ক্ৰ.

নং

নথিৰ বিৱৰণ

ভাৰতৰ স্বাক্ষৰকাৰী

কোৰিয়াৰ স্বাক্ষৰকাৰী

উদ্দেশ্য

ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি (চিইপিএ) উন্নীত কৰাৰ বাবে দ্ৰুত সফলতাৰ যুটীয়া বিবৃতি

শ্ৰী সুৰেশ প্ৰভূ,

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত

কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া

ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত সুসংহত অর্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পর্কে চলিত আলোচনাৰ পথ প্রশস্ত কৰিবলৈ মিছা মাছ, শামুক আৰু প্রক্রিয়াজাত মাছ সহ অবাধ বাণিজ্যৰ গুৰুত্বপূর্ণ ক্ষেত্রসমূহৰ চিনাক্তকৰণ।

বাণিজ্যিক বিধানৰ সন্দৰ্ভত বুজাবুজি চুক্তি

শ্ৰী সুৰেশ প্ৰভূ,

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত

কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া

উদ্যোগ আৰু বাণিজ্য খণ্ডৰ সহায়ক ব্যৱস্থাপনাৰ সহযোগিতাৰ বাবে চৰকাৰী বিষয়া তথা সংশ্লিষ্ট ক্ষেত্রৰ বিশেষজ্ঞসকলক লৈ গঠিত সহযোগিতা কমিটীৰ জৰিয়তে আলাচনা আৰু তথ্য বিনিময় কৰি সামগ্ৰী ব্যৱস্থাপনা, ৰাজসাহায্য আৰু সুৰক্ষামূলক ব্যৱস্থা গঢ়ি তোলা।

ভৱিষ্যতৰ কৌশল নিৰ্ধাৰক  গোট সম্পৰ্কীয় বুজাবুজি চুক্তি

শ্ৰী সুৰেশ প্ৰভূ,

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, ভাৰত আৰু ড০ হৰ্ষ বৰ্ধন, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী, ভাৰত

কিম হিয়ুন-চোং, বাণিজ্য, উদ্যোগ আৰু শক্তি মন্ত্ৰী, দক্ষিণ কোৰিয়া আৰু শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া

চতুর্থ উদ্যোগ বিপ্লৱৰ সুযোগ-সুবিধাসমূহ কামত লগাই বাণিজ্যিকীকৰণৰ বাবে আধুনিক প্রযুক্তিৰ মান উন্নয়নত সহযোগিতা আগবঢ়োৱা। ইয়াৰ বাবে ইণ্টাৰনেট অৱ থিংছ, কৃত্রিম বুদ্ধিমত্তা, বিগ ডাটা, স্মার্ট ফেক্টৰী, থ্রি-ডি মুদ্রণ, বৈদ্যুতিন যান-বাহন ইত্যাদি ক্ষেত্ৰক চিহ্নিত কৰা হৈছে।

২০১৮-২০২২ লৈকে সাংস্কৃতিক বিনিময় কাৰ্যসূচী

শ্ৰী ৰাঘৱেন্দ্ৰ সিং, সচিব, সাংস্কৃতিক মন্ত্ৰালয়, ভাৰত

শ্ৰীযুত শ্ৰীযুত শ্বিন বং কিল, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত

সাংস্কৃতিক পর্যায়ত তথা দুয়ো দেশৰ জনাধাৰণৰ মাজত যোগাযোগ আৰু অধিক সুদৃঢ় কৰিবলৈ সংগীত আৰু নৃত্য, ৰংগমঞ্চ, শিল্প প্রদর্শনী, অভিলেখাগাৰ, নৃ-তত্ব, সংগ্রহালয় প্রদর্শনী আৰু গণমাধ্যম কার্যসূচীৰ ক্ষেত্রত প্রতিষ্ঠানগত সহযোগিতাৰ প্রসাৰ ঘটোৱা।

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ) আৰু ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্রযুক্তি গৱেষণা পৰিষদ(এনএছটি)ৰ মাজত বিজ্ঞান আৰু প্রযুক্তিগত ক্ষেত্রত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি

ড০ গিৰিশ ছাহানি, সঞ্চালক,চিএছআইআৰ

ড০ ৱন কোৱাং য়ুন, ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্রযুক্তি গৱেষণা পৰিষদ(এনএছটি)

বিজ্ঞান আৰু প্রযুক্তিৰ সমান্তৰালভাৱে সুলভ ব্যৱস্থাৰে পানী শোধন প্রযুক্তি, দ্রুত পৰিবহণ ব্যবস্থা, নতুন বা বিকল্প সামগ্রী, পৰম্পৰাগত ঔষুধ ইত্যাদিৰ ক্ষেত্রত সহযোগিতা গঢ়ি তোলা।.

