প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভূ-এলেকা সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু সেয়া সংকলনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহৰ উদাৰীকৰণ কৰাটো আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ লক্ষ্যসমূহৰ এক বৃহৎ পদক্ষেপ। এই সংস্কাৰে দেশৰ কৃষক, ষ্টাৰ্ট-আপ, ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ড আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক উদ্ভাৱনী কাৰ্য চলাবলৈ আৰু উপযুক্ত সমাধানসূত্ৰ বাহিৰ কৰি উলিওৱাত সহায় কৰিব।

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ চৰকাৰে এনে সিদ্ধান্ত লৈছে যিয়ে ডিজিটেল ইণ্ডিয়াক এক বৃহৎ গতি প্ৰদান কৰিব। ভূ-এলেকা সম্পৰ্কীয় তথ্য সংগ্ৰহ আৰু সেয়া সংকলনৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাসমূহৰ উদাৰীকৰণ কৰাটো আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ আমাৰ লক্ষ্যসমূহৰ এক বৃহৎ পদক্ষেপ।

এই সংস্কাৰবোৰে আমাৰ দেশৰ ষ্টাৰ্ট-আপ, ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ড আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক উদ্ভাৱন কাৰ্য চলাবলৈ আৰু উপযুক্ত সমাধানসূত্ৰ বাহিৰ কৰি উলিওৱাত যথেষ্ট সহায় কৰিব। ইয়ে নিযুক্তিৰ সুবিধা সৃষ্টি কৰিব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব।

ভূ-স্থানিক আৰু ৰিম’ট চেঞ্চিং তথ্যৰ ক্ষমতা ব্যৱহাৰ কৰি ভাৰতৰ কৃষকসকলো উপকৃত হ’ব। তথ্যসমূহ লোকতান্ত্ৰিক কৰাৰ ফলত নতুন প্ৰযুক্তি আৰু মঞ্চৰ উত্থান সম্ভৱ হ'ব যিয়ে কৃষি আৰু সংশ্লিষ্ট খণ্ডত কাৰ্যদক্ষতা বৃদ্ধি কৰিব।

এইধৰণৰ সংস্কাৰসমূহে বিনিয়ন্ত্ৰণৰ মাধ্যমেৰে ভাৰতত ব্যৱসায়-বাণিজ্যৰ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ বাবে আমাৰ অংগীকাৰক প্ৰতিফলিত কৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sonowal unveils first Made in India EXIM shipping container, Maersk orders 1,000 of them

Media Coverage

Sonowal unveils first Made in India EXIM shipping container, Maersk orders 1,000 of them
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress