প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেচিডেন্ট শ্ৰীমতী উৰ্চুলা বন ডেৰ লেয়েনে দৃঢ়তাৰে কয় যে ইউৰোপিয়ান ইউনিয়ন (EU)-ভাৰত কৌশলগত অংশীদাৰিত্বই তেওঁলোকৰ জনতা আৰু বৃহত্তৰ বিশ্বৰ মংগলৰ বাবে ব্যাপক সুবিধা প্ৰদান কৰিছে। ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ২০ বছৰীয়া কৌশলগত অংশীদাৰিত্ব আৰু ৩০ বছৰীয়া ভাৰত-ইচি সহযোগিতা চুক্তিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই অংশীদাৰিত্বক উচ্চ পৰ্য্যায়লৈ উন্নীতকৰণৰ অংগীকাৰ কৰে।

প্ৰেচিডেন্ট বন ডেৰ লেয়েনে ২০২৫ৰ ২৭-২৮ ফেব্ৰুৱাৰীত ইইউ কলেজ অৱ কমিছনাৰ্ছৰ ভাৰত ভ্ৰমণত নেতৃত্ব প্ৰদান কৰে। নতুন কাৰ্য্যভাৰ আৰম্ভৰ পিছত ইউৰোপিয়ান মহাদেশৰ বাহিৰলৈ কলেজ অৱ কমিছনাৰ্ছৰ এয়া প্ৰথম ভ্ৰমণ আৰু লগতে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ দ্বিপাক্ষিক সম্পৰ্কৰ ইতিহাসত প্ৰথম এনে ভ্ৰমণ।

বৈচিত্ৰ্যময় বহুত্ববাদী সমাজৰে দুই সৰ্ববৃহৎ গণতন্ত্ৰ আৰু মুক্ত বজাৰ অৰ্থনীতি হিচাপে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নে শান্তি আৰু সুস্থিৰতা, অৰ্থনৈতিক বিকাশ আৰু বহনক্ষম উন্নয়নৰ আধাৰত এক স্থিতিস্থাপক বহুমেৰু বিশ্বব্যৱস্থা গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অংগীকাৰ আৰু সহভাজিত আগ্ৰহত গুৰুত্ব আৰোপ কৰে।

নেতাদ্বয় এই কথাত সহমত পোষণ কৰে যে গণতন্ত্ৰ, আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘ চনদৰ উদ্দেশ্য আৰু নীতিৰ সৈতে সংগতি ৰাখি নিয়মভিত্তিক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাকে প্ৰমুখ্য কৰি সহভাজিত প্ৰমূল্যবোধ আৰু নীতিসমূহে ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নক সমভাৱাপন্ন আৰু বিশ্বাসযোগ্য অংশীদাৰ কৰি তুলিছে। বিশ্বজনীন সমস্যাসমূহ যৌথভাৱে সমাধান কৰিবলৈ, সুস্থিৰতাৰ বৰ্ধন আৰু পাৰস্পৰিক সমৃদ্ধি প্ৰসাৰিত কৰিবলৈ ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰয়োজন এতিয়া পূৰ্বতকৈ অধিক।

এই প্ৰসংগত তেওঁলোকে ভাৰত আৰু ইউৰোপৰ মাজত বাণিজ্য আৰু যোগান শৃংখলক বিপদমুক্তকৰণ, বিনিয়োগ, উদীয়মান গুৰুত্বপূৰ্ণ প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিভা, ডিজিটেল আৰু সেউজ ঔদ্যোগিক পৰিৱৰ্তন, মহাকাশ আৰু ভূ-স্থানীয় খণ্ড, প্ৰতিৰক্ষা আৰু জনসাধাৰণৰ যোগাযোগৰ ক্ষেত্ৰত ভাৰত আৰু ইউৰোপৰ মাজত সহযোগিতা গভীৰকৰণত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে জলবায়ু পৰিৱৰ্তন, কৃত্ৰিম বুদ্ধিমত্তাৰ শাসন, উন্নয়ন বিত্ত আৰু আন্তঃনিৰ্ভৰশীল বিশ্বত সন্ত্ৰাসবাদকে প্ৰমুখ্য কৰি সাধাৰণ বিশ্বজনীন প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰয়োজনীয়তাতো আলোকপাত কৰে।

এই ভ্ৰমণৰ সময়ত অনুষ্ঠিত ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ (TTC) দ্বিতীয়খন মন্ত্ৰীসভাৰ বৈঠকে বাণিজ্য, বিশ্বাসযোগ্য প্ৰযুক্তি আৰু সেউজ পৰিৱৰ্তনৰ সংযোগস্থলত গভীৰ সহযোগিতা আৰু কৌশলগত সমন্বয়ৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়।

ইউৰোপিয়ান ইউনিয়ন কলেজ অৱ কমিছনাৰ্ছ আৰু তেওঁলোকৰ ভাৰতীয় সমকক্ষ মন্ত্ৰীসকলৰ মাজত হোৱা আলোচনাৰপৰা লাভ কৰা নিৰ্দিষ্ট ফলাফলকো তেওঁলোকে আদৰণি জনায়।

নেতাসকলে তলত উল্লেখ কৰা প্ৰসংগত ঐক্যমতত উপনীত হয়ঃ

i. ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ কেন্দ্ৰীয়তা আৰু গুৰুত্বক স্বীকাৰেৰে বছৰৰ ভিতৰতে সমাপ্ত কৰাৰ লক্ষ্যৰে সুষম, অভিলাষী আৰু পাৰস্পৰিকভাৱে লাভজনক এফটিএৰ বাবে আলোচনা আগবঢ়াই নিবলৈ নিজ-নিজ আলোচনাকাৰী টীমসমূহক দায়িত্ব প্ৰদান। নেতাসকলে বিষয়াসকলক বজাৰত প্ৰৱেশ বৃদ্ধি আৰু বাণিজ্যিক বাধা আঁতৰোৱাৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে কাম কৰিবলৈ কয়। বিনিয়োগ সুৰক্ষা চুক্তি আৰু ভৌগোলিক ইণ্ডিকেচন চুক্তিৰ আলোচনা আগবঢ়াই নিয়াৰ দায়িত্বও প্ৰদান কৰে।

ii. ভাৰত-ইউৰোপিয়ান ইউনিয়ন বাণিজ্য আৰু প্ৰযুক্তি পৰিষদক অৰ্থনৈতিক সুৰক্ষা আৰু যোগান শৃংখলৰ স্থিতিস্থাপকতা, বজাৰ প্ৰৱেশ আৰু বাণিজ্যৰ বাধা দূৰ, অৰ্ধপৰিবাহী ব্যৱস্থাক সুদৃঢ়কৰণ, বিশ্বাসযোগ্য আৰু বহনক্ষম কৃত্ৰিম বুদ্ধিমত্তা, উচ্চ-কাৰ্য্যক্ষম কম্পিউটিং, ৬জি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, সেউজ আৰু স্বচ্ছ শক্তি প্ৰযুক্তিৰ বাবে যৌথ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ফলাফলমুখী সহযোগিতা গঢ় দিবলৈ নিৰ্দেশ দিয়ে। এই খণ্ডসমূহৰ মাজত বিশ্বাসযোগ্য অংশীদাৰিত্ব আৰু উদ্যোগৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপেৰে ইলেক্ট্ৰিক বাহন (EV), সাগৰীয় প্লাষ্টিকৰ আৱৰ্জনা আৰু আৱৰ্জনাসমূহ সেউজ/নবীকৰণযোগ্য হাইড্ৰজেনলৈ পুনঃব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হয়। এই প্ৰেক্ষাপটত তেওঁলোকে অৰ্ধপৰিবাহীৰ যোগান শৃংখলৰ বৰ্ধন, পৰিপূৰক শক্তিৰ লাভ উঠোৱা, প্ৰতিভাৰ বিনিময়ৰ সুবিধা প্ৰদান কৰা আৰু ছাত্ৰ-ছাত্ৰী তথা যুৱ পেছাদাৰীসকলৰ মাজত অৰ্ধপৰিবাহী দক্ষতা বৃদ্ধিৰ বাবে অৰ্ধপৰিবাহীৰ বুজাবুজিৰ চুক্তিক (MoU) আদৰণি জনায়। লগতে ভাৰত ৬জি মিত্ৰতা আৰু ইউৰোপিয়ান ইউনিয়নৰ ৬জি স্মাৰ্ট নেটৱৰ্ক আৰু সেৱা উদ্যোগ সংস্থাৰ মাজত সুৰক্ষিত আৰু বিশ্বাসযোগ্য টেলিকমিউনিকেচন আৰু স্থিতিস্থাপক যোগান শৃংখল গঢ়াৰ বাবে বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ কৰা কাৰ্য্যৰো শলাগ লয়।

iii. যোগাযোগ ব্যৱস্থা, স্বচ্ছ শক্তি আৰু জলবায়ু, পানী, স্মাৰ্ট আৰু বহনক্ষম নগৰীকৰণ আৰু দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ অংশীদাৰিত্বৰ অধীনত সহযোগিতাক অধিক সম্প্ৰসাৰিত আৰু গভীৰকৰণৰ লগতে স্বচ্ছ হাইড্ৰজেন, অফশ্ব’ৰ বতাহ, সৌৰশক্তি, বহনক্ষম নগৰীয়া গতিশীলতা, বিমান পৰিবহণ আৰু ৰেলৱে আদি নিৰ্দিষ্ট ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ অংগীকাৰ কৰে। এনে প্ৰেক্ষাপটত তেওঁলোকে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ সেউজ হাইড্ৰজেন মঞ্চ আৰু অফশ্ব’ৰ বায়ু শক্তি সম্পৰ্কীয় ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ ব্যৱসায়িক সন্মিলন অনুষ্ঠিত কৰাৰে সম্পৰ্কীয় চুক্তিক আদৰণি জনায়।

iv. ইউৰোপিয়ান ইউনিয়নৰ কমিছনাৰ আৰু ভাৰতীয় মন্ত্ৰীসকলৰ মাজত দ্বিপাক্ষিক আলোচনাৰ সময়ত চিনাক্ত কৰা সহযোগিতাৰ নতুন নিৰ্দিষ্ট ক্ষেত্ৰসমূহক বিকশিত কৰা।

v. নতুন দিল্লীত অনুষ্ঠিত জি-২০ লিডাৰ্ছ সন্মিলনৰ সময়ত ঘোষণা কৰা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) বাস্তৱায়িতকৰণৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (ISA), দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (CDRI), উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট (LeadIT 2.0) আৰু বিশ্ব জৈৱ ইন্ধন মিত্ৰতাৰ কাঠামোত সহযোগিতা গভীৰকৰণ।

vi. বিশেষকৈ উচ্চ শিক্ষা, গৱেষণা, পৰ্যটন, সংস্কৃতি, ক্ৰীড়া আৰু যুৱক-যুৱতীসকলৰ মাজৰ সম্পৰ্কক সুদৃঢ়কৰণ আৰু এনে আদান-প্ৰদান বৃদ্ধিৰ বাবে এক সক্ষম পৰিবেশ সৃষ্টি কৰা। ভাৰতৰ বৰ্ধিত মানৱ মূলধনৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ জনগাঁথনিগত প্ৰফাইল আৰু শ্ৰম বজাৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষ কৰ্মশক্তি আৰু পেছাদাৰীসকলৰ ক্ষেত্ৰত ন্যায্য, নিৰাপদ আৰু শৃংখলাবদ্ধ প্ৰব্ৰজনক প্ৰসাৰ কৰা।

নেতাসকলে আন্তঃৰাষ্ট্ৰীয় আইন আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মান আৰু ফলপ্ৰসূ আঞ্চলিক প্ৰতিষ্ঠানৰ আধাৰত বিবাদৰ শান্তিপূৰ্ণ সমাধান আধাৰিত মুক্ত, মুকলি, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰসাৰৰ অংগীকাৰ পুনৰ দৃঢ় কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপ (IPOI)ত ইউৰোপিয়ান ইউনিয়নে যোগদান কাৰ্য্যক ভাৰতে আদৰণি জনায়। আফ্ৰিকা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে প্ৰমুখ্য কৰি ত্ৰিপাক্ষিক সহযোগিতাৰ অন্বেষণৰ বাবেও দুয়োপক্ষ অংগীকাৰবদ্ধ হয়।

ভাৰতীয় নৌসেনা আৰু ইউৰোপিয়ান ইউনিয়নৰ সামুদ্ৰিক সুৰক্ষা সত্তাৰ মাজত যৌথ অনুশীলন আৰু সহযোগিতাকে প্ৰমুখ্য কৰি প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত সন্তুষ্টি প্ৰকাশ কৰে দুয়োগৰাকী নেতাই। ইউৰোপিয়ান ইউনিয়নৰ পক্ষই ইউৰোপিয়ান ইউনিয়নৰ স্থায়ী গাঁথনিগত সহযোগিতা (PESCO)ৰ অধীনত প্ৰকল্পসমূহত যোগদানৰ লগতে তথ্য সুৰক্ষা চুক্তি (SoIA)ৰ বাবে আলোচনাত মিলিত হোৱাৰ আগ্ৰহক আদৰণি জনায়। নেতাসকলে নিৰাপত্তা আৰু প্ৰতিৰক্ষা অংশীদাৰিত্বৰো অন্বেষণ কৰিবলৈ অংগীকাৰবদ্ধ হয়। তেওঁলোকে বাণিজ্য আৰু যোগাযোগৰ সামুদ্ৰিক পথ সুৰক্ষিতকৰণৰ বাবে পৰম্পৰাগত আৰু অগতানুগতিক ভাবুকিৰে মোকাবিলাৰে সামুদ্ৰিক নিৰাপত্তাকে প্ৰমুখ্য কৰি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেওঁলোকে সন্ত্ৰাসবাদক বিৰোধৰ ক্ষেত্ৰত সহযোগিতা গভীৰকৰণৰ লগতে সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যকে ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক ব্যাপক আৰু স্থায়ীভাৱে সুদৃঢ়কৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু ইউক্ৰেইনৰ যুদ্ধকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহতো আলোচনা কৰে। আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি আৰু ভূখণ্ডৰ অখণ্ডতা তথা সাৰ্বভৌমত্বৰ প্ৰতি সন্মানৰ ভিত্তিত ইউক্ৰেইনত ন্যায়সংগত আৰু স্থায়ী শান্তিৰ বাবে সমৰ্থন প্ৰকাশ কৰে।

নেতাদ্বয়ে আলোচনাসমূহৰ উৎপাদনশীল আৰু আগন্তুক দৃষ্টিভংগীক স্বীকাৰেৰে তলত উল্লেখ কৰা সুনিৰ্দিষ্ট পদক্ষেপসমূহত সহমত প্ৰকাশ কৰেঃ

  1. বছৰৰ শেষৰ ফালে এফটিএ সম্পন্ন হোৱাত ক্ষীপ্ৰতাৰে কাম কৰা।
  2. নতুন পদক্ষেপ আৰু কাৰ্য্যসূচীৰ সুযোগ বিচাৰিবলৈ প্ৰতিৰক্ষা উদ্যোগ আৰু নীতিত অধিক মনোনিৱেশ কৰা।
  3. আইএমইচি পদক্ষেপ সম্পৰ্কে বুজ ল’বলৈ অংশীদাৰসকলৰ সৈতে এক পৰ্য্যালোচনা বৈঠক।
  4. সহভাজিত মূল্যায়ন, সমন্বয় আৰু আন্তঃকাৰ্য্যক্ষমতাক প্ৰসাৰিতকৰণৰ লক্ষ্যৰে সামুদ্ৰিক ডমেইন সজাগতাত জড়িত হোৱা।
  5. অৰ্ধপৰিবাহী আৰু আন-আন গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে আগতীয়াকৈ টিটিচিৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰা।
  6. চৰকাৰ আৰু উদ্যোগৰ মাজত স্বচ্ছ আৰু সেউজ শক্তি সন্দৰ্ভত আলোচনাৰ বৰ্ধন, সেউজ হাইড্ৰজেনত গুৰুত্ব আৰোপ।
  7. ত্ৰিপাক্ষিক সহযোগিতা প্ৰকল্পকে প্ৰমুখ্য কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা শক্তিশালী কৰা।
  8. প্ৰস্তুতি, সঁহাৰিৰ ক্ষমতা আৰু সমন্বয়ৰ বাবে নীতি আৰু কাৰিকৰী পৰ্য্যায়কে প্ৰমুখ্য কৰি এটা উপযুক্ত ব্যৱস্থা গঢ়ি তোলাৰ জৰিয়তে দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা।

 

দুয়োগৰাকী নেতাই এই গুৰুত্বপূৰ্ণ ভ্ৰমণে সম্পৰ্কৰ ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আস্থা প্ৰকাশেৰে ভাৰত-ইউৰোপিয়ান ইউনিয়নৰ কৌশলগত অংশীদাৰিত্বক অধিক সম্প্ৰসাৰিতকৰণ আৰু গভীৰকৰণৰ অংগীকাৰ পুনৰ দৃঢ় কৰে। তেওঁলোকে অতি সোনকালে পাৰস্পৰিকভাৱে সুবিধাজনক সময়ত ভাৰতত আয়োজন কৰা পৰৱৰ্তী ভাৰত ইউৰোপিয়ান ইউনিয়ন সন্মিলন আৰু সেই উপলক্ষে নতুন যৌথ কৌশলগত কাৰ্য্যসূচী অভিযোজনাৰ বাবে আগ্ৰহী হৈ উঠে। ৰাষ্ট্ৰপতি বন ডেৰ লেয়েনে প্ৰধানমন্ত্ৰী মোদীক তেখেতৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi urges people to take 9 pledges on health, saving water, others

Media Coverage

PM Modi urges people to take 9 pledges on health, saving water, others
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister receives phone call from President Emmanuel Macron, discusses situation in West Asia and maritime security
April 16, 2026

The Prime Minister, Shri Narendra Modi, received a phone call from the President of France, Emmanuel Macron.

During the conversation, the two leaders discussed the prevailing situation in West Asia. They agreed on the urgent need to restore safety and ensure freedom of navigation in the Strait of Hormuz.

Both leaders reiterated their commitment to continue close cooperation in advancing peace and stability in the region and beyond.

The Prime Minister wrote on X;

“Received a phone call from my dear friend President Emmanuel Macron. We discussed the situation in West Asia and agreed on the need to urgently restore safety and freedom of navigation in the Strait of Hormuz.

We will continue our close cooperation to advance peace and stability in the region and beyond.

@EmmanuelMacron”