ভাৰতৰ গৱেষণ পদ্ধতি আৰু মানসম্পন্ন সংস্থা (আৰডিএছঅ’) আৰু কোৰিয়াৰ ৰে’ল পথ গৱেষণা প্ৰতিষ্ঠান(কেআৰআৰআই)

 

শ্ৰী এম. হুছেইন, সঞ্চালক, আৰডিএছঅ’

শ্ৰীযুত না হী-ছেউং, অধ্যক্ষ, কেআৰআৰআই

ৰে’ল সম্পৰ্কীয় গৱেষণা, ৰে’ল সম্পর্কীয় অভিজ্ঞতাৰ বিনিময় আৰু ৰে’ল উদ্যোগ সংস্থাসমূহৰ মান উন্নয়নৰ বাবে সহযোগিতা গঢ়ি তোলা। একেদৰে সেই সংস্থা দুটাই ভাৰতত ৰে’ল গৱেষণা আৰু মান উন্নয়ন সম্পৰ্কীয় এটি আধুনিক প্রতিষ্ঠান গঢ়ি তোলাৰ সমান্তৰালভাৱে যুটীয়া গৱেষণা প্রকল্পসমূহৰ পৰিকল্পনা ৰচনা আৰু ৰূপায়ণৰ সম্ভাৱনীয়তাৰ সন্ধান উলিয়াব।

জৈৱ-প্ৰযুক্তি আুৰু জৈৱ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতামুলক বুজাবুজি চুক্তি

ড০ হৰ্ষ বৰ্ধন, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী, ভাৰত

শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া

স্বাস্থ্য, ঔষুধ-পাতি, কৃষি-মৎস্যপালন সামগ্রী, ডিজিটেল স্বাস্থ্য সেৱা, মগজুৰ গৱেষণা আৰু পৰৱর্তী প্রজন্মৰ চিকিৎসা সঁজুলিৰ ক্ষেত্রত জৈৱ প্রযুক্তি আৰু জৈৱিক তথ্যৰ আদান-প্রদানৰ বাবে সহযোগিতা আগবঢ়োৱা।

আইচিটি আৰু দূৰসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি

শ্ৰী মনোজ সিনহা,দূৰসংযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, ভাৰত

শ্ৰীযুত ইউ য়ং মিন বিজ্ঞান আৰু আইচিটি মন্ত্ৰী, দক্ষিণ কোৰিয়া

অত্যাধুনিক দূৰসংযোগ তথা তথ্য আৰু যোগযোগ প্রযুক্তি সেৱাৰ মান উন্নয়ন, আধুনিকীকৰণ আৰু সম্প্রসাৰণৰ সমান্তৰালভাৱে দুৰ্যোগ ব্যৱস্থাপনা, জৰুৰীকালীন পৰিস্থিতি আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত ৫জি, ডাৱৰ গণনা, বিগ ডাটা ইত্যাদিয়ে নৱপ্রজন্মৰ যোগাযোগ নেটৱর্কসমূহ কামত লগোৱাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়োৱা।

সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত ভাৰত আৰু কোৰিয়াৰ মাজত বুজাবুজি চুক্তি (সমন্বয়ৰক্ষী সংস্থাঃ ভাৰতৰ এনএছআইচি আৰু কোৰিয়াৰ এছবিচিৰ মাজত)

শ্ৰী ৰবীন্দ্ৰ নাথ, অধ্যক্ষ তথা পৰিচালন সঞ্চালক, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম(এনএছআইচ)

শ্ৰীযুত লী ছাং জিক, অধ্যক্ষ, ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় নিগম

দুয়ো দেশৰ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ উন্নয়ন আৰু বিশ্ব বজাৰত আৰু প্রতিযোগিতামূখী কৰি তোলাৰ লক্ষ্যৰে সহযোগিতা আগবঢ়োৱা। তদুপৰি, প্রযুক্তি বিনিময় কেন্দ্র স্থাপনৰ সম্ভাৱনীয়তাৰ অনুসন্ধান কৰা।

১০

গুজৰাট চৰকাৰ আৰু কোৰিয়া বাণিজ্য প্ৰচাৰ অভিকৰণ (KOTRA)ৰ মাজত বুজাবুজি চুক্তি

শ্ৰী এম, কে. দাস, প্ৰধান সচিব, গুজৰাট চৰকাৰৰ উদ্যোগ আৰু খনি বিভাগ

শ্ৰীযুত কোৱান পিয়ুং-অহ, অধ্যক্ষ তথা চিইঅ’, কোৰিয়া বাণিজ্য প্ৰচাৰ অভিকৰণ

চহৰাঞ্চলৰ আন্তঃগাঁথনি, খাদ্য প্রস্তুতকৰণ, কৃষিজাত উদ্যোগ, ষ্টার্ট আপ পৰিৱেশ, দক্ষতা প্রশিক্ষণ আৰু উন্নয়ন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত সহযোগিতাৰ জৰিয়তে দক্ষিণ কোৰিয়াৰ উদ্যোগ সংস্থা আৰু গুজৰাট চৰকাৰৰ মাজত উদ্যোগ তথা বিনিয়োগ সম্পর্ক বৃদ্ধি কৰা। দক্ষিণ কোৰিয়াৰ সেই সংস্থাটোৰ এটা শাখা আহমেদাবাদত আৰম্ভ কৰিব আৰু উন্নয়নশীল গুজৰাট বিশ্ব সন্মিলন ২০১৯ৰ অন্যতম প্রধান অংশীদাৰ সংগঠন হ’ব।

১১

ৰাণী ছুৰিৰত্না স্মৃতিসৌধ প্ৰকল্পৰ সন্দৰ্ভত বুজাবুজি চুক্তি

শ্ৰী অশ্বিনী কুমাৰ আৱাস্তি, অতিৰিক্তি মুখ্য সচিব তথা উত্তৰপ্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক

শ্ৰীযুত শ্বিন বং কিল, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত

দক্ষিণ কোৰিয়াত ৰাণী ছুৰীৰত্না (ৰানী হুৰ হোয়াং-ওক)ৰ যি স্মৃতিসৌধ আছে তাৰ মান উন্নয়ন আৰু সম্প্রসাৰণত সহযোগিতা আগবঢ়োৱা। উল্লেখ্য যে খ্রীষ্টপূর্ব ৪৮ত অযোধ্যাৰ প্রবাদপ্রতীম ৰানী ছুৰীৰত্না কোৰিয়ালৈ গৈছিল আৰু তাতে তেওঁ ৰজা কিম-ছুৰোৰে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমানেও কোৰিয়াৰ বহু সংখ্যক লোকে এই ৰানীৰ উত্তৰাধিকাৰীৰ সৈতে তেওঁলোকৰ সম্পর্ক বিচাৰি পায়। এই স্মৃতিসৌধটোৱে ভাৰত আৰু কোৰিয়াৰ মাজত অভিন্ন সাংস্কৃতিক ঐতিহ্য আৰু সুদীর্ঘ কালৰ বন্ধুত্বপূৰ্ণ সম্পর্কৰ প্রতি শ্রদ্ধা আৰু সন্মানৰ নির্দশন হৈ উঠিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reaffirms commitment to building next-generation infrastructure for Viksit Bharat
June 16, 2026

The Prime Minister, Shri Narendra Modi has said that the last decade has witnessed record infrastructure upgrading. He has reiterated the Government’s commitment to building next-generation infrastructure for the people of the nation to realise the vision of a Viksit Bharat.

In a post on X, the Prime Minister said:

“The last decade has witnessed record infrastructure upgrading. We are committed to building next-generation infrastructure for the people of our nation to realise our vision of a Viksit Bharat.

#12YearsOfNayaBharatNirman”