প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত খাটমাগিন বাট্টুলগাই উলাবাটাৰস্থিত ঐতিহাসিক গানদান টেগচেনলিং বৌদ্ধমঠত সংস্থাপিত ভগৱান  বুদ্ধ আৰু তেওঁ দুগৰাকী ভক্তৰ প্ৰতিমূৰ্তি যুটীয়াভাৱে উন্মোচন কৰে৷

২০১৫চনত মংগোলীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্রীয়ে গানদান টেগচেনলিং বৌদ্ধমঠত প্রার্থনা সভাত অংশ লৈ এই বৌদ্ধমঠত ভগৱান বুদ্ধৰ এটি মূর্তি উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল৷ দুয়োখন দেশ তথা ইয়াৰ জনসাধাৰণৰ মাজত বৌদ্ধ ঐতিহ্য আৰু সভ্যতাকেন্দ্ৰিক যোগসূত্রৰ ক্ষেত্রত যি সাদৃশ্য আছে, তাৰ নিদর্শনস্বৰূপে ভগৱান বুদ্ধৰ মূর্তিটো উপহাৰ দিয়া হয়৷

এই মূর্তিত ভগৱান বুদ্ধ তেওঁৰ দুগৰাকী ভক্তক লগত লৈ বহি আছে, যি শান্তি আৰু সহাৱস্থানৰ লগতে কৰুণাৰ বার্তা প্ৰচাৰ কৰে। চলিত মাহৰ আৰম্ভণিতে উলানবাটাৰত ৬–৭ ছেপ্টেম্বৰত তৃতীয় পর্বৰ ‘সংবাদ’ আলোচনা–চক্ৰৰ সময়ত গানদান বৌদ্ধমঠত মূর্তিটো প্ৰতিষ্ঠা কৰা হয়৷ এই আলোচনা–চক্ৰত বিভিন্ন দেশৰ বৌদ্ধ বিশেষজ্ঞ, পণ্ডিত আৰু ধর্মীয় নেতাসকলে বৌদ্ধমঠৰ সৈতে জড়িত বিভিন্ন সমসাময়িক বিষয়ক লৈ মত বিনিময় কৰে৷

গানদান টেগচেনলিং বৌদ্ধমঠ মংগোলীয়াৰ বৌদ্ধ ধর্মাৱলম্বীসকলৰ বাবে এক গুৰুত্বপূর্ণ পীঠস্থান। এই মঠত বৌদ্ধ ঐতিহ্যৰ সৈতে জড়িত একাধিক মূল্যবান সম্পদ সৰক্ষিত হৈ আছে৷ উল্লেখ্য যে এই বৌদ্ধমঠত ২০১৯ৰ ২১–২৩জুন লৈকে এছিয়া বৌদ্ধ সন্মিলনৰ একাদশ সাধাৰণ সভা (এবিচিপি)আয়োজন কৰা হৈছিল৷ এই সভাত ভাৰত, দক্ষিণ কোৰিয়া, ৰাছিয়া, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল, উত্তৰ কোৰিয়া, এলডিপিআৰ, থাইলেণ্ড জাপান আদিকে ধৰি মুঠ ১৪খন দেশৰ ১৫০ জনতকৈও অধিক অতিথিয়ে অংশগ্ৰহণ কৰিছিল৷

প্ৰধানমন্ত্রী মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি খালমাগিন বাট্টুলগাই আজি যিটো বৌদ্ধ মূর্তি উন্মোচন কৰিলে, সেয়া ভগৱান বুদ্ধৰ বিশ্বজনীন বার্তাৰ প্ৰতি দুয়োখন দেশৰ অভিন্ন সন্মান আৰু শ্ৰদ্ধাৰ বিষয়টোকে প্ৰতিফলিত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi