ক্ৰমিক নম্বৰ.

শিৰোণাম

সংক্ষিপ্ত বিৱৰণ

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত সামুদ্ৰিক সহযোগিতাৰ চুক্তি

আলোচনা, সমন্বয়, তথ্য বিনিময় আৰু যৌথ কাৰ্যকলাপৰ জৰিয়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো স্থাপন কৰে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হাইড্ৰগ্ৰাফী আৰু নটিকেল কাৰ্টগ্ৰাফীৰ বিষয়ত সহযোগিতা সম্পৰ্কীয় ৰূপায়ণ ব্যৱস্থা

নেভিগেচনেল চাৰ্টৰ যুটীয়া উৎপাদন, হাইড্ৰ’গ্ৰাফিক তথ্যৰ আদান-প্ৰদান, প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণৰ জৰিয়তে হাইড্ৰ’গ্ৰাফিক সহযোগিতা শক্তিশালী কৰে।

ভাৰতীয় নৌসেনা আৰু নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক লজিষ্টিক সমৰ্থনৰ ব্যৱস্থা সম্পৰ্কীয় ব্যৱস্থা

অনুমোদিত কাৰ্য্যকলাপ আৰু অভিযানৰ সময়ত ভাৰতীয় নৌবাহিনী আৰু নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক লজিষ্টিক সমৰ্থনত সহায় কৰে

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত সন্ত্ৰাসবাদ বিৰোধী যুটীয়া কৰ্মগোষ্ঠী গঠনৰ ব্যৱস্থা

সহযোগিতা শক্তিশালী কৰা, তথ্যৰ আদান-প্ৰদান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাৰ সমন্বয়ৰ বাবে সন্ত্ৰাসবাদ বিৰোধী এক যুটীয়া কৰ্মগোষ্ঠী গঠন কৰে।

ভাৰতৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা সংস্থা (এনইএমএ) ৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

ভূমিকম্পৰ স্থিতিস্থাপকতা, ছুনামিৰ প্ৰস্তুতি, উপকূলীয় বিপদাশংকা হ্ৰাস, জ্ঞানৰ আদান-প্ৰদান, নীতি আলোচনা আৰু সামৰ্থ্য নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনাত সহযোগিতাৰ প্ৰচাৰ কৰে।

ভাৰতৰ মীনপশুপালন আৰু দুগ্ধ উপাদন মন্ত্ৰালয় আৰু নিউজিলেণ্ডৰ প্ৰাথমিক উদ্যোগ মন্ত্ৰালয়ৰ মাজত পশুপালন আৰু দুগ্ধ উপাদনৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্

. কাৰিকৰী সহযোগিতা, জ্ঞানৰ আদান-প্ৰদান আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ জৰিয়তে পশুপালন আৰু দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰে।

ভাৰতৰ পৰ্যটন মন্ত্ৰালয় আৰু নিউজিলেণ্ডৰ ব্যৱসায়উদ্ভাৱন তথা নিযুক্তি মন্ত্ৰালয়ৰ মাজত পৰ্যটনৰ ক্ষেত্ৰত বুজাবুজি চুক্তি

অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ, পৰ্যটকৰ প্ৰৱাহ বৃদ্ধি কৰিবলৈ আৰু প্ৰতিখন দেশৰ সংস্কৃতিৰ পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিবলৈ পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰে।

ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত-নিউজিলেণ্ডৰ যৌথ কাৰ্য্য পৰিকল্পনা

উচ্চ-প্ৰদৰ্শন ক্ৰীড়া, ক্ৰীড়া বিজ্ঞান, ক্ৰীড়া ঔষধ আৰু খেলুৱৈৰ বিকাশকে ধৰি ক্ৰীড়াত সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰে

গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এন এম এইচ চি) ৰ উন্নয়নৰ বাবে এন এম এইচ চি আৰু নিউজিলেণ্ড সামুদ্ৰিক সংগ্ৰহালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

সহযোগিতা আৰু পাৰস্পৰিকভাৱে সন্মতিপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে লোথালত এন এম এইচ চি বিকশিত কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰে।

১০

সংস্কৃতি মন্ত্ৰালয় আৰু নিউজিলেণ্ডৰ সংস্কৃতি তথা ঐতিহ্য মন্ত্ৰালয়ৰ মাজত সাংস্কৃতিক সহযোগিতাৰ ব্যৱস্থা

পাৰস্পৰিক বুজাবুজি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ কলা, ঐতিহ্য আৰু সাংস্কৃতিক পদক্ষেপৰ আদান-প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সহযোগিতাৰ প্ৰচাৰ কৰা।

Announcements:

ক্ৰমিক নম্বৰ

শিৰোণাম

সংক্ষিপ্ত বিৱৰণ

ভাৰত-নিউজিলেণ্ডৰ কৌশলগত অংশীদাৰিত্ব আৰু ২০৩০ চনৰ বাবে ৰোডমেপ

ভাৰত আৰু নিউজিলেণ্ডে তেওঁলোকৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছে, বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, পৰ্যটন, সংস্কৃতি, ক্ৰীড়া, কৃষি-প্ৰযুক্তি, জনসাধাৰণৰ মাজৰ সম্পৰ্ক, লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অগ্ৰাধিকাৰ আৰু বহুপাক্ষিক বিষয়ত সমন্বয় শক্তিশালী কৰিছে। ২০৩০ চনৰ ৰোডমেপে পৰৱৰ্তী চাৰি বছৰৰ বাবে প্ৰাসংগিক মন্ত্ৰালয় আৰু অংশীদাৰসকলৰ মাজত ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্বৰ গঠনমূলক ৰূপায়ণৰ নিৰ্দেশনা দিবলৈ এক কৌশলগত ৰোডমেপ প্ৰদান কৰে।

২০৩০ চনৰ ভিতৰত নিউজিলেণ্ডৰ মাজত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি ৭ বিলিয়ন ডলাৰ বা ৩৫,০০০ কোটি টকা কৰা

দুয়োপক্ষই মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি আৰু বজাৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ বাবে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰি এন জেড ৭ বিলিয়ন (৩৫,০০০ কোটি) কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

সামুদ্ৰিক সুৰক্ষা আলোচনা স্থাপন

ভাৰত আৰু নিউজিলেণ্ডে সহযোগিতা, সমন্বয় আৰু তথ্যৰ আদান-প্ৰদান শক্তিশালী কৰাৰ বাবে এক সামুদ্ৰিক সুৰক্ষা আলোচনা স্থাপন কৰিবলৈ সন্মত হৈছে।

নিউজিলেণ্ডে ভাৰত-প্ৰশান্ত মহাসাগৰ উদ্যোগ (আই পি অ আই) ৰ অধীনত সামুদ্ৰিক সুৰক্ষাক অগ্ৰাধিকাৰৰ স্তম্ভ হিচাপে মনোনীত কৰ

আই পি অ’আই-ৰ সাতটা স্তম্ভৰ অধীনত নিউজিলেণ্ডে অবৈধ, অপ্ৰকাশিত আৰু অনিয়ন্ত্ৰিত (আই ইউ ইউ) মাছ ধৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰত গুৰুত্ব দিয়া নিৰ্দিষ্ট সহযোগিতা কাৰ্যকলাপ হাতত ল" বলৈ সামুদ্ৰিক সুৰক্ষা স্তম্ভত যোগদান কৰিছে।

নিউজিলেণ্ড বিশ্ব জৈৱ ইন্ধন মিত্ৰতাত যোগদান কৰ

নিউজিলেণ্ডৰ বিশ্ব জৈৱ ইন্ধন মিত্ৰতাত যোগদানৰ ফলত পৰিষ্কাৰ শক্তি পৰিৱৰ্তনৰ বাবে বহনক্ষম জৈৱ ইন্ধনৰ বিকাশ আৰু গ্ৰহণ ত্বৰান্বিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী হয়।

নাগালেণ্ড আৰু উত্তৰাখণ্ডত কিৱি ফল কাৰ্য্য পৰিকল্পনা আৰু কিৱি ফলৰ বাবে দুটা উকৃষ্টতা কেন্দ্ৰ স্থাপনৰ শুভাৰম্

মুক্ত বাণিজ্য চুক্তিৰ অধীনত কৃষি উৎপাদনশীলতা অংশীদাৰিত্বৰ অধীনত, উৎপাদনশীলতা বৃদ্ধিৰ বাবে শিক্ষা, দক্ষতা বিকাশ আৰু কৃষি উদ্ভাৱনৰ সহযোগিতাৰ দ্বাৰা সমৰ্থিত নাগালেণ্ড আৰু উত্তৰাখণ্ডত দুটা উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ সৈতে কিৱি ফল কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰা হৈছে।

গোৱাৰ নেচনেল চেণ্টাৰ ফৰ পোলাৰ এণ্ড অচন ৰিচাৰ্চ (এনচিপিঅ আৰ) আৰু নিউজিলেণ্ডৰ কেণ্টাৰবেৰী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি

এণ্টাৰ্কটিকা গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক পৰিকাঠামো স্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে যৌথ গৱেষণা, শৈক্ষিক বিনিময়, সামৰ্থ্য নিৰ্মাণ আৰু অন্যান্য পাৰস্পৰিকভাৱে লাভজনক বৈজ্ঞানিক আৰু শৈক্ষিক কাৰ্যকলাপৰ প্ৰচাৰৰ জৰিয়তে অংশীদাৰিত্ব শক্তিশালী কৰা।

ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তিউদ্যোগশীলতা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠানকুণ্ডলী (এন আই এফ টি ই এম-কে) আৰু নিউজিলেণ্ডৰ মেচি বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি

গৱেষণা, শৈক্ষিক বিনিময়, শিক্ষাৰ্থীৰ গতিশীলতা আৰু অন্যান্য পাৰস্পৰিকভাৱে সন্মত শৈক্ষিক কাৰ্যকলাপৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক পৰিকাঠামো স্থাপন কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume

Media Coverage

UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on good company and wise counsel
August 25, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtue of good company and wise counsel. The message offers a timeless reminder that wise companionship, noble discourse and selfless friendship are essential foundations for a fulfilling and peaceful life:

"उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्‌।

अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति॥"

The Prime Minister posted on X:

उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्‌।

अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति॥