ইউৰোপীয় পৰিষদৰ সভাপতি শ্ৰী চাৰ্লছ মিশেলৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ মে’, ২০২১ তাৰিখে ইউৰোপীয় পৰিষদৰ বৈঠকত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। পৰ্তুগালৰ প্ৰধানমন্ত্ৰী শ্ৰী এন্ট’নিঅ’ কোষ্টাই ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতৃবৃন্দৰ বৈঠকখনৰ আয়োজন কৰিছে। পৰ্তুগালে বৰ্তমান ইউৰোপীয় ইউনিয়নৰ পৰিষদৰ সভাপতিত্ব কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ইউৰোপীয় ইউনিয়নৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান নতুবা চৰকাৰৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰিব। ইউৰোপীয় ইউনিয়ন+২৭ ইয়াৰ পূৰ্বে মাত্ৰ এবাৰহে বৈঠকত মিলিত হৈছিল-এই বছৰৰ মাৰ্চ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বৈঠক অনুষ্ঠিত হয়। কোভিড-১৯ মহামাৰী আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা, বহনক্ষম আৰু সামগ্ৰিক বিকাশ নিশ্চিত কৰা, ভাৰত-ইউৰোপীয় ইউনিয়নৰ অৰ্থনৈতিক অংশীদাৰীত্ব শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থ সংশ্লিষ্ট আঞ্চলিক আৰু আন্তঃৰ্জাতিক বিভিন্ন বিষয়সমূহৰ ওপৰত নেতাসকলে মত বিনিময় কৰিব।

ভাৰত-ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ বৈঠক হৈছে ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহৰ সকলো নেতাৰ সৈতে আলোচনাৰ এক অভূতপূৰ্ব সুযোগ। ই ৰাজনৈতিকভাৱে অতি তাত্পৰ্যপূৰ্ণ। ২০২০ চনৰ জুলাই মাহত পঞ্চদশ ভাৰত-ইউৰোপীয় ইউনিয়ন শীৰ্ষ সন্মিলনৰ পাছত গঢ় লৈ উঠা সম্পৰ্ক এই বৈঠকৰ জৰিয়তে আৰু অধিক মজবুত হৈ পৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships