১। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী এইচ ই মহিন্দা ৰাজাপাকছাই আজি এক ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত কৰে য'ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু উভয়ৰে পাৰস্পৰিক স্বাৰ্থ জড়িত আঞ্চলিক তথা আন্তৰ্জাতিক বিষয়ৰ ওপৰত আলোচনা কৰে

 

২। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাক অভিনন্দন জনায় আৰু ২০২০ৰ আগষ্টত শ্ৰীলংকাত অনুষ্ঠিত সংসদীয় নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই এই শুভেচ্ছাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

৩৷ দুয়োজন নেতাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছা আৰু প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাৰ ক্ৰমে নবেম্বৰ ২০১৯ আৰু ফেব্ৰুৱাৰী ২০২০ত কৰা সফল ৰাষ্ট্ৰ ভ্ৰমণৰ স্মৰণ কৰে। এই ভ্ৰমণে স্পষ্ট ৰাজনৈতিক দিকদৰ্শন কৰাৰ লগতে ভৱিষ্যতৰ সম্পৰ্কৰ দৃষ্টিভংগী প্ৰদান কৰে।

 

৪৷ ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শন কৰা শক্তিশালী নেতৃত্বৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই প্ৰশংসা কৰাৰ লগতে পাৰস্পৰিক সহযোগিতাৰে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়াৰ পোষকতা কৰে। দুয়োজন নেতাই এই কথাত সন্মতি প্ৰকাশ কৰে যে সাম্প্ৰতিক পৰিস্থিতি দ্বিপাক্ষিক সম্পৰ্কৰ বাবে অনুকূল হৈ আছে। দুয়োজন নেতাই এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে ক'ভিড-১৯ মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰত আৰু শ্ৰীলংকাই অতি ঘনিষ্ঠতাৰে কাম কৰিছে।

৫৷ দ্বিপাক্ষিক সম্পৰ্ক অধিক ফলপ্ৰসু কৰি তুলিবৰ বাবে, দুয়োজন নেতাই এই বিষয়বিলাকত সন্মতি প্ৰকাশ কৰেঃ

 

  1. সন্ত্ৰাসবাদ আৰু ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ লগতে চোৰাংচোৱা ক্ষেত্ৰখনত সহযোগিতা বৃদ্ধি কৰা, তথ্যৰ আদান-প্ৰদান, ডি-ৰেডিকেলাইজেচন আৰু সক্ষমতা নিৰ্মাণ।
  2. চৰকাৰ আৰু শ্ৰীলংকাৰ জনসাধাৰণে চিনাক্ত কৰা অগ্ৰাধিকাৰৰ ক্ষেত্ৰসমূহত ফলপ্ৰসু আৰু দক্ষতাপূৰ্ণ পাৰস্পৰিক সহযোগিতা বৰ্তাই ৰখা আৰু ২০২০-২০২৫ সময়ছোৱাৰ বাবে বুজাবুজিৰ চুক্তিৰ অধীনত  ইমপ্লিমেণ্টেচন অফ হাই ইমপেক্ট কমিউনিটী ডেভেলপমেন্ট প্ৰজেক্টছ (এইচ আই চি ডি পি)ৰ প্ৰয়োগৰ বাবে দ্বীপভিত্তিক সহযোগিতা সম্প্ৰসাৰিত কৰা।
  3.  ৰূপিত ভূমিত খৰতকীয়াকৈ ১০,০০০ গৃহ নিৰ্মাণ কৰিবলৈ একেলগে কাম কৰা, যি ঘোষণা ২০১৭ৰ মে'ত শ্ৰীলংকা ভ্ৰমণলৈ যাওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছিল।
  4. দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ব্যৱস্থা শক্তিশালী কৰা আৰু ক'ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ যোগান শৃংখলা গভীৰ কৰি তোলা।
  5. দ্বিপাক্ষিক চুক্তি আৰু এম অ' ইউবিলাকৰ আধাৰত আন্তঃগাঁথনি আৰু সংযোগৰ প্ৰকল্পৰ লগতে ঘনিষ্ঠ আলোচনাৰ জৰিয়তে বন্দৰ আৰু শক্তি খণ্ডত একেলগে কাম কৰি দুয়োখন দেশক পাৰস্পৰিকভাৱে লাভবান কৰি তোলা।
  6. ভাৰতৰ পৰা US$ ১০০ নিযুত লাইন অফ ক্ৰেডিটৰ অধীনত সৌৰ প্ৰকল্পৰ ওপৰত বিশেষ আলোকপাতেৰে নবীকৰণযোগ্য শক্তিত সহযোগিতা গভীৰ কৰি তোলা।
  • VII. কৃষি, পশু পালন, বিজ্ঞান আৰু প্ৰযুক্তি, চিকিৎসা আৰু আয়ুস (আয়ুৰ্বেদ, ইউনানি, সিদ্ধা আৰু হোমিঅ'পেঠী)ৰ লগতে দক্ষতা বিকাশৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতা শক্তিশালী কৰি তোলা।
  1. সামাজিক সম্পৰ্কৰ ক্ষেত্ৰখনত থকা সম্ভাৱনা উদ্ভাৱন কৰি মানুহৰ সৈতে মানুহৰ যোগাযোগ শক্তিশালী কৰা আৰু বুদ্ধিজিম, আয়ুৰ্বেদ আৰু যোগৰ দৰে উমৈহতীয়া ঐতিহ্যৰ ফলপ্ৰসু ব্যৱহাৰ।
  2. যোগাযোগ বৃদ্ধি কৰি পৰ্যটনৰ ব্যৱস্থা কৰা আৰু দুয়োখন দেশৰ মাজত এয়াৰ বাবলৰ জৰিয়তে ভ্ৰমণৰ ব্যৱস্থা কৰা।
  3. নিয়মীয়া আলোচনাৰ জৰিয়তে মাছমৰীয়াসকলৰ সৈতে জড়িত সমস্যাৰ সমাধান কৰা
  4. ব্যক্তি বিশেষৰ পাৰস্পৰিক ভ্ৰমণৰ জৰিয়তে দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ মাজত সহযোগিতা শক্তিশালী কৰি তোলা, মেৰীটাইম ছিকিউৰিটী ক'-অপাৰেচন গঢ়ি তোলা আৰু প্ৰতিৰক্ষা তথা নিৰাপত্তাৰ ক্ষেত্ৰত শ্ৰীলংকাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা।

 

৬৷  দুয়োখন দেশৰ মাজত বুদ্ধিষ্ট সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ১৫ নিযুত মাৰ্কিন ডলাৰৰ ভাৰতৰ বৃহৎ সাহায্যৰ ঘোষণাৰ বাবে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই স্বাগতম জনায়।

 

৭৷  এখন সংযুক্ত শ্ৰীলংকাৰ ভিতৰত সমতা, ন্যায়, শান্তি আৰু সন্মানৰ বাবে তামিল জনসাধাৰণে পোষণ কৰি থকা আশাৰে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ চৰকাৰক আহ্বান জনায়।

 

৮৷ দুয়োজন নেতাই পাৰস্পৰিকভাৱে জড়িত আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ৰ গুৰুত্ব বৃদ্ধিৰ কথা স্বীকাৰ কৰে, ইয়াৰ ভিতৰত এছ এ এ আৰ চি, বি আই এম এছ টি ই চি, আই অ'পিডি আৰ এ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰণালীৰ পৰিসৰ অন্তৰ্ভুক্ত।

 

৯৷ বি আই এম এছ টি ই চি এটা আঞ্চলিক সহযোগিতাৰ বাবে এক গুৰুত্বপূৰ্ণ প্লেটফৰ্ম যি দক্ষিণ এছিয়াক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰিছে বুলি স্বীকাৰ কৰি দুয়োজন নেতাই শ্ৰীলংকাৰ অধ্যক্ষতাৰ অধীনত এক সফল বি আই এম এছ টি ই চিৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ একেলগে কাম কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে।

 

১০৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য হিচাপে ২০২১-২০২২ বৰ্ষৰ বাবে ভাৰতৰ প্ৰতি আন্তৰ্জাতিক সম্প্ৰদায়ে আগবঢ়োৱা শক্তিশালী সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিবাদন জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi