প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয়, আত্মনিৰ্ভৰ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ পৰিবৰ্তন হ’ল আজিৰ যুৱ সমাজৰ মানসিকতা, যি সহজাত প্ৰবৃত্তি আৰু সক্ৰিয়তাৰে সৈতে সামঞ্জস্য ৰাখি চলে। শ্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তনত ভাষণ দিয়ে।

প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়েও সমাৱৰ্তনত বিস্তাৰিতভাৱে অৱগত কৰে। তেওঁ কয় যে এই অভিযানে সম্পদ, আন্তঃগাঁথনি, প্ৰযুক্তি, অৰ্থনীতি আৰু কৌশলগত দিশৰ পৰিবৰ্তন ঘটাব, যাৰ মাজেৰে আজিৰ যুৱ সম্প্ৰদায়ৰ মানসিকতা, যি সহজাত প্ৰবৃত্তি আৰু সক্ৰিয়তাৰে সৈতে সামঞ্জস্য ৰাখি চলিব।

শ্ৰী মোদীয়ে কয়, আজি ভাৰতৰ যুৱ সমাজে বিভিন্ন প্ৰত্যাহ্বান অনবদ্যৰূপত গ্ৰহণ কৰিছে। এই বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰি তেওঁ ভাৰতীয় উদীয়ামান ক্ৰিকেটাৰসকলে অষ্ট্ৰেলিয়াত লাভ কৰা সাফল্যৰ কথা উল্লেখ কৰে। ভাৰতীয় ক্ৰিকেট দলে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সমূখীন হৈছিল। তেওঁলোকে শোচনীয়ভাৱে পৰাজয় বৰণো কৰিছিল। তৎসত্ত্বেও ক্ষীপ্ৰতাৰে পৰিস্থিতি চম্ভালি লৈ পিছৰ মেচখনতেই তেওঁলোক বিজয়ী হৈছে। আঘাতপ্ৰাপ্ত হৈও খেলুৱৈসকলে তেওঁলোকৰ হাৰিব নোখোজা মানসিকতা দেখুৱাইছে। কঠিন পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে নতুন সমাধান উলিয়াই তেওঁলোকে প্ৰত্যাহ্বানৰ দিশে আগুৱাই গৈছে। তেওঁলোকৰ মাজত প্ৰচুৰ অভিজ্ঞতা নাছিল, কিন্তু মনোবল আছিল তুংগত। আৰু এইদৰেই তেওঁলোকে সুযোগক কামত লগাইছে। তেওঁলোকে তেওঁলোকৰ মেধা আৰু মানসিকতাৰেই এটা ভাল দলক পৰাজিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, আমাৰ খেলুৱৈসকলৰ এই আকৰ্ষণীয় সাফল্য একমাত্ৰ খেলা-ধুলাৰ জগততেই সীমাবদ্ধ নাই। জীৱনৰ নানা ক্ষেত্ৰত কাৰ্য সম্পাদনাৰ বাবে শিক্ষাৰ বিষয়ে তেওঁ উল্লেখ কৰে। প্ৰথমতে আমাৰ ক্ষমতাৰ ওপৰত নিজৰ বিশ্বাস আৰু আস্থা থাকিব লাগিব; দ্বিতীয়তে ইতিবাচক মানসিকতাৰ সহায়ত ইতিবাচক ফলাফলৰ দিশে আগুৱাই যাব লাগিব। তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা হ’ল দুটা বিশেষ উপায়, এটা নিৰাপদ আৰু আনটো জিকাৰ ক্ষেত্ৰত কঠিন পথ অতিক্ৰম কৰিব লাগিব, সেইক্ষেত্ৰত জয়ৰ বাবে সেই পথেৰেই আগুৱাই যাব লাগিব। কেতিয়াবা ব্যৰ্থ হ’লেও তাত ক্ষতি নাই আৰু যিকোনো ৰিস্ক লোৱাৰ পৰা পিছুৱাই অহা উচিত নহয়। আমি ভয়শূন্য আৰু সক্ৰিয় হ’ব লাগিব। যদি আমি ব্যৰ্থতাৰ ভয় আৰু অহেতুক চাপ অতিক্ৰম কৰিব পাৰো তেন্তে আমি ভয়মুক্ত হ’ম। নতুন এই ভাৰত লক্ষ্য পূৰণৰ প্ৰতি আস্থাৱান আৰু উৎসৰ্গকৃত। আজি কেৱল ক্ৰিকেট মেচতেই ইয়াৰ প্ৰমাণ পোৱা নাই, এই ছবি সৰ্বত্ৰে দেখা গৈছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India develops first indigenous expendable turbo jet engine in 350 kg thrust class

Media Coverage

India develops first indigenous expendable turbo jet engine in 350 kg thrust class
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2026
July 27, 2026

Viksit Bharat in Motion: Indigenous Warships, Deepwater Energy, Transparent Exams & Cultural Revival