ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ সৈতে চতুর্দশ ভাৰত-জাপান বার্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ১৯ আৰু ২০ মার্চত প্রথম দ্বিপাক্ষিক ভ্ৰমণসূচীৰে জাপানৰ প্রধানমন্ত্রী শ্ৰীযুত কিশিদা ফুমিঅ’ই ভাৰত ভ্ৰমণ কৰে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে এইকথা স্বীকাৰ কৰে যে এক অতি গুৰুত্বপূৰ্ণ সময়ত এই বৈঠক অনুষ্ঠিত হৈছে, যেতিয়া ভাৰত আৰু জাপানে কূটনৈতিক সম্পর্কৰ ৭০সংখ্যক বৰ্ষপূৰ্তি আৰু ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছে৷ দুয়োগৰাকী প্রধানমন্ত্রীয়ে অন্তিম বার্ষিক বৈঠকৰ সময়ৰ পৰা বিভিন্ন বিষয়ৰ অগ্রগতি পর্যালোচনা আৰু সহযোগিতাৰ বিভিন্ন দিশৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে৷

 

১৷ ভাৰত আৰু জাপানৰ মাজত বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বৰ কথা উল্লেখ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত ভাৰত আৰু জাপানে জাৰি কৰা ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কীয় বিবৃতিত যি অভিন্ন মূল্যবোধ আৰু নীতিৰ কথা কোৱা হৈছিল সেই নীতিত সহমত প্রকাশ কৰে৷ ২০১৮ চনৰ সেই বিবৃতিত যে বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বিশ্বজোৰা সহযোগিতা গঢ়ি তোলাটো এতিয়া আৰু অধিক আৱশ্যক হৈ পৰিছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সার্বভৌমত্ব আৰু এক ৰাষ্ট্রৰ ভৌগোলিক অখণ্ডতাৰ পৰিপ্রেক্ষিতত আইনৰ শাসনভিত্তিক এক শান্তিপূর্ণ, সুস্থিৰ আৰু সমৃদ্ধিশালী বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি ব্যক্ত কৰাৰ কথা উল্লেখ কৰে৷ তেওঁলোকে কয় যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি যিকোনো সমস্যাৰ শান্তিপূর্ণ সমাধানসূত্র বিচাৰি পোৱাটো সম্ভৱ। এই প্রসংগত লগতে কয় যে হুমকি বা বল প্রয়োগ অথবা একপক্ষীয়ভাবে সু্স্থিৰতা পৰিৱর্তন কৰাৰ যিকোনো প্রচেষ্টা ত্যাগ কৰিব লাগিব৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বলপূৰ্বক ব্যৱস্থাৰ পৰিৱৰ্তে এক উদাৰ আৰু উন্মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে নিজৰ অভিন্ন দৃষ্টিভংগীৰ কথা পুনৰ দোঁহাৰে৷ তেওঁলোকে এই দিশতো সহমত প্রকাশ কৰে যে বর্তমান বিশ্ব পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শক্তিশালী দ্বিপাক্ষিক বিনিয়োগ আৰু পাৰস্পৰিক বাণিজ্যৰ মাধ্যমেৰে দুয়োখন দেশৰ অর্থ ব্যৱস্থা শক্তিশালী হৈ উঠিব পাৰে। অভিন্ন এই মূল্যবোধসমূহ বাস্তবায়িত কৰিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্রকাশ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিবলৈ নিজৰ প্রতিশ্রুতি ব্যক্ত কৰে৷

 

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অন্তৰ্ভূক্তিমূলক তথা নিয়মভিত্তিক অবাধ আৰু মুক্ত সহযোগিতা

২৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিৰাপত্তা আৰু প্রতিৰক্ষা সহযোগিতা ক্ষেত্রত যি লক্ষ্যণীয় অগ্রগতি হৈছে, সেই সন্দৰ্ভত সন্তোষ প্রকাশ কৰি এই সম্পর্কক আৰু অধিক সুদৃঢ় কৰাৰ ওপৰত জোৰ দিয়ে। দুয়োখন দেশৰ বৈদেশিক আৰু প্রতিৰক্ষা মন্ত্রীসকলৰ মাজত নতুন দিল্লীত ২০১৯ চনৰ নৱেম্বৰ মাহত প্রথম ২+২ বৈঠক আয়োজন কৰাটো তেওঁলোকে আদৰণি জনায়। জাপানৰ আত্মৰক্ষা বাহিনী আৰু ভাৰতীয় সশস্ত্র বাহিনীৰ মাজত পাৰস্পৰিক যোগান আৰু সেৱাৰ ক্ষেত্রত স্বাক্ষৰিত চুক্তিকো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। জাপানৰ এয়াৰ চেল্ফ ডিফেন্স ফোৰ্চ আৰু ভাৰতীয় বায়ু সেনা বাহিনীৰ মাজত প্রাৰম্ভিক যুদ্ধ অনুশীলনৰ বাবে পাৰস্পৰিক সমন্বয়ক আগুৱাই নিয়াৰ বাবে যি সিদ্ধান্ত লোৱা হৈছে, সেই ক্ষেত্ৰতো তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷ মানৱবিহীন যানবাহন আৰু ৰ’বটিক্সৰ ক্ষেত্রত সহযোগিতাৰ কথা স্বীকাৰ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্রতিৰক্ষা সা-সঁজুলি আৰু প্রতিৰক্ষা ক্ষেত্রত ভৱিষ্যতৰ সহযোগিতাক আৰু অধিক সুদৃঢ় কৰিবলৈ সংশ্লিষ্ট বিভাগৰ মন্ত্রীসকলক নির্দেশ দিছে৷

 

৩৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ প্রসাৰত নিজৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই অঞ্চলৰ সম মনোভাবাপন্ন দেশসমূহৰ মাজত দ্বিপাক্ষিক আৰু বহুপাক্ষিক অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু মার্কিন যুক্তৰাষ্ট্রৰ মাজত চতুর্দেশীয় কোৱাড গঢ়ি তোলাৰ কথা উল্লেখ কৰে৷

 

৪৷ প্রধানমন্ত্রী মোদীয়ে ২০১৯ চনত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে যি প্ৰচেষ্টাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী কিশিদাই সেই ঘোষণাৰ আদৰণি জনায়। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এক অবাধ আৰু মুক্ত ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে ক্রমৱর্ধমান সহযোগিতাৰ কথা স্বীকাৰ কৰে৷

৫৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত দুয়োখন অগ্রণী শক্তিধৰ দেশ হিচাপে ভাৰত আৰু জাপানৰ সামুদ্রিক সুৰক্ষা আৰু নিৰাপত্তা, অবাধ নৌ-বাণিজ্য আৰু আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি কূটনৈতিক প্রক্রিয়াৰ জৰিয়তে সমস্যাৰ শান্তিপূর্ণ সমাধানসূত্র বাহিৰ কৰাৰ সন্দৰ্ভত পাৰস্পৰিক স্বার্থ আছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আত্মসংযম আৰু সামৰিক ব্যৱস্থা বহির্ভূত বিষয়ে গুৰুত্বৰ কথা জোৰ দিয়ে৷ দক্ষিণ চীন সাগৰত বিভিন্ন পক্ষক লৈ যি ঘোষণা হৈছে, তাৰ সম্পূর্ণ আৰু কার্যকৰী ৰূপায়ন বাস্তবায়িত কৰাৰ আহ্বান জনায়।

৬৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নীতি-নিয়ম ভংগ কৰি উত্তৰ কোৰিয়াই বেলেষ্টিক ক্ষেপণাস্ত্র উৎক্ষেপণৰ নিন্দা কৰে৷ উত্তৰ কোৰিয়াৰ পৰমাণু নিৰস্ত্রীকৰণত যাৱতীয় প্রয়াস গ্রহণত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা জনায়। উত্তৰ কোৰিয়াক আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম সম্পূর্ণভাৱে মানি চলাৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়।

৭৷ আফগানিস্তানত শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ সমন্বয় বজাই ৰাখি কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে৷ তেওঁলোকে আফগানিস্তানত মানৱীয় সংকট দূৰ কৰা, মানৱাধিকাৰ প্রতিষ্ঠা আৰু প্রকৃতাৰ্থত প্রতিনিধিত্বমূলক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰ জোৰ দিয়ে। আফগানিস্তানৰ ভূখণ্ড যাতে যিকোনো ধৰণৰ সন্ত্রাসমূলক কাম-কাজত ব্যৱহৃত নহয় আৰু সন্ত্রাসমূলক কাম-কাজত বিত্ত সাহাৰ্য বন্ধ কৰা যায়, সেই সন্দৰ্ভতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷

৮৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ক্রমৱর্ধমান সন্ত্রাসবাদৰ বিপদত উদ্বেগ প্রকাশ কৰি এই ভীতিৰ মোকাবিলা কৰাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাকে আৰু অধিক নিবিড় কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷ তেওঁলোকে সকলো দেশক উগ্ৰবাদীৰ নিৰাপদ আশ্রয় আৰু এই সম্পৰ্কীয় যাৱতীয় আন্তঃগাঁথনি চিৰদিনলৈ নির্মূল কৰাৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ আহ্বান জনায়। মুম্বাইত ২৬/১১ সন্ত্রাসবাদী আক্ৰমণ আৰু পাঠানকোটত সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি ভাৰতত সকলো ধৰণৰ সন্ত্রাসবাদী আক্রমণৰ ঘটনাৰ তেওঁলোকে নিন্দা কৰে৷ সন্ত্ৰাসবাদীৰ নেটৱর্ক ভাঙি পেলোৱা আৰু সেই দেশৰ ভূখণ্ডক সন্ত্রাসবাদী কাম-কাজত ব্যৱহাৰ কৰিবলৈ নিদিয়াৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক দৃঢ় আৰু অপৰিৱর্তনীয় পদক্ষেপ গ্রহণৰ আহ্বান জনায়। বহুপাক্ষিক মঞ্চত সন্ত্রাস দমনৰ প্রচেষ্টাক আৰু অধিক জোৰদাৰ কৰাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে।

৯৷ ম্যানমাৰৰ পৰিস্থিতিক লৈও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে উদ্বেগ প্রকাশ কৰে৷ দেশখনত হিংসা দমনৰ নামত যিসকলক আটক কৰি ৰখা হৈছে, তেওঁলোকক মুক্ত কৰিবলৈ আৰু গণতান্ত্রিক ব্যৱস্থাৰ পথত ঘূৰি অহাৰ আহ্বান জনায়। ম্যানমাৰৰ সমস্যাৰ সমাধানত আছিয়ান দেশসমূহৰ প্রয়াসত সকলো ধৰণৰ সহায়ৰ বাবেও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতিৰ কথা প্রকাশ কৰে৷

১০৷ ইউক্রেইনত চলিত সংঘাত আৰু মানৱীয় সংকটক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে৷ ৰাষ্ট্রসংঘৰ চনদ, আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এক সম সাময়িক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত জোৰ দি দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্রত সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্রতি সন্মান জনোৱাৰ কথা উল্লেখ কৰে৷ ইউক্ৰেইনত পাৰমাণৱিক কেন্দ্রসমূহৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্রয়োজনীয়তাৰ ওপৰতো তেওঁলোকে জোৰ দিয়ে। ইউক্ৰেইনত মানৱীয় সংকটৰ সমাধানত উপযুক্ত প্রচেষ্টা গ্রহণৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷

 

১১৷ ২০২১ চনৰ আগষ্ট মাহত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত সভাপতি পদত সফলভাৱে দায়িত্ব পালনৰ বাবে প্রধানমন্ত্রী কিশিদাই ভাৰতক অভিনন্দন জনায়। প্রধানমন্ত্রী মোদীয়ে ২০২৩-২৪বৰ্ষত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য পদৰ বাবে জাপানৰ প্রতি ভাৰতৰ সমর্থনৰ কথা পুনৰ দোঁহাৰে। এই প্রসংগত প্রধানমন্ত্রী কিশিদায়ে ভাৰতৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত সভাপতি হিচাপে দায়িত্ব পালনৰ সময় ভাৰত আৰু জাপানৰ বিভিন্ন বিষয়ত একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷ ৰাষ্ট্রসংঘ নিৰাপত্তা পৰিষদৰ সংস্কাৰত একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে৷

 

১২৷ আনৱিক সন্ত্রাস আৰু পাৰমাণৱিক ক্ষেত্রৰ প্ৰসাৰজনিত প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক আৰু অধিক শক্তিশালী কৰি পাৰমাণৱিক অস্ত্র-শস্ত্র চিৰদিনৰ বাবে নির্মূল কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ মিলিত প্ৰতিশ্ৰুতিৰ কথা দৃঢ়তাৰে  কয়৷ পাৰমাণৱিক সৰবৰাহ গোষ্ঠীত ভাৰতৰ সদস্য পদৰ বাবে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে একেলগে কাম চলাই যাবলৈ সংকল্পবদ্ধ হৈছে৷

ক’ভিডোত্তৰ বিশ্বত বহনক্ষম বিকাশৰ বাবে সহযোগিতা

 

১৩৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ক’ভিড-১৯ মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্রচেষ্টাত ভাৰত আৰু জাপানে ইয়াৰ কর্তব্য পালন কৰিব, যাতে মানুহৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰক্ষা হয়৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰে সাধাৰণ লোকৰ বাবে নিৰাপদ টিকা প্ৰদান কৰিবলৈ কোৱাড ভেকচিন অংশীদাৰিত্বত যি অগ্রগতি হৈছে তাতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ ক’ভিড-১৯ৰ মোকাবিলা আৰু সামাজিক সুৰক্ষা প্রদানত ভাৰত চৰকাৰৰ প্রচেষ্টাত জাপানে যি সহযোগিতা কৰিছে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে৷ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত ভাৰতৰ প্রচেষ্টাৰ প্রশংসা কৰে প্রধানমন্ত্রী কিশিদাই। ভেকচিন মৈত্রী উদ্যোগৰ জৰিয়তে নিৰাপদ টিকা আৰু চিকিৎসা সামগ্রী যোগানত ভাৰতৰ প্রচেষ্টাৰ প্রশংসা কৰে জাপানৰ প্রধানমন্ত্রীগৰাকীয়ে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বনহক্ষম উন্নয়নৰ লক্ষ্য পূৰণ সম্পৰ্কীয় স্বাস্থ্য খণ্ডত ধার্য কৰা লক্ষ্য অর্জনত নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷

১৪৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কপ-২৬ বৈঠকৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত জলবায়ু পৰিৱর্তনৰ মোকাবিলাৰ প্রয়োজনীয়তাৰ কথা স্বীকাৰ কৰে৷ ভাৰত-জাপান প্ৰদূষণমুক্ত শক্তি অংশীদাৰিত্বৰ শুভাৰম্ভণিকো তেওঁলোকে আদৰণি জনায়। পেৰিচ চুক্তিৰ ৬ নম্বৰ ধাৰাৰ ৰূপায়নৰ বাবে ভাৰত আৰু জাপানৰ মাজত এক যৌথ বিত্ত সহায়কাৰী ব্যৱস্থা গঢ়ি তোলাৰ সন্দৰ্ভত আলোচনা আগুৱাই লৈ যাবলৈও তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ বুলি জনায়। ভাৰতত স্মার্ট চিটী মিচনৰ অধীনত বাৰাণসী, আহমেদাবাদ আৰু চেন্নাইত চলি থকা সহযোগিতাৰ বাবে প্রধানমন্ত্রী মোদীয়ে জাপানৰ প্রধানমন্ত্রীৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷ প্রধানমন্ত্রী কিশিদাই আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ প্রতিৰোধী আন্তঃগাঁথনি গঢ়ি তুলিবলৈ জোট গঠনৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ প্রশংসা কৰে৷

১৫৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বিশ্ব বাণিজ্য সংস্থাৰ সৈতে আইনৰ শাসনভিত্তিক বহুপাক্ষিক লেনদেন ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰিবলৈ নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে৷ এই সম্পর্কে বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্রী পর্যায়ৰ দ্বাদশ সন্মিলনৰ পৰা যাতে ফলপ্ৰসূ ফল পায় তাৰ বাবে একেলগে কাম কৰাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে৷

১৬৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতাৰে উল্লেখ কৰে যে বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্ব আৰম্ভণিৰে পৰা আর্থিক সহযোগিতাৰ ক্ষেত্রত উল্লেখযোগ্য অগ্রগতি হৈছে। দুয়োখন দেশৰ নিবিড় অর্থনৈতিক সম্পর্ক আৰু ভাৰতত ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত যি অনুকূল পৰিৱেশ সৃষ্টি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত অহা পাঁচ বছৰত জাপান চৰকাৰ আৰু তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ পৰা ৫ ট্রিলিয়ন জাপানী ইয়েন বিনিয়োগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। ভাৰতৰ সৈতে অর্থনৈতিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে জাপানে যিবোৰ প্রচেষ্টা গ্রহণ কৰিছে প্রধানমন্ত্রী মোদীয়ে তাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে৷ দুয়োখন দেশৰ মাজত ৭৫ বিলিয়ন মার্কিন ডলাৰ মূল্যৰ মুদ্রা বিনিময়ৰ যি চুক্তি নৱীকৰণ কৰা হৈছে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁক আদৰণিত জনায়।

১৭৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এইকথা স্বীকাৰ কৰে যে ক’ভিডোত্তৰ বিশ্বত ডিজিটেল প্রযুক্তিৰ ভূমিকা ক্রমান্বয়ে গুৰুত্বপূর্ণ হৈ পৰিছে৷ এনে পৰিপ্ৰেক্ষিতত জাপান-ভাৰত ডিজিটেল অংশীদাৰিত্বৰ অধীনত ক্রমৱর্ধমান সহযোগিতাক দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আদৰণি জনায়। জাপানৰ তথ্য আৰু যোগাযোগ প্রযুক্তি খণ্ডত আৰু অধিক দক্ষ ভাৰতীয় বৃত্তিধাৰকসকল আকৃষ্ট হ’ব বুলি প্রধানমন্ত্রী কিশিদাই বিশ্বাস কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে চাইবাৰ নিৰাপত্তা তথা তথ্য আৰু যোগাযোগ প্রযুক্তি খণ্ডত চুক্তি স্বাক্ষৰক আদৰণি জনায় আৰু চাইবাৰ নিৰাপত্তা ক্ষেত্রত দ্বিপাক্ষিক অংশীদাৰিত্বত যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰত সন্তোষ প্রকাশ কৰে৷

১৮৷ ভাৰতৰ আর্থসামাজিক উন্নয়নত বিগত বছৰসমূহত জাপানৰ সহায়ৰ বাবে প্রধানমন্ত্রীয়ে কৃতজ্ঞতা প্রকাশ কৰে৷ মুম্বাই-আহমেদাবাদ হাইস্পীড ৰে’ল প্রকল্পত দ্বিপাক্ষিক সহযোগিতাত অগ্রগতিতো প্রধানমন্ত্রী মোদীয়ে সন্তোষ প্রকাশ কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সহমত প্রকাশ কৰে যে এই ৰে’ল প্রকল্পই ভাৰত-জাপান সহযোগিতাৰ এক গুৰুত্বপূর্ণ প্রতীক আৰু প্রযুক্তি হস্তান্তৰৰ এক দৃষ্টান্ত হৈ পৰিব৷

১৯৷ ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰত আৰু জাপানৰ মাজত একাধিক সহযোগিতামূলক প্রকল্পৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷ বাংলাদেশত চলি থকা প্রকল্পসমূহৰ যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ আচিয়ান অঞ্চলত এই ধৰণৰ সহযোগিতা সম্প্রসাৰণৰ সম্ভাৱনা বিচাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে দৃঢ় বিশ্বাস কৰে৷ উত্তৰ পূব ভাৰতত দীর্ঘ ম্যাদী উন্নয়নৰ বাবে ভাৰত আৰু জাপানৰ মাজত যি প্ৰচেষ্টা শুভাৰম্ভ হৈছে, সেই ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷

২০৷ মানুহৰ সৈতে মানুহৰ যোগাযোগ, পর্যটন আৰু খেলাধূলাৰ জৰিয়তে ২০২২ চনত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বার্ষিকী, ভাৰত-জাপান বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বক আৰু অধিক দৃঢ় আৰু পৰিপূৰক কৰি তোলাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ ভাৰত-জাপান বন্ধুত্বৰ নিদর্শন হিচাপে বাৰাণসীত ৰুদ্রাক্ষ কনভেনচন চেণ্টাৰ আৰম্ভ কৰাৰ বিষয়টোক তেওঁলোকে আদৰণি জনায়। ভাৰতে জাপানী ভাষাৰ শিক্ষা আৰু প্রশিক্ষণ ক্ষেত্রত যি অগ্রগতি হৈছে, সেই ক্ষেত্ৰতো তেওঁলোকে সন্তোষ প্রকাশ কৰে৷ জাপান অ’ভাৰচিচ কো-অপাৰেচন ভলেণ্টিয়াৰ্চ কর্মসূচীৰ জৰিয়তে ভাষা শিক্ষা আৰু প্রশিক্ষণৰ এই প্ৰচেষ্টাক আৰু অধিক সম্প্রসাৰিত কৰা হ’ব৷

২১৷ দক্ষতা উন্নয়নৰ সমান্তৰালভাৱে কর্মসংস্থাপনৰ সুযোগ গঢ়ি তোলাৰ দৰে বিষয়ত সহযোগিতাক আৰু অধিক নিবিড় কৰাৰ প্রয়োজনীয়তাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷ ভাৰতত ২০২১ চনৰ জানুৱাৰী মাহত সুনির্দিষ্ট ক্ষেত্রৰ বাবে দক্ষ শ্রমিক বাহিনী গঢ়ি তুলিবলৈ যি চুক্তি স্বাক্ষৰিত হয়, সেয়া কার্যকৰী হোৱাত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্রকাশ কৰে৷ টেকনিকেল ইণ্টাৰ্ণ ট্রেইনী হিচাপে প্রায় ২০০জন ভাৰতীয় জাপানত পঢ়াশুনা কৰিছে বুলি অৱগত কৰে৷ বর্তমান ব্যৱস্থাৰ মাধ্যমেৰে জাপানৰ অর্থনীতিতে আৰু অধিক সুদক্ষ ভাৰতীয়ই যাতে গুৰুত্বপূর্ণ অৱদান আগবঢ়াব পাৰে তাৰ বাবে একেলগে কাম কৰিবলৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্ৰকাশ কৰে৷

 

২২৷ ২০২০চনৰ টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক গেমছ সফলতাৰে আয়োজন কৰাৰ বাবে প্রধানমন্ত্রীয়ে কিশিদাক অভিনন্দন জনায় প্রধানমন্ত্রী মোদীয়ে। ২০২৫ চনত অ’ছাকা প্রদর্শনীত ভাৰতে অংশগ্রহণ কৰিব বুলিও প্রধানমন্ত্রী সদৰি কৰে। ভাৰতৰ অংশগ্রহণৰ এই আগ্রহক প্রধানমন্ত্রী কিশিদাই আদৰণি জনোৱাৰ লগতে প্রধানমন্ত্রী মোদীৰ সমর্থনৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে৷

 

২৩৷  নেতৃবৃন্দৰ পাৰস্পৰিক ভ্ৰমণ আৰু আলোচনাৰ জৰিয়তে সাফল্যৰ ভেঁটি গঢ় লয় বুলিও দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সহমত প্রকাশ কৰে৷ অনাগত বছৰসমূহতো নেতৃবৃন্দৰ পাৰস্পৰিক ভ্ৰমণ অব্যাহত থকাৰ ক্ষেত্ৰতো দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আশাপ্রকাশ কৰে৷  প্রধানমন্ত্রী কিশিদাই তেওঁৰ লগতে তেওঁৰ প্রতিনিধি দলৰ সদস্যসকলৰ এই ভ্ৰমণৰ সময়ত জনোৱা উষ্ণ অভ্যর্থনা আৰু আতিথ্যৰ বাবে প্রধানমন্ত্রী মোদীক ধন্যবাদ জনায়। প্রধানমন্ত্রী কিশিদাই কোৱাড নেতৃবৃন্দৰ বৈঠকত অংশগ্রহণ কৰিবলৈ জাপান ভ্ৰমণৰ বাবে প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনায়৷ প্রধানমন্ত্রী মোদীয়ে প্রধানমন্ত্রী কিশিদাৰ আমন্ত্রণ সাদৰেৰে গ্রহণ কৰে৷

ভাৰতৰ প্রধানমন্ত্রী

 

জাপানৰ প্রধানমন্ত্রী৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Electronics Exports Cross Rs 4 Lakh Crore, Begins PCB Exports To China: Vaishnaw

Media Coverage

India’s Electronics Exports Cross Rs 4 Lakh Crore, Begins PCB Exports To China: Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”