জাপানৰ প্ৰতিনিধি দলটোত আছে নিৰ্মাণ, বেংকিং, এয়াৰলাইন্স, ফাৰ্মা খণ্ড, অভিযান্ত্ৰিক আৰু লজিষ্টিকৰ দৰে প্ৰধান খণ্ডৰ কৰ্পৰেট হাউছৰ প্ৰতিনিধি
প্ৰধানমন্ত্ৰী মোদীয়ে ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতি জাপানৰ দৃঢ় প্ৰতিশ্ৰুতিৰ শলাগ লয়

জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতি (জেআইবিচিচি)ৰ ১৭ জনীয়া প্ৰতিনিধি দলে নিজৰ অধ্যক্ষ শ্ৰী তাটছুও ইয়াছুনাগাৰ নেতৃত্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত মেনুফেকচাৰিং, বেংকিং, এয়াৰলাইন্স, ফাৰ্মা ছেক্টৰ, প্লাণ্ট ইঞ্জিনিয়াৰিং আৰু লজিষ্টিকছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ আগশাৰীৰ জাপানী কৰ্পৰেট হাউছৰ জ্যেষ্ঠ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল।

শ্ৰী ইয়াছুনাগাই প্ৰধানমন্ত্ৰীক নিজৰ ভাৰতীয় সমকক্ষ, ভাৰত-জাপান ব্যৱসায়িক সহযোগিতা সমিতিৰ সৈতে জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতিৰ আগন্তুক ৪৮ সংখ্যক যুটীয়া বৈঠকৰ বিষয়ে অৱগত কৰে। এই বৈঠক ০৬ মাৰ্চ ২০২৫ তাৰিখে নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ কথা। আলোচনাত ভাৰতত উচ্চমান, কম খৰচী নিৰ্মাণ, আফ্ৰিকাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে বিশ্ব বজাৰৰ বাবে নিৰ্মাণ সম্প্ৰসাৰণ আৰু মানৱ সম্পদৰ বিকাশ তথা বিনিময় বৃদ্ধি কৰাকে ধৰি মূল ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত আছিল।

প্ৰধানমন্ত্ৰীয়ে ভাৰতত জাপানী ব্যৱসায়ীসকলৰ সম্প্ৰসাৰণ পৰিকল্পনা আৰু ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতি তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে দক্ষতা বিকাশৰ ক্ষেত্ৰত বৰ্ধিত সহযোগিতাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে, যি ভাৰত-জাপান দ্বিপাক্ষিক সম্পৰ্কৰ মূল স্তম্ভ হৈ আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A Milestone in Financial Inclusion: The Success Story of PMSBY

Media Coverage

A Milestone in Financial Inclusion: The Success Story of PMSBY
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi