নতুন শিক্ষা নীতিৰ সৈতে আৰু দক্ষতা বিকাশ তথা ষ্টাৰ্ট-আপৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত আমাৰ যুৱক-যুৱতীসকল 'উন্নত ভাৰত'ৰ সংকল্পৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছেঃপ্ৰধানমন্ত্ৰী
আমি সদায় আমাৰ যুৱ শক্তিক উজলি উঠাৰ সম্ভাব্যসকলো সুযোগ দিম, তেওঁলোক হৈছে বিকশিত ভাৰতৰ মূল নিৰ্মাতাঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱক-যুৱতীসকলৰ গোলকীয় সাফল্যৰ ওপৰত আলোকপাত কৰি কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বজুৰি নিজৰ উপস্থিতি দেখুৱাবলৈ সক্ষম হৈছে। তেওঁলোকক গতিশীলতা, উদ্ভাৱন আৰু সংকল্পৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি তেওঁ কয় যে যোৱা ১১বছৰত ৰাষ্ট্ৰৰ বিকাশ যুৱ শক্তিৰ অতুলনীয় শক্তি আৰু দৃঢ় বিশ্বাসৰ দ্বাৰা চালিত হৈছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ষ্টাৰ্টআপ, বিজ্ঞান, ক্ৰীড়া, সামূহিক সেৱা আৰু সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত তৰুণ ভাৰতীয়সকলে আগবঢ়োৱা অৱদানঅসামান্য। "যোৱা ১১বছৰতআমি তৰুণসকলৰ উল্লেখযোগ্য বৰঙণি দেখিছো, যিসকলে অকল্পনীয় কাম কৰিছে", তেওঁ কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ১১বছৰত যুৱ সবলীকৰণৰ লক্ষ্যৰে চৰকাৰী নীতিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ষ্টাৰ্টআপ ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ দৰে চৰকাৰী পদক্ষেপসমূহৰ মূল এই দৃঢ় বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত যে যুৱপ্ৰজন্মৰ সবলীকৰণ হৈছে এখন ৰাষ্ট্ৰই কৰিব পৰা আটাইতকৈ শক্তিশালী কাম।

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১১বছৰত চৰকাৰে যুৱ সবলীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। নতুন শিক্ষা নীতি আৰু দক্ষতা বিকাশ আৰু ষ্টাৰ্ট-আপৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত যুৱক-যুৱতীসকল 'উন্নত ভাৰত'ৰ সংকল্পৰ গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰে সদায় যুৱ শক্তিক উজলি উঠাৰসম্ভাব্যসকলো সুযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছে;

"ভাৰতৰ যুৱক-যুৱতীসকলে বিশ্বজুৰি নিজৰ পৰিচয় গঢ়ি তুলিছে। আমাৰ যুৱ শক্তি গতিশীলতা, উদ্ভাৱন আৰু সংকল্পৰ সৈতে জড়িত। আমাৰ যুৱপ্ৰজন্মই অতুলনীয় শক্তি আৰু দৃঢ় বিশ্বাসৰে ভাৰতৰ বিকাশক চালিত কৰিছে।

যোৱা ১১বছৰত আমি ষ্টাৰ্টআপ, বিজ্ঞান, ক্ৰীড়া, সামূহিক সেৱা, সংস্কৃতি আৰু অন্যান্য বিষয়কে ধৰি বিভিন্ন খণ্ডত অতুলনীয় কাম কৰা যুৱক-যুৱতীসকলৰ উল্লেখযোগ্য উদাহৰণ প্ৰত্যক্ষ কৰিছো।

যোৱা ১১বছৰত যুৱ সবলীকৰণৰ লক্ষ্যৰে লোৱা নীতি আৰু কাৰ্যসূচীসমূহতো এক নিৰ্ণায়ক পৰিৱৰ্তন দেখা গৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া, স্কিল ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ দৰে চৰকাৰী পদক্ষেপবোৰ এই দৃঢ় বিশ্বাসৰ ওপৰত আধাৰিত যে যুৱপ্ৰজন্মৰ সবলীকৰণ হৈছে এখন ৰাষ্ট্ৰই কৰিব পৰা আটাইতকৈ শক্তিশালী কাম।

মই আত্মবিশ্বাসী যে আমাৰ যুৱপ্ৰজন্মই বিকশিত ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাক শক্তিশালী কৰি ৰাখিব।

#11YearsOfYuvaShakti"

 

"যোৱা ১১বছৰত আমাৰ চৰকাৰে যুৱশক্তিক সবলীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। নতুন শিক্ষা নীতিৰ জৰিয়তে দক্ষতা বিকাশ আৰু ষ্টাৰ্ট-আপৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত আমাৰ যুৱক-যুৱতীসকল ‘বিকশিত ভাৰত'ৰ সংকল্পৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিছে। এইটো আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে আজি দেশৰ যুৱক-যুৱতীসকলে ৰাষ্ট্ৰ নিৰ্মাণত অগ্ৰণী ভূমিকা পালন কৰি আছে।

11YearsOfYuvaShakti"

 

"আমি আমাৰ যুৱশক্তিকসদায় উজলি উঠাৰ সম্ভৱপৰ সকলো সুযোগ দিম! তেওঁলোক হৈছে বিকশিত ভাৰতৰ মূল নিৰ্মাতা।

#11YearsOfYuvaShakti"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Post revenue rises to ₹15,373 crore in FY 2025-2026 amid digital transformation push

Media Coverage

India Post revenue rises to ₹15,373 crore in FY 2025-2026 amid digital transformation push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative power of true knowledge
May 26, 2026

The Prime Minister, Shri Narendra Modi, said that true knowledge paves the way for the welfare of the nation, society and the entire humanity. He noted that it is important that our knowledge and actions become a source of inspiration for all humankind.

The Prime Minister shared a Sanskrit Subhashitam-

“आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।। ”

The Subhashitam conveys that the the Ātman is by nature always pure, eternal, blissful, and self-luminous. However, because of ignorance, it appears impure; through true knowledge, it once again reveals its pure nature.

The Prime Minister wrote on X;

“सच्चा ज्ञान देश, समाज और समस्त मानवता के कल्याण का मार्ग प्रशस्त करता है। इसलिए यह जरूरी है कि हमारा ज्ञान और हमारे कर्म पूरी मानवता के लिए प्रेरणा बनें।

आत्मा शुद्धः सदा नित्यः सुखरूपः स्वयम्प्रभः।

अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो भवत्ययम्‌।।”