প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে খেল ৰত্ন বঁটাৰ নাম মেজৰ ধ্যান চাঁদৰ নামেৰে ৰখাৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা বহু অনুৰোধ লাভ কৰি আহিছে। তেওঁ কয় যে তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বুলি জনা যাব।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে মেজৰ ধ্যান চাঁদ ভাৰতৰ এগৰাকী প্ৰথম শাৰীৰ খেলুৱৈ আছিল যিয়ে দেশৰ বাবে সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছিল। সেয়ে আমাৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটো তেওঁৰ নামেৰে নামাকৰণ কৰাটো উচিত হ’ব।

 

একাধিক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

 

‘অলিম্পিকত পুৰুষ আৰু মহিলা হকী দলৰ অনবদ্য প্ৰদৰ্শনত সমগ্ৰ দেশবাসী অভিভূত। হকীৰ প্ৰতি সমগ্ৰ দেশতে পুনৰ নতুনকৈ আগ্ৰহ জাগ্ৰত হৈছে, যি আহিবলগীয়া সময়ৰ বাবে এক অতি ইতিবাচক লক্ষণ।

 

মই খেল ৰত্ন বঁটাৰ নাম মেজৰ ধ্যান চাঁদৰ নামেৰে ৰখাৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা বহু অনুৰোধ পাই আহিছোঁ। তেওঁলোকৰ মতামতৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ।

 

তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বুলি বুলি জনা যাব।

 

জয় হিন্দ!’

 

মেজৰ ধ্যান চাঁদ ভাৰতৰ এগৰাকী প্ৰথম শাৰীৰ খেলুৱৈ আছিল যিয়ে দেশৰ বাবে সন্মান আৰু গৌৰৱ কঢ়িয়াই আনিছিল। সেয়ে আমাৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটো তেওঁৰ নামেৰে নামাকৰণ কৰাটো উচিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi