মীয় প্ৰতিষ্ঠানৰ বাবে সৌৰ ছাদৰ ব্যৱস্থাৰ যোগান (ভাৰ্চুৱেল)।

 

ঘোষণাবোৰ:

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত এক বিস্তৃত সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ কথা ঘোষণা কৰে, যাৰ ফলত প্ৰতি বছৰে শ্ৰীলংকাৰ ৭০০ গৰাকী লোক উপকৃত হ’ব। তেওঁ ত্ৰিংকোমালীৰ থিৰুকনেশ্বৰম মন্দিৰ, নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ, অনুৰাধাপুৰাৰ পবিত্ৰ নগৰ চৌহদকে ধৰি গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ভাৰতৰ অনুদান তথা সাহায্যৰ ওপৰতো আলোকপাত কৰে। ইয়াৰ উপৰিও ২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় ভেছাক দিৱসত শ্ৰীলংকাত ভগৱান বুদ্ধৰ ধ্বংসাৱশেষ প্ৰদৰ্শনৰ পৰিকল্পনা নিশ্চিত কৰা হয়। এই ভ্ৰমণত ঋণ পুনৰ্গঠনৰ ওপৰত দ্বিপাক্ষিক সংশোধনী চুক্তিও সম্পাদন কৰা হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi