২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।

২০২৫ চনৰ ১১ মাৰ্চত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই ইতিহাস, ভাষা, সংস্কৃতি, ঐতিহ্য, আত্মীয়তা আৰু মূল্যবোধৰ অংশীদাৰী বন্ধনৰ পৰিপ্ৰেক্ষিতত মৰিচাছ আৰু ভাৰতে এক বিশেষ আৰু অনন্য সম্পৰ্ক উপভোগ কৰে, যাক অতুলনীয় বুলি মন্তব্য দোহাৰে দুয়োগৰাকী নেতাই। তেওঁলোকে লগতে স্বীকাৰ কৰে যে জনসাধাৰণ আৰু সাংস্কৃতিক আদান-প্ৰদানৰে বৰ্তী অহা মৰিচাছ-ভাৰতৰ সম্পৰ্ক বিগত কেবাটাও দশকত ক্ৰমাগতভাৱে শক্তিসমৃদ্ধ হৈ এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ সম্প্ৰসাৰিত হৈছে, যি বিভিন্ন ক্ষেত্ৰক সামৰি লৈছে আৰু দুয়োখন দেশ, পৰস্পৰৰ জনসাধাৰণ আৰু ভাৰত মহাসাগৰ বিস্তৃতত অঞ্চলক লাভান্বিত কৰিছে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ সময়ৰে পৰাই মৰিচাছৰ আৰ্থ-সামাজিক বিকাশত সময়-পৰীক্ষিত আৰু বিশ্বস্ত অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ প্ৰসংগ গুৰুত্ব সহকাৰে উল্লেখ কৰে। ভাৰতে সকলো সময়তে মৰিচাছক দৃঢ়তাৰে সমৰ্থন আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে ভৱিষ্যতৰ উন্নয়নৰ বাবে দুয়োখন দেশৰ মাজত বিদ্যমান দ্বিপাক্ষিক অংশীদাৰিত্বক অধিক প্ৰগাঢ় কৰি তোলাৰ বাবে তেওঁৰ দৃঢ় প্ৰতিশ্ৰুতিব্ধতা পুনৰ ব্যক্ত কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনৰ মাৰ্চ মাহত মৰিচাছলৈ কৰা তেওঁৰ পূৰ্বৰ ভ্ৰমণৰ কথা স্মৰণ কৰে। প্ৰসংগক্ৰমে তেওঁ সেই যাত্ৰাৰ সময়ত ভাৰতৰ দৃষ্টিভংগী ‘সাগৰ’, অৰ্থাৎ ‘অঞ্চলটোৰ সকলোৰে বাবে নিৰাপত্তা আৰু বিকাশ উন্মোচন কৰা’ৰ কথা উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে মৰিচাছ ‘সাগৰ  দৃষ্টিভংগী’ বাস্তৱায়িত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে আৰু দ্বিপাক্ষিক সম্পৰ্ক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মৰিচাছ চৰকাৰে আগবঢ়োৱা ব্যাপক সমৰ্থনক তেওঁ প্ৰশংসা কৰে। তেওঁ লগতে উল্লেখ কৰে যে মৰিচাছ ভাৰতৰ ‘সাগৰ  দৃষ্টিভংগী’, ইয়াৰ ‘চুবুৰীয়া প্ৰথম’ দৃষ্টিভংগী আৰু ‘গোলকীয় দক্ষিণ’ৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ সংযোগস্থলত আছে আৰু দুয়োখন দেশৰ উমৈহতীয়া লাভালাভৰ বাবে এই নীতিসমূহ আগবঢ়োৱাত মৰিচাছে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰে।



দ্বিপাক্ষিক সম্পৰ্কৰ শক্তি আৰু স্বকীয়তাৰ কথা উল্লেখ কৰি এই সম্পৰ্কক অধিক নিৰ্দেশনা আৰু অভিমুখীতা প্ৰদান কৰাৰ আৰু ইয়াক এক বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ সময় সমাগত হোৱাৰ কথাত সহমত প্ৰকাশ কৰে।

ৰাজনৈতিক বিনিময়

দুয়োগৰাকী নেতাই স্বীকাৰ কৰে যে দুয়োখন দেশৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আদান-প্ৰদান আৰু ভ্ৰমণৰ দ্বাৰা পৰিপূৰক হোৱা দ্বিপাক্ষিক সম্পৰ্কই বিভিন্ন স্তৰত উচ্চ স্তৰৰ বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি উপভোগ কৰি আহিছে। ভাৰতৰ ‘জি-২০ প্ৰেচিডেন্সী’ৰ অধীনত ‘অতিথি দেশ’ হিচাপে মৰিচাছৰ অংশগ্ৰহণে সকলো ক্ষেত্ৰতে দুয়োখন দেশৰ ঘনিষ্ঠতা গভীৰ কৰি তুলিছে বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই এই কাৰ্যসূচী অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। সামৰ্থ্য নিৰ্মাণৰ ক্ষেত্ৰকে ধৰি দুয়োখন দেশৰ সংসদৰ মাজত চলি থকা আলোচনাক আদৰণি জনাই দুয়োগৰাকী নেতাই সংসদীয় কাৰ্যক্ৰম সম্পৰ্কীয় সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহৰ সহভাগ কৰাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়। তদুপৰি, তেওঁলোকে দুয়োখন দেশৰ সাংসদসকলৰ মাজত বাৰ্তালাপ তীব্ৰতৰ কৰিবলৈ সন্মত হয়।

উন্নয়ন অংশীদাৰিত্ব

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে স্বাধীনতাৰ পিছৰে পৰা ভাৰত মৰিচাছৰ বাবে আগশাৰীৰ উন্নয়ন অংশীদাৰ হৈ আহিছে আৰু ইয়াৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। ‘ভাৰত-মৰিচাছ মেট্ৰ' এক্সপ্ৰেছ প্ৰকল্প’, নতুন উচ্চতম ন্যায়ালয় ভৱন, নতুন ‘ইএনটি’ চিকিৎসালয়, ৯৫৬টা ‘সামাজিক আৱাস গোট’ আৰু ‘শৈক্ষিক টেবলেট’ৰ দৰে কেবাটাও উচ্চ পৰ্যায়ৰ আন্তঃগাঁথনি প্ৰকল্প সফলতাৰে ৰূপায়ণত ভাৰতৰ সমৰ্থনৰ কথা উল্লেখ কৰি মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন খণ্ডত মৰিচাছৰ পৰিদৃশ্যৰ অংশ হোৱা, বিগত বছৰসমূহত মৰিচাছৰ সকলো শ্ৰেণীক লাভান্বিত কৰা ভাৰতৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই আগালেগাত ভাৰতীয় সহযোগিতাৰে বিকশিত নতুন ৰানৱে’ আৰু জেট্টিৰ লাভ আৰু আগালেগাৰ মৰিছিয়ান লোকসকলৰ বাবে শেহতীয়া ঘূৰ্ণীবতাহ ‘চিডো’ৰ পিছত জৰুৰীকালীন মানৱীয় সহায্যৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা স্বীকাৰ কৰে। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে মৰিচাছ চৰকাৰৰ পুনৰ্সংস্থাপনৰ দিশত কৰা প্ৰচেষ্টাত সহায় কৰাৰ বাবে যাত্ৰীবাহী বিমান আৰু জাহাজ মোতায়েনকে ধৰি সময়মতে আৰু দ্ৰুত সহায়ৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে, যাৰ ফলত প্ৰয়োজনৰ সময়ত মৰিচাছৰ বাবে 'প্ৰথম সঁহাৰি দাতা' হিচাপে ভাৰতৰ ভূমিকা পুনৰ নিশ্চিত হয়। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আগালেগাৰ অধিবাসীসকলৰ কল্যাণ আৰু লাভৰ বাবে উন্নয়নত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সহায়ক আদৰণি জনায়।

নেতাদ্বয়ে ‘ৰেনেল ট্ৰান্সপ্লান্ট ইউনিট’, ‘ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ’, ‘ৰাষ্ট্ৰীয় পূৰালেখাগাৰ’ আৰু পুথিভঁৰাল আৰু ‘অসামৰিক সেৱা মহাবিদ্যালয়’ৰ দৰে চলিত আন্তঃগাঁথনি প্ৰকল্পৰ লগতে সমগ্ৰ মৰিচাছত বিয়পি থকা অত্যধিক প্ৰভাৱিত সম্প্ৰদায়সমূহৰ উন্নয়ন প্ৰকল্পত গুৰুত্ব আৰোপ কৰে আৰু সেইসমূহ সময়মতে সম্পূৰ্ণ হোৱাৰ দিশত তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে। ভাৰতৰ অৰ্থসাহায্যৰে জনকেন্দ্ৰিক উন্নয়নমূলক সহায়ে মৰিচাছৰ বন্ধুত্বপূৰ্ণ লোকসকলৰ বাবে প্ৰকৃত লাভ আনিছে আৰু মৰিচাছৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাইছে, এই ক্ষেত্ৰত দুয়োগৰাকী নেতাই সন্মত হৈছে: (ক) ১০০-বৈদ্যুতিক বাছ আৰু সংশ্লিষ্ট চাৰ্জিং আন্তঃগাঁথনি সময়মতে বিতৰণ কৰাৰ দিশত কাম কৰা; (খ) অত্যধিক প্ৰভাৱিত সম্প্ৰদায়সমূহৰ উন্নয়ন প্ৰকল্পৰ দ্বিতীয় পৰ্যায় কাৰ্যকৰী কৰা; (গ) দুয়োপক্ষৰ মাজত সম্পাদিত প্ৰথম ‘আইএনআৰ নিৰ্ধাৰিত ঋণ ৰেখা চুক্তি’-ৰ অধীনত মৰিচাছত ১০০ কিলোমিটাৰ পানীৰ পাইপলাইন সলনি প্ৰক্ৰিয়াৰ কাৰ্যকৰীকৰণ আৰম্ভ কৰা; (ঘ)মৰিচাছ চৰকাৰৰ দ্বাৰা চিনাক্ত কৰিব লগা স্থানত নতুন সংসদ ভৱন নিৰ্মাণ সন্দৰ্ভত আলোচনা চূড়ান্ত কৰা, আৰু ভাৰতৰ অনুদানেৰে এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে ‘ফ্ৰেমৱৰ্ক বুজাবুজি’ সমাপ্ত কৰক; আৰু (ঙ) ‘গংগা তালাও আধ্যাত্মিক শৰণস্থান’ৰ পুনৰ্বিকাশ সন্দৰ্ভত আলোচনা চূড়ান্ত কৰা আৰু ভাৰতৰ অনুদানেৰে এই প্ৰকল্পটো ৰূপায়ণ কৰাৰ বাবে ‘ফ্ৰেমৱৰ্ক বুজাবুজি’ সমাপ্ত কৰা; (চ) মৰিচাছ চৰকাৰৰ প্ৰয়োজনীয়তা আৰু প্ৰাথমিকতা অনুসৰি উন্নয়ন সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণ কৰা।

