প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতি’ৰ সভাই হিমাচল প্ৰদেশত ৩৮২ মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ প্ৰকল্প’ত ‘এছজেভিএন লিমিটেড’-য়ে কৰিব খোজা বিনিয়োগলৈ অনুমোদন জনাইছে। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে সহযোগিতা হিচাপে আগবঢ়োৱা ১৩.৮০ কোটি টকাকে ধৰি প্ৰকল্পটোৰ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হৈছে ২৬১৪.৫১কোটি টকা। ২০২২ৰ জানুৱাৰী মাহলৈকে সামগ্ৰিক ব্যয়ৰ বাবে ২৪৬ কোটি টকাৰ কাৰ্যোত্তৰ অনুমোদন প্ৰদান কৰা হয়।

২৬১৪ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ ভিতৰত আছে ক্ৰমে ২২৪৬.৪০ কোটি টকা নিৰ্মাণ ব্যয়, ৩৫৮.৯৬ কোটি টকা নিৰ্মাণৰ সময়ৰ সূদ (আইডিচি) আৰু ৯.১৫ কোটি টকা বিত্তীয় মাচুল (এফচি)। পৰিমাণ পৰিৱৰ্তনৰ বাবে (সংযোজন/পৰিৱৰ্তন/অতিৰিক্ত সামগ্ৰী সহ) আৰু বিকাশকৰ বাবে হোৱা সময় অতিক্ৰমণৰ ফলত হোৱা ব্যয়ৰ তাৰতম্যৰ বিপৰীতে সংশোধিত ব্যয় অনুমোদিত ব্যয়ৰ ১০%ত সীমাবদ্ধ কৰা হ'ব।

‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি ‘এছজেভিএন’ৰ দ্বাৰা স্থাপন কৰিব খোজা ৩৮২ মেগাৱাট উত্পাদনক্ষম ‘ছুন্নী জলবিদ্যুত্ বান্ধ প্ৰকল্প’ই স্থানীয় যোগানীয়াৰ/স্থানীয় উদ্যোগ/’এমএছএমই’সমূহক বিভিন্ন ধৰণে লাভান্বিত কৰাৰ লগতে অঞ্চলটোত নিয়োগ আৰু আৰ্থ-সামাজিক বিকাশক উৎসাহিত কৰিব। প্ৰকল্পটোৰ নিৰ্মাণৰ সময়ত সৰ্বাধিক প্ৰায় ৪০০০ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সম্ভাৱনা সৃষ্টি কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi