মধ্যম গতিৰ ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লৰ জৰিয়তে ভাৰতীয় ৰে’লৰ মেক-ইন-ইণ্ডিয়া প্ৰচেষ্টাই বাস্তৱ ৰূপ পালে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা নতুন দিল্লী-কানপুৰ, এলাহাবাদ-বাৰাণসী সংযোগী নতুন ৰে’লখন নতুন দিল্লী ষ্টেচনত পতাকা জোকাৰি শুভাৰম্ভ কৰিব৷ এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰে’লখনৰ যাত্ৰীৰ সা-সুবিধা পৰিদৰ্শন কৰাৰ লগতে উপস্থিত লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

বন্দে ভাৰত এক্সপ্ৰেছত প্ৰথম ভ্ৰমণ কৰিবলগীয়া বিষয়া আৰু সংবাদকৰ্মীসকলৰ নেতৃত্ব দিব কেন্দ্ৰীয় ৰে’ল আৰু কয়লা মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে৷ ৰে’লখন কানপুৰ আৰু এলাহাবাদ ৰ’ব আৰু তাতে একাংশ বিশিষ্ট ব্যক্তি আৰু জনতাই আদৰণি জনাব৷

বন্দে ভাৰত এক্সপ্ৰেছখনৰ সৰ্বাধিক গতি প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ আৰু ইয়াত শতাব্দী ৰে’লৰ দৰে বিভিন্ন শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে, কিন্তু ৰে’লখনৰ সা-সুবিধা তাতকৈ উন্নত৷ ইয়াৰ লক্ষ্য হৈছে যাত্ৰীসকলক এক নতুন ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰা৷

সোমবাৰ আৰু বৃহস্পতিবাৰ বাদ দি সপ্তাহৰ বাকী দিনকেইটাত চলিবলগীয়া ৰে’লখনে নতুন দিল্লী আৰু বাৰাণসীৰ মাজৰ দুৰত্ব কেৱল ৮ ঘণ্টাতে অতিক্ৰম কৰিব৷

ইয়াৰ সকলো ডবাত স্বয়ংচালিত দৰ্জা, জিপিএছ আধাৰিত দৃশ্য-শ্ৰাব্য যাত্ৰী জাননী প্ৰণালী, মনোৰঞ্জনৰ বাবে ৱাই-ফাই সেৱাৰ লগতে আৰামদায়ক আসন সংলগ্ন কৰা হৈছে৷ ৰে’লখনৰ সকলো শৌচালয় বায়’-ভেকুৱাম প্ৰণালীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷ প্ৰতিটো ডবাত দুইপ্ৰকাৰৰ পোহৰৰ ব্যৱস্থা কৰা হৈছে, যিটো ডবাত সকলোৰে বাবে সামান্য পোহৰৰ সুবিধা থকাৰ লগতে প্ৰতিটো আসনত পৃথকে পোহৰৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিটো ডবাত গৰম-গৰম খাদ্য আৰু শীতল পানী প্ৰদানৰ বাবে ৰন্ধনশালৰ সুবিধা সন্নিৱিষ্ট কৰা হৈছে৷ যাত্ৰীসকলৰ অতিৰিক্ত আৰামৰ বাবে ডবাসমূহত গৰম আৰু শব্দৰ পৰা হাত সাৰিবলৈ বিশেষ ব্যৱস্থা কৰা হৈছে৷

বন্দে ভাৰত এক্সপ্ৰেছত ১৬টা শীত-তাপ নিয়ন্ত্ৰিত ডবা আছে, য’ত ২টাকৈ এক্সজিকিউটিভ শ্ৰেণী আছে৷ ৰে’লখনত মুঠ ১১২৮গৰাকী যাত্ৰীয়ে এবাৰত ভ্ৰমণৰ ক্ষমতা আছে৷ ৰে’লখনৰ সকলো বৈদ্যুতিক সা-সঁজুলি ডবাৰ তলত সংলগ্ন কৰা হৈছে৷

কাৰ্বন ফুটপ্ৰিণ্ট ৰখোৱাৰ বাবে ৰে’লগাড়ীত ৰি-জেনেৰিটিভ ব্ৰেক প্ৰণালী স্থাপন কৰা হৈছে, যাৰদ্বাৰা ৩০শতাংশ বিদ্যুৎ ৰাহি হ’ব৷

গতি, সুৰক্ষা আৰু সুবিধা হৈছে এই ৰে’লৰ হলমাৰ্ক৷ ৰে’লখনৰ ডবাসমূহৰ ডিজাইনিং আৰু নিৰ্মাণ প্ৰায় ১৮মাহৰ ভিতৰত চেন্নাই সংহত ৰে’লৰ ডবা নিৰ্মাণ কাৰখানাত কৰা হৈছে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মেক-ইন-ইণ্ডিয়া পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি গাড়ীখনৰ অধিকাংশৰ ডিজাইন তথা নিৰ্মাণ দেশতে কৰা হৈছে৷

অতি কম খৰচতে আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন যাত্ৰী সুবিধা তথা সুৰক্ষা প্ৰদান কৰা ক্ষেত্ৰত এই ৰে’লখনে বিশ্বৰ ৰে’ল ব্যৱসায়ত এক বৃহৎ পৰিৱৰ্তন আনিব পৰা ক্ষমতা আছে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees

Media Coverage

Foreign traveller calls India's Vande Bharat sleeper a “Five-Star Hotel on Rails”; and the Internet agrees
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.