ভাৰত আৰু ফ্ৰান্স হৈছে কৌশলগত ভাৱে অৱস্থিত শক্তিধৰ বাসিন্দা আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব থকা মুখ্য সহযোগী। ভাৰত মহাসাগৰত ভাৰত-ফৰাচী অংশীদাৰিত্ব আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰবিন্দু হৈ উঠিছে। ২০১৮ চনত ভাৰত আৰু ফ্ৰান্সে 'ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰত-ফ্ৰান্স সহযোগিতাৰ যুটীয়া কৌশলগত দৃষ্টিভংগী' সন্দৰ্ভত সহমত প্ৰকাশ কৰিছিল। আমি এতিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ আমাৰ যৌথ প্ৰচেষ্টা সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছো।

আমাৰ দুয়োখন দেশে এক স্বাধীন, মুক্ত, সামগ্ৰিক, সুৰক্ষিত আৰু শান্তিপূৰ্ণ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক বিশ্বাস কৰে। আমাৰ সহযোগিতাই আমাৰ নিজৰ অৰ্থনৈতিক আৰু নিৰাপত্তাৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচাৰে; ‘গ্লোবেল কমন্স’ত সমান আৰু মুক্ত প্ৰৱেশাধিকাৰ নিশ্চিত কৰা; অঞ্চলটোত সমৃদ্ধি আৰু স্থিৰতাৰ অংশীদাৰিত্ব গঢ়ি তোলা; আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসন অব্যাহত ৰখা; আৰু, অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰৰ আনসকলৰ সৈতে কাম কৰি, সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি সন্মান ৰাখি অঞ্চলটোত এক সন্তুলিত আৰু স্থিৰ শৃংখলা গঢ়ি তুলিব।

প্ৰধানমন্ত্ৰী মোদীৰ ‘সাগৰ’ (ছিকিউৰিটী এণ্ড গ্ৰ’থ ফৰ অল ইন দা ৰিজন) আৰু ফ্ৰান্সৰ ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতি’ত উল্লেখ কৰা নিৰাপত্তা আৰু সহযোগিতা সন্দৰ্ভত ৰাষ্ট্ৰপতি মেক্ৰ'নৰ দৃষ্টিভংগী যথেষ্ট সংযোজিত। আমাৰ সহযোগিতাই ব্যাপক আৰু প্ৰতিৰক্ষা, নিৰাপত্তা, অৰ্থনৈতিক, সংযোগ, আন্তঃগাঁথনি, স্থিৰতা আৰু মানৱ কেন্দ্ৰিক উন্নয়নক সামৰি লয়।
.
আমাৰ দ্বিপাক্ষিক সহযোগিতাই আমাৰ পাৰস্পৰিক নিৰাপত্তাক আগুৱাই নিছে আৰু ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত শান্তি আৰু স্থিৰতাক সমৰ্থন কৰে। আমাৰ সহযোগিতা সাগৰৰ তলৰ পৰা মহাকাশলৈকে বিস্তৃত। আমি ‘দক্ষিণ পশ্চিম ভাৰত মহাসাগৰ অঞ্চল’ত অঞ্চলটোৰ অংশীদাৰ দেশসমূহৰ সৈতে যোগাযোগকে ধৰি বিভিন্ন পদক্ষেপৰ জৰিয়তে আমাৰ আদান-প্ৰদান গভীৰ কৰি যাম, পৰিস্থিতিগত আৰু ক্ষেত্ৰ সজাগতাৰ ক্ষেত্ৰত সহযোগিতা কৰিম, সমগ্ৰ অঞ্চলটোত সামুদ্ৰিক সহযোগিতা তীব্ৰ কৰি তুলিম। আমি সামৰিক বাহিনীৰ নৌ ভ্ৰমণ বৃদ্ধি কৰিম আৰু ভাৰতত প্ৰতিৰক্ষা ঔদ্যোগিক সামৰ্থ্য বিকাশ কৰিম আৰু যুটীয়াভাৱে আন দেশৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰিম। আমি ফ্ৰান্সৰ সমুদ্ৰ পাৰৰ বৈদেশিক অঞ্চল ‘লা ৰিইউনিয়ন’, ‘নিউ কেলেডোনিয়া’ আৰু ‘ফৰাচী পলিনেছিয়া’কে ধৰি অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰৰ আন দেশসমূহৰ সৈতে সমন্বয় সাধন কৰি আমাৰ ব্যাপক সহযোগিতাৰ বিকাশ অব্যাহত ৰাখিম।

আমি আফ্ৰিকা, ভাৰত মহাসাগৰীয় অঞ্চল, দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলকে ধৰি অঞ্চলটোৰ দেশসমূহলৈ উন্নয়নমূলক সহযোগিতা আগবঢ়োৱাৰ বাবে একেলগে কাম কৰি যাম। আমি অষ্ট্ৰেলিয়া আৰু ‘ইউএই’-ৰ সৈতে আমাৰ প্ৰশংসনীয় ব্যৱস্থা শক্তিশালী কৰিম আৰু অঞ্চলটোত নতুন ব্যৱস্থা গঢ়ি তুলিম। আমি ‘ভাৰত মহাসাগৰ ৰিম এছ'চিয়েশ্যন’, ‘ভাৰত মহাসাগৰ নৌ আলোচনাচক্ৰ’, ‘ভাৰত মহাসাগৰ আয়োগ’, ‘জিবুতি আচৰণ বিধি’, ‘এডিএমএম+’ আৰু ‘এআৰএফ’ৰ দৰে আঞ্চলিক মঞ্চত আমাৰ সহযোগিতা শক্তিশালী কৰিম।

আমি ভাৰতত ‘আইএফচি-আইঅ'আৰ’, ‘ইউএই’-ত ‘ইএমএএছঅএইচ’ আৰু আটলাণ্টা, চেচেলছৰ ‘আৰচিঅ’চি’, মাদাগাস্কাৰত ‘আৰএমআইএফচি’ আৰু ছিংগাপুৰত ‘আৰচিএএপি’-ৰ জৰিয়তে সামুদ্ৰিক সুৰক্ষা সমন্বয় শক্তিশালী কৰিম। ফ্ৰান্সে ভাৰতৰ ‘সংযুক্ত সামুদ্ৰিক বাহিনী’ (চিএমএফ)ত যোগদান কৰাৰ ইচ্ছাকো সমৰ্থন কৰে।

আমি ভাৰত প্ৰশান্ত মহাসাগৰ সন্দৰ্ভত গ্ৰহণ কৰা উদ্যোগৰ উদ্দেশ্যসমূহ আগবঢ়াই নিয়াৰ বাবে একেলগে কাম কৰিম যাৰ উদ্দেশ্য হৈছে ইয়াৰ সাতটা স্তম্ভৰ অধীনত সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে অঞ্চলটোত উমৈহতীয়া প্ৰত্যাহ্বানৰ মোকাবিলা কৰা। সামুদ্ৰিক সম্পদ স্তম্ভ সন্দৰ্ভত ফ্ৰান্সৰ নেতৃত্বত আমি দুয়োপক্ষৰ বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু গোলকীয় পদক্ষেপৰ সৈতে সমন্বয় স্থাপনৰে ব্যৱহাৰিক প্ৰকল্প ৰূপায়ণৰ বাবে একেলগে কাম কৰিম, সামুদ্ৰিক সম্পদৰ বহনক্ষম বিকাশ আৰু ‘আইইউইউ ফিছিং’-ৰ দৰে কাৰ্যকলাপৰ বাবে এক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ বাবে কাম কৰিম।

ভাৰত আৰু ফ্ৰান্সে ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা’ আৰম্ভ কৰিছিল আৰু অঞ্চলটোত ‘নৱীকৰণযোগ্য শক্তি’ ব্যৱহাৰৰ প্ৰতিবদ্ধতা প্ৰকাশ কৰিছিল। তেওঁলোকে লগতে প্ৰস্তাৱ দিছে যে অঞ্চলটোৰ ষ্টাৰ্ট-আপসমূহ ‘ছলাৰ এক্স চেলেঞ্জ’ প্ৰকল্পৰ পৰা লাভান্বিত হ'ব।

ভাৰত আৰু ফ্ৰান্সে ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যান অংশীদাৰিত্ব কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া’ অব্যাহত ৰখাৰ লগতে ‘প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ’সমূহৰ প্ৰতি বিশেষ ভাৱে লক্ষ্য ৰাখি ৰূপায়িত এক ‘মেংগ্ৰোভ সংৰক্ষণ প্ৰয়াস’লৈ সহায় আগবঢ়াই আহিছে।
দুয়োপক্ষই ‘ভাৰত-ফ্ৰান্স ভাৰত-প্ৰশান্ত মহাসাগৰীয় ত্ৰিভুজাকাৰ উন্নয়ন সহযোগিতা পুঁজি’ চূড়ান্ত কৰাৰ ক্ষেত্ৰত কাম কৰিব। ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি’ৰ বাবে মিত্ৰজোঁটত আমাৰ অংশীদাৰিত্বৰে অঞ্চলটোৰ লোকসকলৰ বাবে, বিশেষকৈ সৰু দ্বীপ ৰাষ্ট্ৰসমূহত এক অধিক স্থিতিস্থাপক আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত সহায় কৰিব। তদুপৰি, ফ্ৰান্সে ভাৰতক ‘কেআইডব্লিউএ’ উদ্যোগত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে, এই উদ্যোগ হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি স্থিতিস্থাপকতা শক্তিশালী কৰা আৰু সুনিৰ্দিষ্ট প্ৰকল্পসমূহৰ বাবে সৰলীকৃত বিত্তীয় সহযোগিতাৰ জৰিয়তে প্ৰশান্ত মহাসাগৰত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে প্ৰস্তুত কৰা এক ‘বহু-দাতা কাৰ্যসূচী’।

ভাৰত আৰু ফ্ৰান্সে ‘ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ বাবে গৱেষণা আৰু শিক্ষাৰ এক আঞ্চলিক কেন্দ্ৰৰ ৰূপত গঢ়ি তোলাৰ লক্ষ্যৰে ‘ভাৰত-ফৰাচী স্বাস্থ্য চৌহদ’ স্থাপনৰ বাবে কাম কৰিব। ‘ভাৰত মহাসাগৰীয় অঞ্চল’ৰ অভিজ্ঞতাৰ ভিত্তিত আমি ‘প্ৰশান্ত মহাসাগৰীয় দ্বীপ’সমূহৰ নাগৰিকসকলৰ বাবে চৌহদ মুকলি কৰাৰ কথা বিবেচনা কৰিব পাৰোঁ।

আমি বিশ্বাস কৰোঁ যে ভাৰত-ফ্ৰান্স অংশীদাৰিত্ব ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ত আন্তঃসংযোগ আৰু ছেদকাৰী ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হ'ব আৰু ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল’ৰ বাবে এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে অপৰিহাৰ্য হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India drives iPhone production: Apple exceeds iPhone production target under PLI scheme by 80%

Media Coverage

India drives iPhone production: Apple exceeds iPhone production target under PLI scheme by 80%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on Navratri’s journey of unwavering faith
March 21, 2026

Prime Minister Shri Narendra Modi shared his reflections today on the spiritual significance of the holy festival of Navratri, highlighting the transformative power of faith in the Mother Goddess.Shri Modi shared a devotional hymn dedicated to the Goddess on this occasion.

The Prime Minister wrote on X:

"जगतजननी माता पर अटूट विश्वास उनके भक्तों में नई चेतना और स्फूर्ति का संचार करने वाला है।"