মানৱ সম্পদৰ উন্নয়ণ আৰু সামৰ্থ্য নিৰ্মাণ

মৰিচাছৰ সামৰ্থ্য নিৰ্মাণ আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আৰু মৰিচাছৰ মানৱ সম্পদৰ উন্নয়ণৰ ক্ষেত্ৰত ভাৰতে সদায় অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে:

ক. ভাৰত চৰকাৰৰ ‘আইটিইচি ফ্ৰেমৱৰ্ক’ আৰু ‘অনুকূলিত প্ৰশিক্ষণ কাৰ্যসূচী’ৰ অধীনত চলি থকা সামৰ্থ্য নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব; পাঁচ বছৰৰ ভিতৰত ভাৰতত ৰাষ্ট্ৰীয় সুশাসন কেন্দ্ৰৰ জৰিয়তে মৰিচাছৰ ৫০০ গৰাকী অসামৰিক কৰ্মচাৰীৰ বাবে অনুকূলিত প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা;

খ. অসামৰিক সেৱা মহাবিদ্যালয়, ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ, আৰু ৰাষ্ট্ৰীয় পূৰালেখাগাৰ আৰু পুথিভঁৰালৰ মাজত ভাৰতৰ প্ৰাসঙ্গিক মুখ্য প্ৰতিষ্ঠানসমূহৰ সৈতে নিৰন্তৰ সহযোগিতা আৰু সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ সহভাগ কৰাৰ বাবে প্ৰতিষ্ঠানগত সম্পৰ্ক সৃষ্টি কৰা;

গ. মৰিচাছ চৰকাৰক ইয়াৰ কাৰ্যকৰী প্ৰয়োজনীয়তাৰ বাবে সহায় কৰিবলৈ পৰামৰ্শদাতা আৰু/বা কাৰিকৰী বিশেষজ্ঞৰ নিৰন্তৰ প্ৰতিনিধিত্ব অব্যাহত ৰখা;

ঘ. বুজাবুজিৰ চুক্তিৰ জৰিয়তে ‘সুষমা স্বৰাজ বৈদেশিক সেৱা প্ৰতিষ্ঠান’ত এক সামৰ্থ্য নিৰ্মাণ কাৰ্যসূচী প্ৰতিষ্ঠা কৰি মৰিছিয়ান কূটনীতিবিদসকলৰ বাবে বিদ্যমান প্ৰশিক্ষণ সহযোগিতা বৃদ্ধি আৰু শক্তিশালী কৰা; আৰু

ঙ. মৰিচাছৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিতা অনুসৰি অসামৰিক, আৰক্ষী, সংসদীয়, ৰীতি-নীতি, আইনী, স্বাস্থ্য আৰু অন্যান্য ক্ষেত্ৰত মৰিছিয়ান বিষয়াসকলৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অন্বেষণ কৰা।

মহাকাশ আৰু জলবায়ু পৰিৱৰ্তন

দুয়োগৰাকী নেতাই সন্মত হয় যে চলিত মহাকাশ সহযোগিতাই দুয়োখন দেশক যথেষ্ট লাভান্বিত কৰিছে আৰু মৰিচাছৰ সৈতে ইয়াৰ বিশেষ সম্পৰ্কৰ প্ৰতি ভাৰতে জড়িত কৰা গুৰুত্বকে প্ৰতিফলিত কৰিছে। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ বাবে এটা উপগ্ৰহৰ যৌথ বিকাশৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰক প্ৰশংসা কৰে আৰু স্বীকাৰ কৰে যে এই সহযোগিতা হৈছে মৰিচাছৰ উন্নয়নমূলক যাত্ৰাত ভাৰতৰ অটল সমৰ্থনৰ প্ৰমাণ। মহাকাশ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ বাবে তেওঁলোকে এইসমূহ প্ৰসংগত সন্মত হৈছে:

ক) ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ৰ মৰিছিয়ান বিজ্ঞানী আৰু বিশেষজ্ঞসকলৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণসহ ভাৰত-মৰিচাছ উপগ্ৰহৰ সফল বিকাশ আৰু উৎক্ষেপণৰ দিশত ঘনিষ্ঠভাৱে কাম কৰা;

খ) মৰিচাছত বিভিন্ন ‘টেম্পোৰেল স্কেল’, ‘ৱে’ভ ৰাইডাৰ বয়জ এণ্ড মাল্টি-হেজাৰ্ড ইমাৰ্জেন্সী ছীষ্টেম’ত বতৰ আৰু জলবায়ু পূৰ্বানুমান প্ৰণালী ৰূপায়ণত সহায় কৰা যাতে ইয়াত এক স্থিতিস্থাপক দুৰ্যোগ প্ৰস্তুতি আৰু সঁহাৰি প্ৰণালী গঢ়ি তোলাত সহায় কৰিব পৰা যায়;

গ) ‘ইছৰো’ আৰু ‘মৰিচাছ গৱেষণা আৰু উদ্ভাৱন পৰিষদ’ (এমআৰআইচি)ৰ মাজত মৰিচাছৰ ‘ইছৰো টেলিমেট্ৰি আৰু ট্ৰেকিং চেণ্টাৰ’-ৰ ক্ষেত্ৰত চলি থকা সহযোগিতা পুনৰ নৱীকৰণ; আৰু

ঘ) মৰিচাছৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে মহাকাশ আৰু জলবায়ু পৰিৱৰ্তন ক্ষেত্ৰত সহযোগিতাৰ নতুন পথ অন্বেষণ কৰা, আৰু ইয়াৰ সৈতে সম্পৰ্কিত সামৰ্থ্য নিৰ্মাণক সমৰ্থন কৰা; আৰু

ঙ) ভাৰত চৰকাৰৰ এটা উন্নয়ন অংশীদাৰিত্ব প্ৰকল্পৰ প্ৰস্তাৱ অনুসৰণ কৰা, যাৰ উদ্দেশ্য হৈছে ‘পৃথিৱী পৰ্যৱেক্ষণ এপ্লিকেশ্যন’ আৰু এক ‘ইন্টাৰেক্টিভ কম্পিউটিং ফ্ৰেমৱৰ্ক’ ব্যৱহাৰ কৰা যাতে বতৰজনিত ঘটনা-প্ৰবাহ নিৰীক্ষণ কৰাৰ লগতে জলবায়ুৰ চৰম প্ৰভাৱ কাৰ্যকৰীভাৱে অধ্যয়ন কৰিবলৈ মৰিচাছক সক্ষম কৰিব পৰা যায়। ‘কোৱাড’ৰ ছত্ৰচায়াত ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ (ইছৰো) আৰু ‘পৃথিৱী বিজ্ঞান’ মন্ত্ৰালয়ে এই কাৰ্য সম্পাদন কৰিব।

স্বাস্থ্য আৰু শিক্ষা সহযোগিতা

স্বাস্থ্য আৰু শৈক্ষিক আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ সমৰ্থনৰ কথা সাৰোগত কৰি ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় ‘ডিপিআই’ আৰু ‘প্লেটফৰ্ম’ গ্ৰহণ আৰু নিয়োজিত কৰাৰ বাবে সহায় আৰু মৰিচাছৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ ইতিবাচক অৱদানৰ কথা উল্লেখ কৰি দুয়োগৰাকী নেতাই মৰিচাছৰ জনসাধাৰণক মানসম্পন্ন, সুলভ আৰু প্ৰৱেশানুকূল স্বাস্থ্যসেৱা সুবিধা প্ৰদান কৰাৰ প্ৰতি শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁলোকে মৰিচাছত ভাৰতে বিদেশৰ প্ৰথম ‘জন ঔষধী কেন্দ্ৰ’ৰ শুভাৰম্ভ কৰা কাৰ্যক প্ৰশংসা কৰে আৰু মৰিচাছৰ বিভিন্ন প্ৰান্তলৈ ইয়াক  সম্প্ৰসাৰিত কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

‘ড্ৰাগ-আসক্তি আৰু সম্পৰ্কিত সামাজিক সমস্যা’বৃদ্ধিৰ বাবে মৰিচাছে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি নেতাদ্বয়ে ড্ৰাগৰ আসক্তি আৰু পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত বিশেষজ্ঞ জ্ঞান সহভাগ কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আৰু ‘ভাৰতীয় নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰো’ৰ বিশেষজ্ঞতা আৰু সমৰ্থনৰ সৈতে ‘ৰাষ্ট্ৰীয় ঔষধ নীতি, নিৰীক্ষণ আৰু সমন্বয় সংস্থা’ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়।

নেতাদ্বয়ে আয়ুষৰ ক্ষেত্ৰত সহযোগিতাতো গুৰুত্ব আৰোপ কৰে। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে মৰিচাছত ‘আয়ুষ উৎকৰ্ষ কেন্দ্ৰ’ স্থাপনৰ বাবে ভাৰতে আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰশংসা কৰে আৰু এই উচ্চাকাংক্ষী প্ৰকল্পটো বাস্তৱায়িত কৰিবলৈ ভাৰতৰ নিৰন্তৰ সহায়ৰ বাবে প্ৰত্যাশা ব্যক্ত কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতত চিকিৎসাধীন মৰিছিয়ান ৰোগীসকলক ভাৰতৰ দ্বাৰা সম্প্ৰসাৰিত সকলো সুবিধাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। নেতাদ্বয়ে ‘ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ’ (এনচিইআৰটি) আৰু মৰিচাছৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ মাজত বিদ্যালয় শিক্ষাৰ পাঠ্যক্ৰমৰ বিকাশত বিশেষজ্ঞতা সহভাগ কৰাৰ ক্ষেত্ৰত চলি থকা আলোচনাক আদৰণি জনায় আৰু সন্মত হয় যে এনে সহযোগিতাৰ পদক্ষেপ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰা আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানগত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাল হ'ব। তেওঁলোকে ভাৰত মৰিচাছৰ ‘এছ এণ্ড টি’ সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো সন্মত হয় যাৰ ভিতৰত আছে ‘ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰণনীতি’ ৰূপায়ণৰ বাবে এক পথ-পৰিকল্পনা প্ৰস্তুত কৰা আৰু মৰিচাছত বিজ্ঞান আৰু প্ৰযুক্তি সঞ্চালকালয় স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা।

অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা

আফ্ৰিকা অঞ্চলৰ এখন দেশৰ সৈতে ভাৰতৰ প্ৰথম বাণিজ্যিক চুক্তি ‘ব্যাপক অৰ্থনৈতিক সহযোগিতা আৰু অংশীদাৰিত্ব চুক্তি’ (চিইচিপিএ) প্ৰক্ৰিয়াৰ সম্পন্নতাই দুয়োখন দেশৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কত এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে চিহ্নিত কৰা বুলি স্বীকাৰ কৰি নেতাদ্বয়ে মৰিচাছ আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ অংশীদাৰী উদ্দেশ্যৰ বাবে দ্বিপাক্ষিক বাণিজ্যৰ সম্পূৰ্ণ সম্ভাৱনা উন্মোচিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ‘আফ্ৰিকামহাদেশীয় মুক্ত বাণিজ্য ক্ষেত্ৰ’ (এএফচিএফটিএ)ৰ অংশ হোৱা আফ্ৰিকাৰ সৈতে মৰিচাছৰ অৱস্থানগত সুবিধা আৰু সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰি মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ প্ৰৱেশদ্বাৰ হিচাপে মৰিচাছক গণ্য কৰিবলৈ আৰু আফ্ৰিকাৰ দ্বাৰা আগবঢ়োৱা বাণিজ্য আৰু ব্যৱসায়িক সুযোগৰ পৰা লাভান্বিত হোৱাৰ বাবে ভাৰতীয় কোম্পানী আৰু ব্যৱসায়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

দুয়োখন দেশৰ মাজত বেহা-বেপাৰ আৰু বাণিজ্যিক সম্পৰ্কত বৈচিত্ৰ্য আনিবলৈ তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতিৰ কথা দোহাৰে, নেতাদ্বয়ে নিম্নোল্লিখিত প্ৰসংগসমূহত সন্মতি প্ৰকাশ কৰে:

ক) দুয়োখন দেশৰ মাজত বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে ‘চিইচিপিএ’-ৰ অধীনত উচ্চ ক্ষমতাযুক্ত যুটীয়া বাণিজ্য সমিতিৰ দ্বিতীয় অধিৱেশন অনুষ্ঠিত কৰা;

খ) স্থানীয় মুদ্ৰাত বাণিজ্য নিষ্পত্তিৰ সুবিধা প্ৰদান কৰা, যেনে ভাৰতীয় টকা আৰু মৰিছিয়ান টকা, যি অংশীদাৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা স্থানীয় মুদ্ৰা নিষ্পত্তিৰ ক্ষেত্ৰত বুজাবুজিচুক্তি স্বাক্ষৰ কৰা অনুসৰি দ্বিপাক্ষিক বাণিজ্য বিপদাংশকামুক্ত কৰাৰ দিশত কাম কৰা;

গ) চলিত আলোচনা সমাপ্ত হোৱাৰ পিছত চুক্তিৰ অপব্যৱহাৰ সম্পৰ্কীয় আন্তৰ্জাতিক মানকৰ সৈতে সামঞ্জস্য ৰাখিবলৈ দ্বৈত কৰ পৰিহাৰণ চুক্তি সংশোধনৰ প্ৰটোকল অতি সোনকালে অনুমোদন কৰা; আৰু

ঘ) দীৰ্ঘম্যাদী আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ বাবে মৰিচাছক ইয়াৰ অৰ্থনীতিৰ বৈচিত্ৰতাত সহায় কৰাৰ বাবে মহাসাগৰীয় অৰ্থনীতি, ফাৰ্মাচিউটিকেল, আইটি আৰু ফিনটেক-ৰ দৰে ‘সূৰ্যোদয় খণ্ড’ত বিনিয়োগক উত্সাহিত কৰা।

ডিজিটেল সহযোগিতা

কেবাটাও জনকেন্দ্ৰিক ‘ডিজিটাইজেশ্যন’ প্ৰচেষ্টাৰ পৰা ভাৰতৰ সাফল্য আৰু শাসন তথা সেৱা প্ৰদানৰ ক্ষেত্ৰত সেইসমূহৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰি মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত ‘ডিজিটাইজেশ্যন অভিযান’ৰ ক্ষেত্ৰত মৰিচাছ চৰকাৰক সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতক অনুৰোধ জনায়, যাৰ প্ৰতি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে। এই উদ্দেশ্যৰ সৈতে সংগতি ৰাখি, নেতাদ্বয়ে এইসমূহ প্ৰসংগত সন্মতি জনায়:

ক. ‘মহাত্মা গান্ধী প্ৰতিষ্ঠান’ত ‘ই-ন্যায়পালিকা’ ব্যৱস্থা ৰূপায়ণ, আৰু ‘আৰ্কাইভ আৰু ৰেকৰ্ড-ৰ ডিজিটাইজেশ্যন’ক সমৰ্থন কৰা;

খ. চাইবাৰ নিৰাপত্তা, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইয়াৰ বাবে সামৰ্থ্য নিৰ্মাণকে ধৰি ‘আইচিটি’-ৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা; আৰু

গ. মৰিচাছৰ প্ৰয়োজনীয়তা অনুসৰি ভাৰতৰ দ্বাৰা বিকশিত সফল ডিজিটেল সঁজুলি, যেনে ‘প্ৰধানমন্ত্ৰী গতি শক্তি ডিজিটেল প্লেটফৰ্ম’-ৰ ৰূপায়ণ অন্বেষণ কৰা।

প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষা সহযোগিতা

দুয়োগৰাকী নেতাই উল্লেখ কৰে যে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তা সহযোগিতা দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ আছে আৰু এই ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতাই এক কৌশলগত মাত্ৰা অৰ্জন কৰিছে আৰু দুয়োখন দেশক যথেষ্ট লাভান্বিত কৰিছে। তেওঁলোকে লগতে সন্মত হয় যে মৰিচাছ আৰু ভাৰত, এক মুক্ত, সুৰক্ষিত আৰু নিৰাপদ ভাৰত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে এক অংশীদাৰী প্ৰতিশ্ৰুতিবদ্ধতা থকা অঞ্চলটোj প্ৰাকৃতিক অংশীদাৰ আৰু সামুদ্ৰিক প্ৰত্যাহ্বানৰ মোকাবিলা তথা অঞ্চলটোত বৃহত্তৰ কৌশলগত স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰাৰ সংকল্পৰ কথা দোহাৰে দুয়োপক্ষই।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সম্পদৰ ব্যৱস্থা, জাহাজ আৰু বিমানৰ নিয়মীয়া নিয়োজন, যুটীয়া সামুদ্ৰিক নিৰীক্ষণ, হাইড্ৰ'গ্ৰাফিক জৰীপ আৰু টহল, দ্বিপাক্ষিক অনুশীলন আৰু তথ্যৰ আদান-প্ৰদান আৰু প্ৰশিক্ষণ সহযোগিতাৰ জৰিয়তে মৰিচাছক ইয়াৰ বিশাল একচেটিয়া অৰ্থনৈতিক ক্ষেত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত অটল সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতক প্ৰশংসা কৰে, যাৰ ফলত ভাৰতে মৰিচাছৰ বাবে এক গুৰুত্বপূৰ্ণ নিৰাপত্তা প্ৰদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক অনুদানৰ ভিত্তিত উপকূলৰক্ষী বাহিনীৰ জাহাজ ‘ভিক্ট্ৰী’, ‘ভেলিয়েণ্ট’ আৰু ‘বাৰাকুড়া’ৰ পুনৰ মেৰামতিকৰণৰ ক্ষেত্ৰত অব্যাহত ৰখা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মৰিচাছ ভাৰতৰ বাবে এক বিশেষ সামুদ্ৰিক অংশীদাৰ আৰু ভাৰতৰ ‘ভিজন সাগৰ’ৰ অধীনত এক গুৰুত্বপূৰ্ণ অংশীদাৰ। অঞ্চলটোত আমাৰ অংশীদাৰী উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মৰিচাছক ইয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ প্ৰয়োজনীয়তা বৃদ্ধিত ভাৰতৰ নিৰন্তৰ সমৰ্থন আৰু সহায়ৰ কথা দোহাৰে। অঞ্চলটোত বৰ্ধিত ভাবুকি আৰু প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ তেওঁলোকৰ সামূহিক আকাংক্ষাৰ কথা দোহাৰি নেতাদ্বয়ে এইদৰে সংকল্প লয়:

ক. মৰিচাছৰ প্ৰয়োজনীয়তা আৰু প্ৰথমিকতা অনুসৰি প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সম্পদ আৰু সঁজুলিৰ প্ৰৱন্ধনৰ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰখা;

খ. যুটীয়া সামুদ্ৰিক নিৰীক্ষণ আৰু হাইড্ৰ'গ্ৰাফী জৰীপৰ বাবে জাহাজ আৰু বিমানৰ বৰ্ধিত নিয়োজনৰ জৰিয়তে সামুদ্ৰিক সহযোগিতা বৃদ্ধি কৰা;

গ. মৰিচাছৰ ‘ইইজেড’ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহযোগিতা প্ৰগাঢ় কৰা, যাৰ ভিতৰত আছে আগালেগাত নতুনকৈ নিৰ্মিত ৰানৱে’ আৰু জেট্টিৰ বৰ্ধিত ব্যৱহাৰ;

ঘ. সামুদ্ৰিক ক্ষেত্ৰ সজাগতা বৃদ্ধিৰ বাবে ‘ৰাষ্ট্ৰীয় সামুদ্ৰিক তথ্য সহভাগ কেন্দ্ৰ’ স্থাপনত সহায় কৰা;

ঙ. সামুদ্ৰিক অভিযান আৰু সামুদ্ৰিক অভিযান্ত্ৰিক ক্ষেত্ৰত বিশেষজ্ঞতা প্ৰদান কৰি সহযোগিতা; মৰিচাছ বন্দৰ কৰ্তৃপক্ষলৈ বন্দৰ সুৰক্ষা পৰিৱেশ, বন্দৰ জৰুৰীকালীন আৰু বন্দৰ সুৰক্ষা; আৰু

চ. স্বতন্ত্ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰু মৰিচাছ আৰক্ষী বাহিনীৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণৰ বাবে সামৰ্থ্য নিৰ্মাণৰ পদক্ষেপসমূহ পৰিচালনা কৰা।

আঞ্চলিক আৰু বহুপাক্ষিক সহযোগিতা

দুয়োগৰাকী নেতাই চাগোছ দ্বীপপুঞ্জত মৰিচাছ আৰু ইউনাইটেড কিংডমৰ মাজত চলি থকা আলোচনাক আদৰণি জনায়। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে চাগোছ প্ৰসংগত মৰিচাছক ভাৰতৰ দৃঢ় সমৰ্থনৰ কথা দোহাৰে। মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত বিশ্বৰ নেতাসকলৰ সৈতে ব্যক্তিগত সমৰ্থন আৰু সম্পৰ্কৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

নেতাদ্বয়ে আঞ্চলিক আৰু বহুপাক্ষিক পৰিকাঠামোৰ অধীনত সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয়, বিশেষকৈ ‘ভাৰত মহাসাগৰ ৰিম এছ'চিয়েশ্যন’ (আইঅ'আৰএ), ‘কলম্বো নিৰাপত্তা সন্মিলন’, ‘গোলকীয় জৈৱ ইন্ধন মিত্ৰতা’, ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা’ আৰু ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট’ৰ জৰিয়তে। তেওঁলোকে শেহতীয়াকৈ ‘কলম্বো নিৰাপত্তা সন্মিলন’ৰ ‘সংস্থাপকীয় দস্তাবেজ’ত স্বাক্ষৰ কৰা আৰু ২০২৫-২৬ বৰ্ষৰ আইঅ'আৰএ-ৰ অধ্যক্ষ হিচাপে ভাৰতৰ দায়িত্ব গ্ৰহণক আদৰণি জনায় আৰু সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা আৰু ভাৰত মহাসাগৰীয় অঞ্চলত উমৈহতীয়া প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে এই আঞ্চলিক প্ৰণালীসমূহৰ প্ৰাসংগিকতাত গুৰুত্ব আৰোপ কৰে।

সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক

সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক বন্ধন আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্কই মৰিচাছ-ভাৰতৰ বিশেষ সম্পৰ্কক আধাৰিত কৰে বুলি উল্লেখ কৰি নেতাদ্বয়ে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ ঘনিষ্ঠ সম্পৰ্ক অধিক গভীৰ কৰিবলৈ সন্মত হয়। এই ক্ষেত্ৰত, তেওঁলোকে সন্মতি প্ৰকাশ কৰে:

ক. ভাৰতৰ ‘ৰাষ্ট্ৰীয় পূৰালেখাগাৰ’ৰ জৰিয়তে বিশেষ প্ৰশিক্ষণ আৰু প্ৰতিষ্ঠানগত সমৰ্থনৰ জৰিয়তে ভাৰতৰ পৰা অনুবন্ধিত শ্ৰমিকসকলৰ নথিভুক্ত তথ্য সংৰক্ষণত ‘মহাত্মা গান্ধী প্ৰতিষ্ঠান’ক সহযোগিতা কৰা;

খ. ‘ন’ ইণ্ডিয়া কাৰ্যসূচী’, সংযোগী শিপা, ‘প্ৰৱাসী ভাৰতীয় দিৱস’, আৰু বৃত্তিৰ জৰিয়তে প্ৰবাসী সকলৰে ঘনিষ্ঠতা শক্তিশালী কৰা আৰু গিৰমিতীয়াসকলৰ উত্তৰাধিকাৰী আৰু মানুহৰ সম্পৰ্ক শক্তিশালী কৰাত তেওঁলোকৰ অৱদানৰ নথিপত্ৰৰ সৈতে সম্পৰ্কিত গৱেষণাত সহযোগিতা কৰা;

গ. ‘চাৰ ধাম’ আৰু ‘ৰামায়ণ পথ পৰিক্ৰমণ’ৰ লগতে ভাৰতত প্ৰাচীন ধৰ্মীয় উপাসনাস্থলীৰ জৰিয়তে পৰ্যটন আৰু সাংস্কৃতিক আদান-প্ৰদানক উত্সাহিত কৰা; আৰু

ঘ. মৰিচাছ আৰু ভাৰতৰ মাজত শ্ৰমিকৰ গমনাগমনৰ সুবিধাৰ বাবে শ্ৰমিক নিযুক্তিৰ ক্ষেত্ৰত বুজাবুজি চুক্তিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত অধিক সহযোগিতা আগবঢ়োৱা হৈছে।

নেতাদ্বয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত তেওঁলোকৰ ব্যাপক আলোচনাত সন্তুষ্টি ব্যক্ত কৰে আৰু তেওঁলোকৰ বিশেষ আৰু ঘনিষ্ঠ দ্বিপাক্ষিক অংশীদাৰিত্বই গুৰুত্বপূৰ্ণ কৌশলগত গভীৰতা অৰ্জন কৰিছে বুলি সহমত প্ৰকাশ কৰে। তেওঁলোকে লগতে উল্লেখ কৰে যে উন্নয়নমূলক অংশীদাৰিত্ব, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তা আৰু জনসাধাৰণৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত মৰিচাছ-ভাৰত দ্বিপাক্ষিক অংশীদাৰিত্ব সহযোগিতাৰ এক উজ্জ্বল উদাহৰণ আৰু অঞ্চলটোত দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে এক মানক নিৰ্ধাৰণ কৰে। দুয়োগৰাকী নেতাই সম্পৰ্কক এক বৰ্ধিত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ দিশত অভিমুখিতা আৰু নিৰ্দেশনা প্ৰদান অব্যাহত ৰাখিবলৈ সন্মত হয়, যি পাৰস্পৰিকভাৱে লাভজনক, মৰিচাছৰ উন্নয়নমূলক প্ৰয়োজনীয়তা পূৰণ কৰে, আৰু অঞ্চলটোত অংশীদাৰী উদ্দেশ্যত অৰিহণা যোগায়।

মৰিচাছৰ স্বাধীনতাৰ ৫৭ সংখ্যক বাৰ্ষিকী আৰু মৰিচাছ গণৰাজ্যৰ ৩৩ সংখ্যক বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় দিৱস’ উদযাপনত সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীক মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰীক অচিৰেই ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"